◆মিলন নেওগ◆
অকপতে স্বীকাৰ কৰোঁ ,মই জুবিন গাৰ্গৰ অনুৰাগী নাছিলোঁ কাহানিও । কাৰণ, আমাৰ দৰে মধ্যবিত্তৰ ৰুচি আৰু প্ৰমূল্যবোধৰ মাজত ডাঙৰ হোৱা/গ্ৰাম্য সংস্কাৰৰ মাজত শৈশৱ পাৰ কৰা ল’ৰাবোৰৰ বাবে ভাষা আৰু সামাজিক আচৰণৰ একোডাল লেকাম আছিল৷ আমাৰ মন মগজুত সেই লেকামডালৰ পুতন বৰ গভীৰ৷ কিছুদিন আগতে মোৰ মহাবিদ্যালয়ৰ শিক্ষাগুৰু দিগন্ত গোহাঞি ছাৰৰ লগত Generation gap ৰ প্ৰসংগত কথা পাতিছিলোঁ৷ ছাৰ মোতকৈ অতি কমেও ২৫ বছৰ জেষ্ঠ৷ ছাৰ আৰু মোৰ মাজৰ চিন্তা আৰু ব্যৱহাৰিক কাল- পৰিস্থিতিৰ ব্যৱধান অনুভৱ হয় ১০০ বছৰৰ! কিয়? সেই প্ৰশ্নৰ উত্তৰ বিচাৰিলেই পাওঁ জুবিন গাৰ্গৰ প্ৰাসংগিকতা৷ জুবিনদা মোতকৈ বয়সৰ লেখেৰে সাত বছৰ ডাঙৰ৷ কিন্তু নতুন প্ৰজন্মই কি ভাৱে কি বিচাৰে ক’ত অভিমানী কৰে ক’ত বিদ্ৰোহী হয় সমাজখনৰ কোনবোৰ কথাত প্ৰতিবাদ কৰিব লাগে সেয়া জুবিন গাৰ্গে জানিছিল আৰু সেয়ে নিজে এটা মূৰ্ত প্ৰতিবাদী সত্তা হৈ সেই প্ৰজন্মটোৰ মাজত নিজকে বিলীন কৰি দিছিল৷ আনহাতে তেখেতে মধ্যবিত্তীয়সুলভ মানসিকতাক মুকলিভাৱে challenge কৰিছিল৷ ধৰ্ম, জাতি-বৰ্ণ, পাৰিবাৰিক অহমিকা, ধন সম্পত্তিৰ দম্ভ আদিবোৰ তথাকথিত অশ্লীল শব্দৰে উৰুৱাই দিব পাৰিছিল মুকলিকৈ৷ নতুন প্ৰজন্মৰ মুকলি মনবোৰক এই কথাটোৱে স্পৰ্শ কৰাই স্বাভাবিক৷আন যিটো কথা লোকচক্ষুৰ আৰ্ঁতে ৰৈ গ’ল ইমান দিন৷, সেইটো হ’ল মানবিক সংবেদনশীলতা৷ বহুতে কোৱা শুনিছিলোঁ যে জুবিন গাৰ্গে এটা program কৰিলে ৬-৭ লাখ কিয় লয়? হয়ো, social leftist এজন ইমান commercial কেনেকৈ হ’ব পাৰে? মোৰ সন্দেহ হয় এই programবোৰ কিমান টকাত বন্দোৱস্ত হৈছিল জুবিনদাই স্পষ্টকৈ জানিছিলনে? গাড়ীখনৰ মেৰামতিৰ খৰছ ডেৰলাখক যদি সাত লাখ কৰাই ঠগিব পাৰে তেন্তে তেখেতৰ প্ৰগেমবোৰৰ হিচাপৰো খেলিমেলি কৰিছিল?মই সংগীতৰ technical কথাবোৰ বৰকৈ নাজানো৷ তথাপি অনুভৱ কৰোঁ প্ৰথম অৱস্থাৰ তেওঁৰ গানত পোৱা পাতল ৰোমাণ্টিক ধাৰাটো পাছলৈ গভীৰৰ পৰা গভীৰ হৈ সামাজিক বাস্তৱতাকৈ আহিছিল৷ আনকি ব্যক্তিগত জীৱনতো তেওঁৰ social maturity বৰ আশাপ্ৰদভাৱে প্ৰৱল স্ৰোত হৈ আহিছিল৷ তেতিয়াই ছাগে সেই প্ৰতিভা কাৰোৱাৰ বাবে challenge হৈ পৰিছিল? তথাপি, মানুহ হিচাপে অত্যন্ত সংবেদনশীল জুবিন নামৰ অন্তৰ্মুখী সত্তাটোৱে কোনো আত্ম প্ৰচাৰৰ তাগিদা অনুভৱ নকৰাকৈ মন্ত্ৰী এম এল এ আদি বোৰে(তেখেতসকলৰতো টকাই নাই, দৰিদ্ৰ!)অপাৰগতা প্ৰকাশ কৰা অসহায়জনক সহায় কৰি গৈছিল৷ এতিয়া বুজিছোঁ অসহায়জনক সহায় কৰিবৰ বাবেই তেওঁক টকাৰ দৰকাৰ হৈছিল৷ ৰাইজৰ মাজৰ এজন হৈ ৰাইজৰ বাবে কাম কৰিবলৈ জানো টকা নালাগিব? পিছে pro establishment হৈ নিজৰ আদৰ্শ স্থিতি সলাই ফুৰা তথাকথিত শিল্পী নামধাৰী গায়ক একাংসৰ দৰে নহৈ ৰাইজৰ পক্ষত অকলে anti establishment হৈছিল বাবেই জুবিন দা অমৰ হৈ ৰ’ল৷, সাধাৰণ মানুহৰ সৈতে আত্মবিভোৰ হৈ সেই খাটিখোৱা মানুহখিনিৰ বিষাদ বেদনাৰ মাজতো যে ক’ৰবাত ‘গান’এটা থাকে সেই সত্য উপলব্ধি কৰি লোকগীতৰ সুৰ আৰু সত্তাৰ ঐকান্তিক অনুসন্ধান কৰিছিল, অসমৰ বৈভৱঋদ্ধ লোকসংগীতৰ লগতে জনগোষ্ঠীয় সংগীতৰ বয়ন আৰু সংৰচনাৰে অসমীয়া আধুনিক সংগীতক প্ৰাচ্যধাৰাতে আৱদ্ধ নাৰাখি তাক পাশ্চাত্য সংগীতৰ শেহতীয়া ধাৰাৰ সৈতেও (জ্যোতি প্ৰসাদ আৰু ভূপেন হাজৰিকায়ো কৰিছিল৷ প্ৰসংগত ‘মালতিৰে চাকি খোপাতে গুজিলো’…)সংযোজিত কৰিছিল সেইবোৰ কথা বৌদ্ধিক মহলৰ চকুত নপৰিলেই সময়ত! কাৰণ জুবিনৰ নাছিল এক প্ৰৱল আত্ম অহংকাৰ৷ ছালভাদৰ ডালিয়ে যে লিখিছিল আত্মজীৱনী An autobiography of a genius! কিয় নিজকে Genius বুলি ক’ব পাৰিছিল? প্ৰবল আত্মবিশ্বাস৷ ক’ৰ পৰা আহে এই আত্মবিশ্বাস? প্ৰখৰ সমাজ অধ্যয়নৰ পৰা৷ আত্মবিশ্লেষণ আৰু তীব্ৰ সৃষ্টিশীলতাৰ পৰাই নহয় জানো৷ জুবিন গাৰ্গক সমালোচনা কৰিব পাৰি(CMকে ধৰি বহু মূধাভুটা মানুহে কৰি থৈছে)কিন্তু অবজ্ঞা কৰিব নোৱাৰি আৰু জুবিন গাৰ্গ হ’বও নোৱাৰি৷ জুবিন গাৰ্গে নিজে লিখা গানবোৰৰ সাংগীতিক প্ৰকাশ আৰু জুবিন গাৰ্গে নিজে সংগীত দি গোৱা গানবোৰৰ তুলনা কৰি মই শলথেকত পৰি যাওঁ৷ আচলতে এই অদ্ভূত creative মানুহটোৰ আচল সংগীত সত্তা কোনটো? বাকী আনৰ গান আৰু সংগীতত গোৱা বেচিভাগ গানেই দৰাচলতে অনুপ্ৰেৰণা দিবলৈ গোৱা গীত, এক ধৰণৰ ভবিষ্যত সংগীত ক্ষেত্ৰ এখন নিৰ্মাণৰ বাবে ছাগৈ নিজৰ অজানিতে কৰা এক social responsibility.আনহাতে প্ৰতিকূল পৰিস্থিতিত বলীউডী হিন্দী গনৰ পৰা মুক্ত কৰি অসমীয়া সংগীতক একক প্ৰচেষ্টাৰে স্বকীয় গতি দি এক যুগৰ বৈশিষ্ট্য ৰক্ষা কৰি গ’ল জাতিটোৰ বাবে জুবিন গাৰ্গে৷ ক্ষমা কৰিবা জুবিনদা৷ তোমাক সময়ত বুজিব নোৱাৰিলোঁ৷ #JusticeForZubeenGarg