অদিতি সেৱা: উত্তৰ চীনৰ কেইবাটাও অঞ্চলত হোৱা শেহতীয়া বানৰ তাণ্ডৱে সংহাৰী ৰূপ ধাৰণ কৰিছে । এতিয়ালৈকে বানৰ ফলত ৪ জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । আনহাতে, সন্ধানহীন হৈ আছে আন ৮ গৰাকী লোক ।বেইজিঙত চৰকাৰ তথা প্ৰশাসনৰ তৰফৰ পৰা প্ৰবল বৰষুণ আৰু বানৰ দ্বিতীয় সৰ্বোচ্চ সতৰ্কবাণী জাৰি কৰিছে । এই মুষলধাৰ বৰষুণ মঙলবাৰে পুৱালৈকে চলি থকাৰ ভৱিষ্যদ্বাণী কৰা হৈছে ।চীনৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, মুষলধাৰ বৰষুণৰ বাবে ৰাজধানী বেইজিং আৰু ওচৰ-পাজৰৰ অঞ্চলবোৰৰ পৰা হাজাৰোধিক লোকৰ ঘৰ খালী কৰা হৈছে আৰু তেওঁলোক সুৰক্ষাত স্থানলৈ স্থানান্তৰিত কৰা হৈছে ।ইয়াৰ মাজতে বেইজিঙত চৰকাৰ তথা প্ৰশাসনৰ তৰফৰ পৰা প্ৰবল বৰষুণ আৰু বানৰ দ্বিতীয় সৰ্বোচ্চ সতৰ্কবাণী জাৰি কৰিছে । এই মুষলধাৰ বৰষুণ মঙলবাৰে পুৱালৈকে চলি থকাৰ ভৱিষ্যদ্বাণী কৰা হৈছে ।চৰকাৰী প্ৰচাৰ মাধ্যম চি চি টিভিৰ বাতৰি অনুসৰি, ৰাজধানী বেইজিঙৰ ওচৰৰ হোৱেই অঞ্চলত হোৱা প্ৰবল বৰষুণৰ ফলত ডেংগদ চহৰৰ ওচৰৰ এখন গাঁৱত ভূমিস্খলৰ ঘটনা সংঘটিত হয় ।চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, কুপিং কাউণ্টিত সাপ্তহান্তিকত ৪,৬০০তকৈ অধিক লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে । আনহাতে, আন এক অঞ্চলত সংঘটিত এক বাছ দুৰ্ঘটনাৰ পিছত এজন ব্যক্তিক উদ্ধাৰ কৰাৰ বিপৰীতে আন ১৩ জন সন্ধানহীন হৈ আছে ।
উত্তৰ চীনত বানৰ তাণ্ডৱ: ৪ জনৰ মৃত্যু