তাৰাবাৰী আয়ুষ্মান আৰোগ্য মন্দিৰৰ JAS কমিটিৰ সভাত একাধিক প্ৰস্তাৱ

ছফিৰ উদ্দিন, তাৰাবাৰী

উত্তৰ নগাঁৱৰ সংখ্যালঘু অধ্যুষিত বৰ্তমানৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত তাৰাবাৰী আয়ুষ্মান আৰোগ্য মন্দিৰত আজি JAS (Jan Arogya Samiti) কমিটিৰ এখন গুৰুত্বপূৰ্ণ সভা ,সভানেত্ৰী তথা গড়াজান জিলা পৰিষদৰ সদস্যা মমতাজ বেগমৰ সভাপতিত্বত অনুষ্ঠিত হয় । সভাত চিকিৎসক ডাঃ আয়ুৱ জাবেদ, JAS কমিটিৰ সদস্যবৃন্দ তথা স্থানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে । সভাত অঞ্চলবাসীৰ স্বাস্থ্যসেৱা অধিক উন্নত , মানসম্পন্ন আৰু জনমুখী কৰাৰ লক্ষ্যৰে বিস্তৃত আলোচনা অনুষ্ঠিত হয় ।

উপস্থিত সদস্যসকলে একেমুখে মত প্ৰকাশ কৰে যে, এখন উন্নত চিকিৎসালয় কেৱল চিকিৎসা প্ৰদানৰ স্থান নহয় ই এখন সমাজৰ আস্থা, বিশ্বাস আৰু জীৱন ৰক্ষাৰ অন্যতম ভৰষাস্থল । সেই উপলব্ধিৰে সভাত জনকল্যাণমূলক কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গৃহীত কৰা হয় । গৃহীত প্ৰস্তাৱসমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে— প্ৰসূতি মাতৃসকলৰ সুবিধাৰ্থে হুইলচেয়াৰৰ ব্যৱস্থা, হাস্পতাল ভৱনৰ পুৰণি টিনৰ মেৰামতি, হাস্পতালৰ মূল গেইটৰ পৰা চিকিৎসক আৰু অন্যান্য কৰ্মচাৰীৰ কোৱাটাৰলৈকে বালি পেলাই পথ মেৰামতি, হাস্পতাল চৌহদত চি.চি. কেমেৰা স্থাপন, চুক্তিভিত্তিক কৰ্মচাৰীসকলৰ মাহিলী পাৰিতোষিক বৃদ্ধি আৰু হাস্পতাল চৌহদত ব্যাপক গছ-পুলি ৰোপণ কৰি এক সেউজ,পৰিষ্কাৰ আৰু স্বাস্থ্যসম্মত পৰিৱেশ গঢ়ি তোলা ।

সভাৰ অন্তত সভাপতি মমতাজ বেগমে কয় যে, “জনসাধাৰণৰ উন্নত স্বাস্থ্যসেৱা নিশ্চিত কৰাই আমাৰ মূল লক্ষ্য । সভাত গৃহীত সিদ্ধান্তসমূহ পৰ্যায়ক্ৰমে বাস্তৱায়ন কৰিব পৰা গ’লে তাৰাবাৰী আয়ুষ্মান আৰোগ্য মন্দিৰে অঞ্চলবাসীক অধিক উন্নত আৰু মানসম্পন্ন স্বাস্থ্যসেৱা আগবঢ়াবলৈ সক্ষম হ’ব ।”


উপস্থিত সদস্যসকলেও আশা প্ৰকাশ কৰে যে , এই পদক্ষেপসমূহ বাস্তৱায়িত হ’লে চিকিৎসালয়খনৰ আন্তঃগাঁথনি অধিক শক্তিশালী হোৱাৰ লগতে ৰোগী আৰু সাধাৰণ লোকসকলে এক সুস্থ, সুৰক্ষিত আৰু মানৱীয় পৰিৱেশত স্বাস্থ্যসেৱা লাভ কৰিব । সভাখনে স্বাস্থ্যসেৱাৰ উন্নয়নৰ ক্ষেত্ৰত নতুন আশাৰ সঞ্চাৰ কৰাৰ লগতে অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে ।

Related Articles