স্বাস্থ্য মন্ত্ৰীৰ চামগুৰি স্বাস্থ্য কেন্দ্ৰ আৰু ট্ৰমা কেন্দ্ৰ পৰিদৰ্শন

ডিজিটেল সেৱা: নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰাৰ পিছতে মন্ত্ৰীগৰাকীয়ে চামগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অৱস্থিত পুষ্টি পুনৰুদ্ধাৰ কেন্দ্ৰ (Nutrition Rehabilitation Centre) পৰিদৰ্শন কৰি অপুষ্টিত আক্ৰান্ত শিশুসকলক আগবঢ়োৱা চিকিৎসা আৰু পুষ্টি সেৱা, কেন্দ্ৰটোৰ আন্তঃগাঁথনি, চিকিৎসা সুবিধা, পৰিচ্ছন্নতা, খাদ্য আৰু যত্নৰ ব্যৱস্থাৰ বুজ লয়। কেন্দ্ৰটোৰ সেৱাৰ মান অধিক উন্নত কৰি শিশুসকলৰ যথাযথ চিকিৎসা আৰু পুষ্টিগত পুনৰুদ্ধাৰ নিশ্চিত কৰাৰ লগতে অভিভাৱকসকলৰ মাজত পুষ্টি আৰু স্বাস্থ্য সচেতনতা বৃদ্ধিৰ বাবে সংশ্লিষ্ট বিষয়ববীয়াসকলক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে।ইয়াৰ পিছত চামগুৰিত নিৰ্মিত ট্ৰমা চেণ্টাৰটো পৰিদৰ্শন কৰি ইয়াৰ আন্তঃগাঁথনি, উপলব্ধ সা-সুবিধা আৰু কাৰ্যক্ষমতাৰ প্ৰস্তুতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে ট্ৰমা চেণ্টাৰটো অতি শীঘ্ৰে সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি জনসাধাৰণক উন্নত জৰুৰীকালীন স্বাস্থ্যসেৱা আগবঢ়োৱাৰ লক্ষ্যৰে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সকলো প্ৰয়োজনীয় কাম সম্পূৰ্ণ কৰাৰ বাবে সংশ্লিষ্ট বিষয়ববীয়াসকলক স্পষ্ট দিহা-নিৰ্দেশনা প্ৰদান কৰে। এই পৰিদৰ্শনৰ সময়ত বঢ়মপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক জিতু গোস্বামী মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে।পৰিদৰ্শনৰ অন্তত সাংবাদিকৰ সৈতে বাৰ্তালাপত মন্ত্ৰী অশোক সিংহলে কয় যে, ৰাজ্য চৰকাৰৰ মূল লক্ষ্য হৈছে প্ৰতিজন নাগৰিকৰ বাবে সহজলভ্য, গুণগত আৰু আধুনিক স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ লগতে চিকিৎসা শিক্ষাৰ মান অধিক শক্তিশালী কৰি তোলা। সেই লক্ষ্যৰে ৰাজ্যৰ চিকিৎসা প্ৰতিষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নয়ন, মানৱ সম্পদ শক্তিশালীকৰণ আৰু স্বাস্থ্যসেৱাৰ গুণগত মান অব্যাহতভাৱে উন্নীত কৰাৰ দিশত চৰকাৰে দৃঢ়তাৰে কাম কৰি যাব।

Related Articles