ইছলামধৰ্মীৰ বিশাল সমাৱেশত হিন্দুৱে বিলালে চাহ আৰু বিৰিয়ানী

ডিজিটেল সেৱা: হাৰিয়ানাত অনুষ্ঠিত বিশাল ইছলামধৰ্মীয় সভাত স্থানীয় হিন্দু সমাজে সহযোগিতা আগবঢ়াই আকৌ এবাৰৰ বাবে এই ভ্ৰাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰিলে ৷হাৰিয়ানাৰ নুহ জিলাৰ তিৰৱাদা নামৰ এখন গাঁৱত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এক বিশাল ইছলামিক সমাৱেশৰ সামৰণি পৰে সোমবাৰে ৷ এই সমাৱেশৰ প্ৰধান উদ্দেশ্য আছিল দেশৰ শান্তি আৰু প্ৰগতিৰ বাবে প্ৰাৰ্থনা । আয়োজকসকলৰ মতে এই সমাৱেশত ৰাজস্থান, উত্তৰ প্ৰদেশ, দিল্লীকে ধৰি কেইবাখনো ৰাজ্যৰ প্ৰায় ৭ লাখ লোকে অংশগ্ৰহণ কৰে ।তিনিদিনীয়া এই সমাৱেশৰ বিশেষভাৱে লক্ষণীয় বিষয়টো আছিল হিন্দু সমাজৰ দ্বাৰা বিতৰণ কৰা নিৰামিষ বিৰিয়ানী আৰু ‘প্ৰেমৰ চাহ’ (মোহব্বত কি চাই), যিয়ে লাখ লাখ প্ৰতিনিধিৰ দৃষ্টি আকৰ্ষণ কৰিছিল ৷ আনকি এই বিশাল সমাৱেশত হিন্দু সমাজৰ উদ্যোগত ব্যৱস্থা কৰা হৈছিল স্বাস্থ্য শিবিৰৰো ।সমাৱেশৰ সময়ত মোবাইল ফোনৰ বৰ্ধিত ব্যৱহাৰ ৰোধ কৰা আৰু শিশুৰ শিক্ষাৰ উন্নতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয় । নিজৰ ভাষণত হজৰত মৌলানা সাদ চাহাবে কয়, “আমি বেয়াক সম্পূৰ্ণৰূপে পৰিত্যাগ কৰি ভালৰ পথ অনুসৰণ কৰিব লাগিব । আমি তবলিগী জামাতত গুৰুত্ব দিব লাগিব যাতে ইছলামৰ প্ৰচাৰ দ্ৰুতগতিত হ’ব পাৰে । মানুহে নামাজ আৰু জামাতৰ প্ৰতি গুৰুত্ব দিব লাগে ।”হাৰিয়ানাৰ নুহ জিলাত ধূমপান আৰু বিড়ি, গুটখা, চিগাৰেটৰ ব্যৱহাৰ তেনেই সাধাৰণ কথা । কিন্তু তিনিদিনীয়া এই সমাৱেশৰ মূল মণ্ডপটোক “ধূমপান নিষিদ্ধ” ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয় ।সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন স্থানত বেনাৰ আৰু হৰ্ডিং স্থাপন কৰা হৈছিল আৰু স্বেচ্ছাসেৱকসকলে মূল মণ্ডপত প্ৰৱেশ কৰা লোকসকলক পৰীক্ষা কৰা দেখা যায় ।

Related Articles