পাঁচ গৰাকী নীট উত্তীৰ্ণ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা ডাঃ আনোৱাৰ হুছেইন চৌধুৰীৰ

জমিৰ উদ্দিন তালুকদাৰ

নগাঁও জিলাৰ বলিকটীয়া ৰাজ্যিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ আনোৱাৰ হুছেইন চৌধুৰীৰ এক বিশেষ কামক সকলোৱে শলাগ লৈছে৷ চিকিৎসক গৰাকীয়ে আজি নিজৰ জন্মস্থান আৰু কৰ্মস্থান বলিকটীয়া অঞ্চলৰ পাঁচ গৰাকী নীট উত্তীৰ্ণ সফল শিক্ষাৰ্থীক সম্বৰ্ধনা জনায়৷ এইবাৰৰ নীট পৰীক্ষাত সফলতাৰে যোগ্যতা অৰ্জন কৰি বৃহত্তৰ বলিকটীয়া অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা পাঁচ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰী হৈছে ক্ৰমে চিকিৎসক মোস্তাফা আহমেদ সৰকাৰৰ পুত্ৰ মায়ান মাছুদ সৰকাৰ, ফৰমান আলীৰ কন্যা শ্বেখ তামান্না ৰাছুল, আমদাদুল ইছলামৰ পুত্ৰ মিছবাহ আহমেদ, পুঠিমাৰীৰ আবুল কালামৰ পুত্ৰ মোজাহিদুল ইকবাল, আৰু সৰু ৰাধা আটি গাঁৱৰ ৱাহিদুৰ ৰহমানৰ পুত্ৰ ৰাজনুৰ আহমেদে এই সাফল্য কঢ়িয়াই আনে৷ শুকুৰবাৰে এইসকল সফল বিদ্যাৰ্থীক বলিকটীয়া ৰাজ্যিক চিকিৎসালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়৷ স্থানীয় বিশিষ্ট ব্যক্তি, অভিভাৱকৰ উপস্থিতিত অনুষ্ঠিত সভাখনত নীট উত্তীৰ্ণ মেধাৱী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা, জাপি, স্মাৰক আৰু নগদ ধনেৰে সম্বৰ্ধনা জনোৱা হয়। লগতে মেধাৱী ছাত্ৰ-ছাত্ৰীৰ পিতৃ মাতৃকো সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত বিশিষ্ট চিকিৎসক ডাঃ আনোৱাৰ হুছেইন চৌধুৰীয়ে সফলতাৰে নীট উত্তীৰ্ণ প্ৰতিজন ছাত্ৰ-ছাত্ৰীক সু-চিকিৎসক হোৱাৰ লগতে নিজৰ সমাজখনৰ প্ৰতি একোগৰাকী দায়ৱদ্ধ নাগৰিক হোৱাৰ আহ্বান জনায়। অনুষ্ঠানত বিশিষ্ট চিকিৎসক ডাঃ তফাজুল হুছেইন, অৱসৰপ্ৰাপ্ত শিক্ষক নিজাম আলী, সমাজসেৱক আবু বক্কৰ ছিদ্দিক চেলিম, শিক্ষাবিদ মোবাৰক হুছেইনৰ প্ৰেৰণাদায়ক ভাষণে ছাত্ৰ-ছাত্ৰীক বহুখিনি উৎসাহিত কৰে। এই অনুষ্ঠানত বলিকটীয়া ৰাজ্যিক চিকিৎসালয়ৰ কৰ্মচাৰীৰ লগতে অঞ্চলটোৰ কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত আছিল। বলিকটীয়া অঞ্চলৰ পৰা নীট উত্তীৰ্ণ হোৱা প্ৰতিগৰাকী সফল শিক্ষাৰ্থীলৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে স্থানীয় নুৰুন নাহাৰ জাতীয় একাডেমী আৰু এ এছ মডেল একাডেমীৰ সঞ্চালক অধিবক্তা ফৰিদা ফাৰহানা আহমেদে ৷

Related Articles