◆জমিৰ উদ্দিন তালুকদাৰ◆
হোজাই জিলাৰ ডবকা মদাৰতলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হাছান আলী বৰভূঞাৰ যোৱা নিশা ডবকাৰ সমীপৰ মদাৰতলিত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যু হয়৷ শিক্ষক গৰাকীয়ে নিজে চলাই গৈ থকা এ এছ ০২ জে ০২৮০ নম্বৰৰ এল্ট বাহনখনেৰে ডবকাৰ পৰা ঘৰলৈ গৈ থকাৰ সময়ত মদাৰতলিত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ডিভাইডাৰত খুন্দা মাৰি পথৰ ওপৰত চিটিকি পৰাত অন্য দিশৰ পৰা আহি থকা এ এছ ৩২ চি ৩৯১৯ নম্বৰৰ বলেৰ’ পিক বাহন এখনে খুন্দা মৰাত শিক্ষক গৰাকী গুৰুতৰ দুৰ্ঘটনাত পতিত হয়৷ লগে লগে শিক্ষক গৰাকীক মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰি স্থানীয় ৰাইজে ডবকা লাইফ কেয়াৰ হস্পিটালত ভৰ্তি কৰে৷ চিকিৎসালয়ত অনাৰ লগে লগে চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷ শিক্ষক গৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ ডবকা অঞ্চলত শোকৰ ছাঁ বিৰাজ কৰে৷ ডবকাৰ চাংমাজী পথাৰৰ ৰফিক উদ্দিন বৰভূঞাৰ পুত্ৰ হাছান আলী বৰভূঞাৰ ৩০ জুন ১৯৭১ চনত জন্ম হয়৷ ১৯ নৱেম্বৰ ১৯৯৯ চনত তেওঁ অসম চৰকাৰৰ শিক্ষা বিভাগত এগৰাকী শিক্ষক হিচাপে মদাৰতলি মধ্য ইংৰাজী বিদ্যালয়ত যোগদান কৰে৷ এগৰাকী কৃতি শিক্ষক হিচাপে সুনাম থকা শিক্ষক গৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ ডবকা অঞ্চলত শোকৰ ছাঁ পৰে৷ দিনৰ ভাগত শিক্ষক গৰাকীৰ নশ্বৰদেহ নিজৰ কৰ্মস্থলি মদাৰতলি উচ্চ মাধ্যমিক বিদ্যালয়ত অনাৰ লগে লগে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়৷ শিক্ষক-ছাত্ৰই শিক্ষক গৰাকীলৈ শেষ শ্ৰদ্ধা অৰ্পণ কৰাৰ পিছত নিজ গাওঁ চাংমাজী পথাৰ ঈদগাহত কেবা হাজাৰ লোকৰ উপস্থিতিত অন্তিম জানাজাৰ নামাজ সম্পন্ন কৰি নিজৰ গাঁৱৰ কবৰত সমাধিস্থ কৰা হয়৷ শিক্ষকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম কবি চক্ৰৰ সভাপতি অধ্যাপক ডঃ হাছিনুচ চুলতানে৷ এগৰাকী সংস্কৃতিপ্ৰেমী, উদাৰ মনৰ এজন শিক্ষাসদীক হেৰুৱা বুলি উল্লেখ কৰে ডঃ চুলতানে৷ শিক্ষক গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ নেতা ৰেজাউল কৰিম চৌধুৰী, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকা, হোজাই জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ফাইজ মোহাম্মদ বৰভূঞা সহ বিভিন্ন দল-সংগঠনে৷