গেৰুৱা দলত যোগদান সদ্য অৱসৰী আইএএছ বিষয়া দেৱাশীষ শৰ্মা

ডিজিটেল সেৱা, গুৱাহাটী: গুৱাহাটীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আনুষ্ঠানিকভাৱে গেৰুৱা দলটোত যোগদান কৰে দেৱাশীষ শৰ্মাই ৷ মঙ্গলবাৰে ভাৰতীয় জনতা পাৰ্টীত যোগ দিলে সদ্য অৱসৰী আইএএছ বিষয়া দেৱাশীষ শৰ্মাই। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, অসম বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, মন্ত্ৰী পীযুষ হাজৰিকাকে প্ৰমুখ্য কৰি বিজেপিৰ কেবাগৰাকীও জ্যেষ্ঠ নেতাই দেৱাশীষ শৰ্মাৰ লগতে দুজন সাংবাদিক লেনিন সৌৰভ বৰা আৰু গুঞ্জন কলিতাক দললৈ আদৰণি জনায় ৷

উল্লেখ্য যে অহা অক্টোবৰ মাহত অনুষ্ঠিত হ’বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে চৰ্চাত আছে দেৱাশীষ শৰ্মাৰ নাম ৷ শেহতীয়াকৈ নগাঁও জিলাৰ আয়ুক্ত হিচাপে দায়িত্ব পালন কৰি থকা অৱস্থাতে তেওঁ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে ৷ পূৰ্ণকালীন অৱসৰলৈ ছমাহ বাকী থকা অৱস্থাতে এই সিদ্ধান্ত গ্ৰহণ কৰে দেৱাশীষ শৰ্মাই ৷দীৰ্ঘদিন ধৰি দেৱাশীষ শৰ্মাৰ নাম নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী হিচাপে চৰ্চা হৈ আহিছিল ৷ নগাঁও লোকসভা সমষ্টিটো বৰ্তমান একপ্ৰকাৰ সংখ্যালঘু ভোটাৰৰ ভেঁটিত পৰিণত হৈছে ৷

ইফালে সংখ্যালঘু ৰাইজৰ মাজত শৰ্মাৰ জনপ্ৰিয়তা থকাৰ বাবেই বিজেপিয়ে তেওঁক প্ৰক্ষেপ কৰিবলৈ ওলাইছে বুলি সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত চৰ্চা হোৱা দেখা গৈছে ৷যোৱা অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ এৰি বিজেপিত যোগ দিয়াৰ পৰিপ্ৰেক্ষিতত নগাঁও লোকসভা সমষ্টিত উপ-নিৰ্বাচনৰ প্ৰয়োজনীয়তা আহি পৰে ৷দেৱাশীষ শৰ্মাৰ লগতে দুই সাংবাদিকক বিজেপিলৈ স্বাগতম জনাই ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয়, ‘‘ভাৰতীয় জনতা পাৰ্টীৰ বাবে আজিৰ দিনটো প্ৰাপ্তিৰ দিন ৷ দেৱাশীষ শৰ্মাৰ বিষয়ে বহলাই কোৱাৰ প্ৰয়োজন নাই ৷ অসমৰ সামাজিক, সাংস্কৃতিক আৰু প্ৰশাসনিক সকলো ক্ষেত্ৰত তেখেতৰ বিশেষ যোগদান আমি দেখি আহিছো ৷ এতিয়া ৰাজনৈতিক ক্ষেত্ৰলৈ তেওঁ আহিছে ৷”দেৱাশীষ শৰ্মা আমাৰ এজন কাৰ্যকৰ্তা হিচাপে নিশ্চিত হ’ল ৷

আগন্তুক দিনত তেখেতৰ অভিজ্ঞতা আৰু কৰ্মদক্ষতাক গভীৰভাৱে বিশ্লেষণ কৰিম ৷ তেওঁক দলে কি দায়িত্ব প্ৰদান কৰিব, সেয়া দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বই সিদ্ধান্ত গ্ৰহণ কৰিব ৷’’‘২০২৬ চনৰ বিধানসভা নিৰ্বাচনত আমি যি জনাদেশ লাভ কৰিলোঁ, এই জনাদেশৰ দ্বাৰা জনসাধাৰণৰ প্ৰতি আমাৰ দায়িত্ব বাঢ়িছে ৷ মুখ্যমন্ত্ৰীয়ে আমাক সদায় কৈ আহিছে যে আমি সদায় ৰাইজৰ প্ৰতি দায়বদ্ধ হৈ কাম কৰিব লাগে ৷ অসমৰ যি উন্নয়নৰ দূৰন্ত গতি, ইয়াৰ মূল ব্যক্তি হৈছে হিমন্ত বিশ্ব শৰ্মা ৷প্ৰদ্যুৎ বৰদলৈক ধন্যবাদ জনাই তেওঁ কয়, ‘‘প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছক দুবাৰ মাইনাছ কৰিব যেন লাগিছে ৷ এবাৰ কংগ্ৰেছ মাইনাছ হ’ল ৷ এইবাৰ আকৌ কংগ্ৰেছক নগাঁৱৰ পৰা মাইনাছ কৰিব ৷ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগ দিয়াৰ পাছত তেওঁৰ যি বিচক্ষণতা আমি দেখিছোঁ, সেয়া প্ৰশংসনীয় ৷ গতিকে এইবাৰ নগাঁৱৰ পৰা বিজেপিক জিকাই অনাত তেওঁ সহায়-সহযোগিতা আগবঢ়াব বুলি আশা কৰিছো ৷

’’ইফালে বিজেপিত যোগদান কৰি দেৱাশীষ শৰ্মাই কয়, ‘‘আমাৰ কৰ্মৰত জীৱনত যিদৰে কাম কৰি গৈছিলো, ৰাজনৈতিক জীৱনতো ভাৰতবৰ্ষৰ প্ৰতি তথা দলটোৰ প্ৰতি আমাৰ সামৰ্থৰে এজন নিষ্ঠাৱান কাৰ্যকৰ্তা হিচাপে যৎকিঞ্চিত হ’লেও সেৱা আগবঢ়াম ৷’’ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ লিখিছে- ‘‘ৰাইজৰ কাষত থাকি ৰাইজৰ বাবেই সমস্ত সপি সেৱা আগ বঢ়াই আহিছো । প্ৰশাসনিক যাত্ৰা ইমানতে সামৰি জীৱনৰ এক নতুন ইনিংছ আৰম্ভ কৰিবলৈ ওলাইছোঁ । আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলো । মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিকাশৰ নীতি আৰু সবল নেতৃত্বৰ প্ৰতি অনুপ্ৰাণিত হৈ অসমৰ সৰ্বাংগীণ উন্নয়নৰ বাবে সমৰ্পিতভাৱে কাম কৰাৰ সংকল্প লৈছো । প্ৰশাসনিক সেৱাৰ পৰা অৱসৰ ল’লোঁ ঠিকেই, কিন্তু জনসেৱাৰ পথৰ পৰা আঁতৰি নাযাওঁ । ৰাইজৰ বাবে কাম কৰাৰ, আপোনালোকৰ সুখ-দুখৰ সমভাগী হোৱাৰ কোনো শেষ সীমা নাথাকে । চৰকাৰী ফাইলৰ পৰিধি ভাঙি এতিয়া পোনপটীয়াকৈ আপোনালোকৰ আপোন মানুহ হৈ আপোনালোকৰ কাষত থিয় হোৱাৰ বাবেই মই ৰাজনীতিৰ পথাৰখন বাছি ল’লোঁ । অনাগত দিনবোৰত আপোনালোক সকলোৰে আশীৰ্বাদ আৰু সহযোগিতা কামনা কৰিলোঁ ।

’’যোগদান কাৰ্যসূচীৰ পিছতেই সংবাদ মাধ্যমৰ আগত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয়, ‘‘নগাঁও উপ-নিৰ্বাচন আমাৰ বাবে বহুত সহজ নহয়, এই নিৰ্বাচন প্ৰত্যাহ্বানমূলক ৷ তথাপিও আমি যুঁজিম আৰু আমি জিকাৰ কাৰণে আমাৰ যি নিৰ্বাচনী ৰণকৌশল আছে সকলোখিনি লগাম ৷ যিহেতু দিল্লী-দিছপুৰত ডবল ইঞ্জিন চৰকাৰ চলি আছে, গতিকে এই চৰকাৰক শক্তিশালী কৰাৰ স্বাৰ্থত নগাঁও লোকসভা সমষ্টিৰ ৰাইজে এইবাৰ নিশ্চয় ভুল নকৰাকৈ ভোট দিব ৷”তেওঁ লগতে কয়,”নগাঁওখন ভাৰতীয় জনতা পাৰ্টী জিকাৰ কেৱল ৰাজনৈতিক দৃষ্টিকোণেই নহয়, এক সামাজিক, সাংস্কৃতিক আৰু আধ্যাত্মিক দৰ্শনো আছে ৷ গতিকে আমি জিকিব লাগিব ৷ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান যি সমষ্টিত আছে, সেই সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ দৰে এটা সংস্কৃতিবান দলক নিশ্চয় ৰাইজে ভোটদান কৰিব ৷’’

Related Articles