জীৱন শৈলীত সৌন্দৰ্যবোধ: দক্ষিন কোৰিয়াত বিৰল অভিজ্ঞতা

ড° শৰৎ বৰকটকী

আপুনি ধুনীয়া মুখ এখনৰ অধিকাৰী হব বিচাৰে নেকি অথবা বয়সৰ চাপ লুকুৱাব বিচাৰেনেকি ! এনে প্ৰশ্নৰ উত্তৰ বিচাৰিলে ক’ব লাগিব আপুনি দক্ষিন কোৰিয়াৰ উৎপাদিত ছালৰ মলমৰ সন্ধান কৰিব লাগিব। দক্ষিন কোৰিয়ালৈ গৈহে ছালৰ লাবণ্য যে দেশ এখনৰ জাতীয় গৌৰৱৰ প্ৰতীক হব পাৰে সেই কথা বুজি পালোঁ।মানৱ সভ্যতাৰ ইতিহাসত শৰীৰ আৰু মুখৰ ছালৰ যত্ন লোৱা দিশটো গুৰুত্বপূৰ্ণ হৈ আহিছে। পুৰণি সভ্যতাসমূহত বিশেষকৈ মিছৰ, গ্ৰীচ, ভাৰত, চীন আদি দেশত ছালৰ সৌন্দৰ্য চৰ্চা আৰু ভৱিষ্যতৰ ক্ষতিৰ পৰা ৰক্ষা পাবলৈ নানা ধৰণৰ প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰা হৈছিল।প্ৰাচীন ভাৰতত হালধি, বছ, চন্দন, গোলাপজল, মুলতানী মাটিৰে মুখ ধোৱা বা লেপ লোৱা পৰম্পৰা আছিল। ইয়াৰ লগতে আয়ুৰ্বেদ শাস্ত্ৰৰ মাধ্যমেৰে ছালৰ ধৰণ অনুসৰি যত্ন লোৱাৰ পদ্ধতি দিয়া হৈছিল।
মিছৰত মৌ আৰু গাখীৰৰ সৈতে মিহলাই মুখৰ চেহেৰাৰ যত্ন লৈছিল বুলি পোৱা যায়। চীন আৰু জাপানত চাহপাত আৰু পানীৰে মুখ ধোৱা পৰম্পৰা আছিল। মুঠতে মানৱ সভ্যতাৰ আৰম্ভণিৰ পৰাই ছালৰ যত্ন এক সাংস্কৃতিক অভিব্যক্তি বুলি প্ৰমাণ হৈ আহিছে ।আমি যেতিয়া দক্ষিন কোৰিয়াৰ চুৱান মহানগৰীত উপস্থিত হৈছিলোঁ তেতিয়া লক্ষ্য কৰিছিলোঁ যে ডেকাৰ পৰা জ্যেষ্ঠ জনলৈকে সকলোৱে ছালৰ বিশেষ যত্ন লয়। মহানগৰীখনত ছালৰ যত্ন লোৱা বিভিন্ন মলমৰ বিপনী ঠায়ে ঠায়ে দেখিছিলোঁ।ৰেল বা বাছত অহা যোৱা কৰা যুৱক -যুৱতী অথবা জ্যেষ্ঠ জনেও নিৰ্দিষ্ট ঠাইত নমাৰ আগতে এবাৰ হাতত থকা সৰু আইনা এখনত মুখখন চাই লোৱাটো যেন নিত্য নৈমিত্তিক ঘটনা । তেওঁলোকক দেখি মোৰ শৈশৱলৈ মনত পৰিছিল। ঠাণ্ডা দিনত ভৰিৰ শুকান ছালত নখেৰে নিজৰ নাম লিখা দেখি মায়ে পিঠিত বাঘ ঢকা দিছিল।ময়ে কৈছিল শুকান ছালত তেল -টেঙা ঘঁহি চিকুণ কৰি ৰাখিব লাগে। মাৰ বাঘঢকা খায়ো মোৰ ফাপৰে খোৱা হাত ভৰি পথাৰৰ ধান পাত, মেজিৰ খেৰে বখলা বখল কৰিছিল , গেৰুৱা চিৰাল ফটা দিছিল। ৰাতি খজুৱাইছিল।ছালৰ যত্ন লোৱাৰ কথা দেৰিকৈ বুজিছিলো।চয়ে বো-ইউন নামৰ এগৰাকী দক্ষিণ কোৰিয়াৰ ছালৰ জনপ্ৰিয় বিশেষজ্ঞৰ মতে বিগত দশকত দক্ষিণ কোৰিয়াই ছালৰ যত্নৰ ক্ষেত্ৰত বিশ্বজুৰি ভাবিব নোৱাৰা জনপ্রিয়তা লাভ কৰিছে।তেওঁৰ ID Dermatology Clinic নামৰ ছিউলত এখন প্ৰসিদ্ধ ছালৰ ক্লিনিক আছে। “কে- বিউটি” আজি বিশ্বৰ প্ৰায়বোৰ দেশৰ ছালৰ সৌন্দৰ্যৰ প্ৰতি সচেতন ব্যক্তিৰ বাবে জনপ্ৰিয় বেণ্ড। দক্ষিণ কোৰিয়া ছালৰ লাবণ্য অটুট ৰখা উদ্যোগৰ বাবে বিশ্বজুৰি বিখ্যাত, যিটো জাতীয় গৌৰৱৰ প্ৰতীক আৰু সাংস্কৃতিক পৰিচয়ৰ এটা মূল দিশত পৰিণত হৈছে।“কে-বিউটি” শব্দটোৱে দক্ষিণ কোৰিয়াৰ সৌন্দৰ্য্য আৰু ছালৰ যত্ন লোৱা উদ্যোগক বুজায়, যিয়ে নিজৰ উদ্ভাৱনীমূলক সামগ্ৰী, নিখুঁত ছালৰ যত্নৰ দৈনিক ৰুটিন ৰূপে আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। যোৱা দুটা দশকত দক্ষিণ কোৰিয়াই পশ্চিমীয়া সৌন্দৰ্য্যৰ আগ্ৰহী গ্ৰাহকৰ পৰা বিশ্বব্যাপী ফেশ্বনৰ নেতৃত্ব দিয়াৰ লগতে নতুন ধাৰা স্থাপনকাৰী দেশলৈ ৰূপান্তৰিত হৈছে। চৰকাৰ আৰু ব্যক্তিগত খণ্ড দুয়োটাই এই সফলতাৰ আঁৰত আছে।চৰকাৰে গৱেষণা আৰু উন্নয়নত শক্তিশালী বিনিয়োগ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ প্ৰতি সমৰ্থনকৰাৰ ওপৰিও আৰু বিশ্বব্যাপী বিপণনৰ বাবে উদ্যোগ লৈছে। দক্ষিণ কোৰিয়ানৰ বাবে ‘কে-বিউটি’ৰ সফলতা জাতীয় গৌৰৱৰ উৎস। তদুপৰি সৌন্দৰ্য কেৱল ব্যৱসায় বা বাহ্যিকতা নহয়—ই দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় পৰিচয়, সংস্কৃতিৰ প্ৰতীক।দক্ষিন কোৰিয়াত ছালৰ লাবণ্য কেৱল সৌন্দৰ্যৰ বিষয় নহয়, ই আত্মবিশ্বাস, সামাজিক প্ৰতিচ্ছবি আৰু নিজক ভালপোৱাৰ চিন হৈ পৰিছে । সেয়েহে তাত কিশোৰ অৱস্থাৰ পৰাই ছালৰ যত্ন লোৱাৰ অভ্যাস গঢ়ি তোলা হয়।দক্ষিণ কোৰিয়াই ছালৰ যত্নক বৈজ্ঞানিক আৰু দৃষ্টিনন্দন ৰূপত বিকাশ কৰিছে। ইয়াৰ পৰা আমিও শিকিব পাৰো যে, সৌন্দৰ্যৰ মূল কথা হ’ল নিয়মিত যত্ন, ধৈৰ্য আৰু আত্মাৰ প্ৰতি মমতা। শৰীৰ ধুনীয়াকৈ ৰখাটো দক্ষিণ কোৰিয়াত আত্ম-অনুশাসন আৰু সামাজিক শিষ্টাচাৰৰ পৰিচয় । এই ব্যাপক সজাগতাই সকলো বয়সৰ লোকৰ আচৰণক গঢ় দিয়ে, যাৰ ফলত বিশ্বৰ অন্যতম সৌন্দৰ্য্য-সচেতন জনসংখ্যাৰ দেশ বুলি বিশেষ মৰ্য্যদা লাভ কৰিছে।ঐতিহাসিকভাৱে কোৰিয়ান সংস্কৃতিয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সুসজ্জিত চেহেৰাক নৈতিক চৰিত্ৰৰ প্ৰতিফলন হিচাপে গুৰুত্ব আৰোপ কৰি আহিছে। কনফুচিয়াছ আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈ শৰীৰৰ লাবণ্য সন্মান আৰু সামাজিক সম্প্ৰীতিৰ সৈতে জড়িত। ত্ৰুটিহীন, উজ্জ্বল ছালখনক পৰম্পৰাগতভাৱে আভিজাত্য আৰু স্বাস্থ্যৰ সৈতে জড়িত কৰা হৈছে, আনহাতে দাগ বা অসম্পূৰ্ণতাক কেতিয়াবা দুৰ্বল স্বাস্থ্য বা নিম্ন মৰ্যাদাৰ লক্ষণ হিচাপে দেখা যায়। এই মূল্যবোধবোৰ আজিও আছে, যিয়ে এনে এক সাংস্কৃতিক নিয়মত অৰিহণা যোগাইছে য’ত নিজৰ ছালৰ যত্ন লোৱাটো কেৱল বাঞ্ছনীয় নহয়, গুৰুত্ব প্ৰদান কৰা প্ৰয়োজন।
দক্ষিণ কোৰিয়াৰ মনোৰঞ্জন উদ্যোগে—বিশেষকৈ কে-পপ আৰু কে-ড্ৰামাই সৌন্দৰ্য্যৰ আদৰ্শ গঢ় দিয়াত মুখ্য ভূমিকা পালন কৰে। নিখুঁত, উজ্জ্বল ছালৰ জনপ্ৰিয় ব্যক্তি (চেলিব্ৰিটি)সকলে উচ্চ মানদণ্ড এটা নিৰ্ধাৰণ কৰে যিটো বহুতে অনুকৰণ কৰিবলৈ চেষ্টা কৰে। তেওঁলোকে প্ৰায়ে ‘স্কিন কেয়াৰ ব্ৰেণ্ড এম্বেছাদ’ৰ হিচাপে কাম কৰে, জনসাধাৰণৰ মাজত দ্ৰুতভাৱে জনপ্ৰিয় হোৱা ছালৰ মলম বোৰৰ প্ৰচাৰ কৰে। দক্ষিন কোৰিয়া আৰু আমাৰ ভাৰতবৰ্ষৰ মানুহৰ সৌন্দৰ্য্যবোধৰ মাজত থকা পাৰ্থক্যবোৰ মোৰ সহধৰ্মিনী দীপিকাৰ লগত আলোচনা কৰিছিলোঁ।দুয়ো দেশত এটা কথা মিল পোৱা যায় যে,সৌন্দৰ্যবোধ মানুহৰ মনোভাৱ, সংস্কৃতি, ইতিহাস আৰু সমাজিক মূল্যবোধৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু ভাৰত আৰু দক্ষিণ কোৰিয়া—এই দুই দেশৰ সৌন্দৰ্য বোধ, সৌন্দৰ্যৰ সাধনা আৰু ব্যক্তিগত যত্নৰ পদ্ধতিত মাজত যথেষ্ট পাৰ্থক্য আছে।
ভাৰতত সৌন্দৰ্য আন্তৰিকতা আৰু আত্ম-প্ৰকাশৰ লগত জড়িত। প্ৰাকৃতিক ৰঙ, গছ গছনিৰ পৰা ওলোৱ ৰস আদিকে ধৰি নিজস্ব বৈচিত্র্যক সৌন্দৰ্য হিচাপে গ্ৰহণ কৰা হয়। গা-ছালৰ ৰঙৰ প্ৰতি দৃষ্টিভংগী বিভিন্ন আৰু সৌন্দৰ্যৰ মানদণ্ড অঞ্চলভেদে পাৰ্থক্য আছে।দক্ষিণ কোৰিয়াত সৌন্দৰ্য মানে নিখুঁত, চকচকীয়া, নিৰ্দোষ চেহেৰা হব লাগিব। ইয়াক আধুনিক আৰু বৈজ্ঞানিক ধৰণৰ বুলি কব পাৰি। ছাল উজ্জ্বল হোৱাটো সৌন্দৰ্যৰ লক্ষণ ।ভাৰতত সৌন্দৰ্যৰ সৈতে আত্মা, ধৰ্মীয় অনুভৱ, আৰু মানসিক শান্তিৰ সংযোগ দেখা যায়। আমাৰ দেশত সৌন্দৰ্যৰ সাধনাত যোগ, ধ্যান, আৰু আত্মচিন্তাৰো স্থান আছে।দক্ষিন কোৰিয়া অধিক ফেশ্বন সচেতন সমাজ আৰু ইয়াত কম বয়সৰে পৰা ডিঙি , মুখমণ্ডল আৰু শৰীৰত সৌন্দৰ্যৰ প্ৰতি সচেতন কৰি তোলে।দক্ষিণ কোৰিয়াত ছ্নেইল মিউকাছ, হায়ালুৰোনিক এছিড, ক’লা চাহ আদি আধুনিক উপাদান, ক্ৰীম আৰু ছীৰাম আদিৰ বৈজ্ঞানিকভাৱে পৰীক্ষিত সামগ্ৰী বেছি ব্যৱহাৰ কৰা হয়।মানুহে সাধাৰণতে ছালৰ যত্ন ক্লিনিং, টোনিং, মইশ্ব’ৰাইজাৰ, ছানস্ক্ৰীণ আৰু মাস্ক আদিৰ জৰিয়তে লয়।ভাৰতত সামাজিক আৰু পৰিয়াল পৰিসৰত সৌন্দৰ্যৰ বিষয়ে কিছু চাপ থকা দেখা যায়, বিশেষকৈ বিবাহৰ ক্ষেত্ৰত। যেনে দৰা জন ধুনীয়া বা কন্যা ধুনীয়া হব লাগে বুলি।কিন্তু ইমান বেছি নিৰ্দিষ্ট বাধ্য বাধকতা নাই।কোৰিয়াত, কে-পপ, কে-ড্ৰামা, আৰু ছেলিব্ৰিটীৰ প্ৰভাৱত এক নিৰ্দিষ্ট ‘আদৰ্শ সৌন্দৰ্য’ গঢ়ি উঠিছে, যি সামাজিক মাধ্যম আৰু জনজীৱনত প্ৰভাৱ বিস্তাৰ কৰিছে।দক্ষিন কোৰিয়াত সৌন্দৰ্য হৈছে বিজ্ঞান, পৰিকল্পনা, আৰু নিখুঁততা-ভিত্তিক আত্মউন্নয়নৰ পথ।ছিউল মহানগৰীত ৰেল, বাছ আদিত ভ্ৰমণ কৰোতে দেখা পালোঁ যুৱক, যুৱতীৰ পৰা আৰম্ভ কৰি বৃদ্ধ লৈকে সকলোৱে ধুনীয়াকৈ , পৰিপাটিকৈ কাপোৰ কানি পিন্ধে। প্ৰায় সকলোৱে প্ৰসাধন কৰি বাহিৰলৈ ওলাই যায়।কবলৈ গলে সৌন্দৰ্য চৰ্চা আধুনিক জীৱনৰ অংশ বুলি বিবেচনা কৰে।দক্ষিণ কোৰিয়াত ছালৰ যত্ন এক জীৱনশৈলী। ইয়াৰ উপৰিও ছালৰ যত্নৰ উপাদান সমূহৰ আৰু সামগ্ৰীৰ কাৰ্যকাৰিতা সম্পৰ্কে প্ৰবল আগ্ৰহ দেখা যায়।গ্ৰাহকে সক্ৰিয়ভাৱে ছালৰ যত্নৰ নতুন ধাৰাসমূহৰ ওপৰত আলোচনা কৰে। সৌন্দৰ্য্যৰ দোকান, অনলাইন প্লেটফৰ্ম আৰু প্ৰভাৱশালীসকলে জনসাধাৰণক অধিক শিক্ষিত আৰু জড়িত কৰে, সজাগতাৰ মাত্ৰা উচ্চ আৰু অহৰহ বিকশিত কৰি ৰাখে।
আন বহু দেশৰ দৰে দক্ষিণ কোৰিয়াত ছালৰ সৌন্দৰ্য্যৰ প্ৰতি চেতনা কেৱল মহিলাৰ মাজতে সীমাবদ্ধ নহয়। পুৰুষসকলেও ছালৰ যত্নত সচেতনভাবে নিয়োজিত । এই ছালৰ সৌন্দৰ্য্য চেতনাৰ বহুতো ইতিবাচক দিশ থাকিলেও ই কেতিয়াবা মানসিক চাপ সৃষ্টি কৰে। তুলনামূলক ভাবে কম আয় কৰা সকলৰ বাবে প্ৰসাধন সামগ্ৰী কিনা এক ডাঙৰ সমস্যা। তথাপি পৰম্পৰাত শিপাই থকা আৰু সংবাদ মাধ্যমৰ প্ৰভাৱৰ দ্বাৰা পৰিচালিত এই সচেতনতাই মানুহক নিজকে আৰু আনক চোৱাৰ ধৰণক গঢ় দিয়ে। ই গৌৰৱ, অনুশাসন আৰু উদ্ভাৱনৰ ভাৱনাক লালন-পালন কৰিলেও সুস্থ আত্ম-যত্ন আৰু সমাজৰ চাপৰ মাজত ভাৰসাম্য ৰক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰতো আলোকপাত কৰে। মুঠতে দক্ষিণ কোৰিয়াৰ ছালৰ যত্নই গভীৰ সাংস্কৃতিক আখ্যান প্ৰতিফলিত কৰে য’ত সৌন্দৰ্য্য, স্বাস্থ্য আৰু পৰিচয় ঘনিষ্ঠভাৱে জড়িত হৈ আছে।এই দেশ খনত ছালৰ চিকিৎসাৰ প্ৰাধান্য নান্দনিক পছন্দৰ বাহিৰলৈকে বিস্তৃত, যিয়ে জাতিটোৰ প্ৰযুক্তিগত উদ্ভাৱন, অৰ্থনৈতিক উচ্চাকাংক্ষাক প্ৰতিফলিত কৰে। দক্ষিণ কোৰিয়াত ছালৰ চিকিৎসা দেশপ্ৰেমমূলক আৱেগৰ সৈতে জড়িত হৈ জাতীয় ভাবমূৰ্তি গঢ় দিয়াত অৰিহণা যোগায়।
আমি দেশ খনৰ কেইবাখনো নগৰ, মহানগৰ ঘূৰি অনুভৱ কৰিছিলোঁ দক্ষিণ কোৰিয়াত স্বচ্ছ আৰু যৌৱনময় ছাল কেৱল সৌন্দৰ্য্যৰ আদৰ্শ নহয় বৰঞ্চ সাংস্কৃতিক ভাৱে জৰুৰী। দক্ষিণ কোৰিয়াই কেৱল অৰ্থনৈতিক কৃতিত্ব আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ বাবেই নহয়, সমৃদ্ধিশালী মনোৰঞ্জন উদ্যোগৰ বাবেও বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে।দক্ষিণ কোৰিয়াত জনমূৰি প্ৰসাধনৰ বাবে ছালৰ অস্ত্ৰোপচাৰৰ হাৰ বিশ্বৰ ভিতৰতে অন্যতম। সৌন্দৰ্য্য কেৱল ব্যক্তিগত পছন্দ নহয় বৰঞ্চ নিয়োগ, শিক্ষা আৰু সম্পৰ্ক, সুযোগৰ সৈতে জড়িত ।।দক্ষিণ কোৰিয়াৰ চিনেমাত সৌন্দৰ্য্যৰ মানদণ্ড বুলি ক’লে ত্ৰুটিহীন ছাল, চকুৰ ওপৰৰ উজ্বল ৰেখা, ডাঙৰ চকু আৰু ক্ষীণকায় শৰীৰ।তাৰ লগত খাপ খোৱা অভিনেতা আৰু অভিনেত্ৰীৰ অভিনয় বহু মূলসুঁতিৰ ছবিত অভিনয়ৰ দক্ষতাতকৈ শাৰীৰিক ৰূপক অগ্ৰাধিকাৰ দিয়া হয়, প্ৰায়ে সীমিত অভিনয় অভিজ্ঞতা থকা মডেলক অভিনয়ৰ বাবে নিৰ্বাচিত কৰা দেখা যায়। ফলত এই মানদণ্ডৰ লগত খাপ নোখোৱা প্ৰতিভাৱান অভিনেতাসকলে প্ৰায়ে নিজকে প্ৰান্তীয় বা গৌণ বা কমিক ভূমিকাত অভিনয় কৰাৰ সুবিধা পায়।
তদুপৰি চিনেমাৰ আখ্যানে প্ৰায়ে শাৰীৰিক ৰূপান্তৰক ব্যক্তিগত সফলতাৰ সৈতে সমান কৰি সুন্দৰতাক শক্তিশালী কৰে। ‘ ২০০ পাউণ্ডচ বিউটি” নামৰ কোৰিয়ান চলচ্চিত্ৰ খনৰ কাহিনীটোত কেৰিয়াৰৰ সফলতা আৰু ৰোমান্টিক প্ৰেম দুয়োটাকে পাবলৈ কঠোৰ প্লাষ্টিক চাৰ্জাৰী কৰা এগৰাকী মহিলাক চিত্ৰিত কৰিছে যত এটা স্পষ্ট বাৰ্তা আছে যে সৌন্দৰ্য্য হৈছে সুখ আৰু স্বীকৃতিৰ পূৰ্বচৰ্ত।কে-পপ আইডলবোৰক সৰুৰে পৰাই নিখুঁতভাৱে প্ৰশিক্ষণ দিয়া হয় কেৱল গান আৰু নৃত্যৰ বাবেই নহয়, কঠিন শাৰীৰিক মাপকাঠীও পূৰণ কৰিবলৈ। দৃশ্যমান—যিসকল সদস্যৰ প্ৰধান ভূমিকা আকৰ্ষণীয় হোৱা— মূৰ্তি গোটৰ অবিচ্ছেদ্য অংগ, যিয়ে এই ধাৰণাটোক শক্তিশালী কৰে যে চেহেৰা প্ৰতিভাৰ দৰেই গুৰুত্বপূৰ্ণ হ’ব পাৰে। ছবিৰ নায়ক নায়িকাক প্ৰায়ে সৌন্দৰ্য্যৰ মানদণ্ড বজাই ৰাখিবলৈ নিৰীক্ষণ কৰে আৰু কেনেকৈ ধুনীয়া হৈ থাকিব লাগিব সেই বিষয়ে হেঁচা প্ৰয়োগ কৰা হয়। শিল্পী সকলে ছাল উজ্বল কৰি ৰখা সামগ্ৰীৰ ব্যৱহাৰ, কঠোৰ ডায়েটিং, আনকি প্লাষ্টিক চাৰ্জাৰীও অস্বাভাৱিক নহয়।সমগ্ৰ দেশৰ ক্লিনিকসমূহে ব্ৰণ, ৰং, বলিৰেখা, আৰু বৃদ্ধি পোৱা ছিদ্ৰ আদি বিষয়ৰ বাবে লেজাৰ থেৰাপী, মাইক্ৰ’ডাৰ্মেব্ৰেচন আৰু তীব্ৰ পালছড লাইটৰ দৰে পেছাদাৰী চিকিৎসা প্ৰদান কৰে।দক্ষিণ কোৰিয়াত ছালৰ চিকিৎসাৰ এটা উল্লেখযোগ্য দিশ হ’ল এই চিকিৎসা হৈছে সুলভ। পশ্চিমীয়া দেশৰ তুলনাত উচ্চমানৰ ছালৰ যত্নৰ সামগ্ৰী আৰু পেছাদাৰী চিকিৎসা বহুলভাৱে উপলব্ধ আৰু তুলনামূলকভাৱে সুলভ। সুলভ অৰ্থাৎ বেছি টকা নালাগে। ফলত সকলো শ্ৰেণীৰ লোকে নিজৰ ছালৰ যত্ন লোৱাত সহজ হৈ পৰিছে।আমি এই দেশ খনৰ এই সৌন্দৰ্যবোধৰ ইতিহাস বিচাৰি যাওঁতে দেখা পাওঁ যে,দক্ষিণ কোৰিয়াৰ সৌন্দৰ্যবোধ মূলত জোসেওন ৰাজ বংশৰ সময়ৰ পৰা গঢ়ি উঠিছিল। সেই সময়ত সৌন্দৰ্যৰ মূল কথা আছিল জন্মৰ পিছৰ সাধাৰণ জীৱনশৈলী আৰু নৈতিকতা।মহিলাসকল মুখত ঘঁহা পাউডাৰ আছিল চন্দন-জাতৰ গছৰ গুঢ়ি আৰু বিভিন্ন গছৰ ৰঙ ব্যৱহাৰ কৰিছিল।নিখুঁত ছাল আছিল সৌন্দৰ্যৰ আদৰ্শ।চুলিক সৰল সুন্দৰ বুলি ধৰা হৈছিল।সৌন্দৰ্যৰ সংজ্ঞা কোৰিয়াৰ ধৰ্মীয় বিশ্বাসৰ লগতো জড়িত আছিল।বৌদ্ধ ধৰ্মই সৌন্দৰ্যক অন্তৰ আত্মাৰ পবিত্ৰতাৰ প্রতিফলন বুলি বুজিছিল।কনফুচিয়ান ধাৰণাত নৈতিকতা, বুদ্ধিমত্তা আৰু লাজ-সংকোচৰ সংমিশ্ৰণৰ লগত সৌন্দৰ্য জড়িত আছিল।কিন্তু এই ধাৰণা বোৰ লাহে লাহে পুৰণি হবলৈ ধৰে। জাপানীসকলে কোৰিয়া দখল কৰাৰ সময়ত কোৰিয়ান সৌন্দৰ্যৰ ধাৰণাত কিছুমান পৰিবর্তনৰ বতাহ বলিবলৈ আৰম্ভ কৰে।জাপানী আৰু পশ্চিমী সাজ-পোছাক, ছালৰ যত্নৰ ধাৰণা প্ৰৱেশ কৰে।পশ্চিমী সৌন্দৰ্যৰ আদৰ্শ যেনে ছালৰ উজ্জ্বলতা, ধুনীয়া চকু-বাহু আদিৰ গুৰুত্ব বৃদ্ধি হোৱা দেখা যায়।
এই সময়ছোৱাত যদিও ঐতিহ্যবাহী সৌন্দৰ্যচেতনা কিছু পৰিমাণে লোপ পায়, কোৰিয়াই পুনৰ নিজৰ পথ বিচাৰিবলৈ আৰম্ভ কৰে।
যুদ্ধোত্তৰ যুগ আৰু আধুনিক সৌন্দৰ্যচেতনা উদ্যোগলৈ ১৯৫০ চনৰ পৰা ১৯৮০ চনৰ ভিতৰত পৰিবৰ্তন হয় ।কোৰিয়ান যুদ্ধৰ পিছত দেশখন পুনৰুদ্ধাৰলৈ যত্ন কৰা সময়তে সৌন্দৰ্য উদ্যোগে নতুন ৰূপ পায়।সত্তৰ দশকৰ পৰা ছালৰ যত্ন লোৱা সামগ্ৰী উৎপাদনৰ আৰম্ভণি হয়। নব্বৈ দশকত ‘কে- বেউটি’ যুগ আৰম্ভ হয় আৰু দক্ষিণ কোৰিয়াৰ কে-পপ, কে-ড্ৰামা, আৰু কে-ফেশ্বনে বিশ্ববজাৰত প্ৰভাৱ বিস্তাৰ কৰে।বিশ্বজুৰি ‘ বিউটি’ সংস্কৃতিৰ ৰূপত বিকশিত হয়। দক্ষিন কোৰিয়াৰ পৰা প্রত্যাবৰ্তন সময়ত চকুত ভাঁহি আছে সেই ছবি য’ত ছিউলৰ ৰাতিপুৱা প্ৰতিগৰাকীৰ মুখবোৰ গছৰ কুঁহিপাহৰ নিচিনা আছিল নিখুঁত, দুপৰীয়া চিকুন সেন্দুৰীয়া গাল মৰমেৰে গঢ়া।তাৰ মাজত আছিল আত্মবিশ্বাস।কে-বিউটি বুলিলেও ইয়াত মাটিৰো গন্ধ আছে ।সৌন্দৰ্য যেন প্ৰতিদিনৰ প্ৰাৰ্থনা, মধুময় তৰংগ,নিয়মেৰে জপ কৰা এটা আত্ম মমতাৰ মন্ত্র।

Related Articles