◆ড৹ শৰৎ বৰকটকী◆
কাহিনীটো ৰাঘবন আৰু পত্নী পদ্মাৰ।ঘৰ তামিলনাডুৰ মাদুৰাইত।ৰাঘবনৰ বিয়াৰ পিছতে তথ্য প্ৰযুক্তিৰ বহুজাতিক কোম্পানীৰ চাকৰিৰ সূত্ৰে আমেৰিকালৈ যাব লগা হৈছিল।এইবাৰ পত্নী পদ্মাক নিবলৈ ভাৰতলৈ আহিছিল। এয়াৰপৰ্টত নমাৰ সময়তে আমেৰিকাৰ কোম্পানীৰ পৰা ফোন আহিল, তৎক্ষণাৎ উভতি যাব লাগে কাৰণ আমেৰিকাত নতুন ভিছা নীতি ঘোষণা হৈছে। ৰাঘবন এয়াৰপৰ্টৰ পৰাই আকৌ আমেৰিকালৈ উভতি গল। পত্নীক আৰু নিয়া নহল। আন এটা কাহিনী চীন দেশৰ।য়াং পৰিয়ালৰ এলেনা লি আৰু জেছি লিৰ পৰা শুনা ।১৪ ছেপ্টেম্বৰত এমিলি চেন আৰু ডেভিদ ইয়াঙে আমেৰিকাৰ পৰা চাংহাইলৈ ১৪ ঘণ্টীয়া বিমানত উঠিছিল। আমেৰিকাৰ চফট্ ৱেৰ কোম্পানীত এইচ-১বি ৱৰ্ক ভিছাত কাম কৰিছিল, তেওঁলোকে ঘৰলৈ উভতি আহি বিয়াৰ পৰিকল্পনা কৰি কেইবামাহো থকাৰ কথা আছিল। আমেৰিকাৰ পৰা অহাৰ দুদিনৰ আগতে এমিলি চেনৰ ককাক-আইতাকৰ মৃত্যু হৈছিল।বিয়াৰ আগতে ককাক আৰু আইতাকৰ অন্ত্যেষ্টিক্ৰিয়াত গৈ অংশ গ্ৰহণ কৰি শ্ৰদ্ধা নিবেদন কৰাৰ পৰিকল্পনা আছিল।( চীন দেশত ঘৰৰ সদস্য নাথাকিলে সাধাৰণ স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰি আত্মীয় ঘৰলৈ আহিব নোৱাৰালৈকে সমাধিস্থ কৰাৰ কাম পিছুৱাই দিয়ে।)সকলো প্ৰস্তুতিও ভাল দৰে চলিছিল। বিয়াৰ বাবে চীনৰ পৰম্পৰাগত কাপোৰ কিনা হৈ গৈছিল। নতুন দম্পতী হালৰ বাবে য়াং পৰিয়ালে ৰঙা ৰঙেৰে এটা কোঠা সজাইছিল। চেনৰ ঘৰ ঝেজিয়াঙত ভোজ অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলিছিল। তাৰ পিছত এদিন হঠাতে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এইচ-১বি ভিছা আবেদনৰ ওপৰত এক লাখ ডলাৰ মাচুল আৰোপ কৰা ঘোষণাত স্বাক্ষৰ কৰিলে আৰু এমিলি চেন আৰু ডেভিদ ইয়াঙে সকলো বাদ দি লৰালৰিকৈ আমেৰিকালৈ উভতনি যাত্ৰাৰ বাবে তেওঁলোকে বিমানবন্দৰলৈ দৌৰিব লগা হৈছিল।ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই নিৰ্দেশৰ বাবে হাজাৰ, হাজাৰ এইচ-১বি ভিছাত কাম কৰি থকা সকলক আতংকিত কৰি তুলিছিল। মাইক্ৰ’ছফ্ট আলফাবেট আৰু গোল্ডমেন চেক্সৰ দৰে ডাঙৰ নিয়োগকৰ্তাই এইচ-১বি কৰ্মীসকলক বিদেশ ভ্ৰমণ নকৰিবলৈ আহ্বান জনাই জৰুৰী ই-মেইল প্ৰেৰণ কৰিছিল। উভতনি যাত্ৰাত বিমানৰ দাম আকাশলংঘী হৈ পৰিছিল এইচ-১বি ( H-1B) ভিছা হৈছে আমেৰিকাৰ এক বিশেষ non-immigrant work visa, যাৰ জৰিয়তে বিদেশী দক্ষ কৰ্মীসকলে (বিশেষকৈ বিজ্ঞান, প্ৰযুক্তি, ইঞ্জিনিয়াৰিং, গণিত তথা চিকিৎসা ক্ষেত্ৰত) আমেৰিকালৈ কাম কৰিবলৈ সুযোগ লাভ কৰে। কথাটো এনেকৈ কব পাৰি যে,এইচ-১বি ভিছা হৈছে “বিশেষ বৃত্তি”ত অস্থায়ী নিয়োগৰ বাবে আমেৰিকাৰ ভিছা, যিবোৰত স্নাতক ডিগ্ৰী বা তাতকৈ অধিক ডিগ্ৰীৰ প্ৰয়োজন হয়, যেনে আই টি, অভিযান্ত্ৰিক বা চিকিৎসা বিজ্ঞান আদি। এজন আমেৰিকাৰ নিয়োগকৰ্তাই আমেৰিকাৰ নাগৰিকত্ব আৰু অভিবাসন সেৱা (USCIS) কেন্দ্ৰত আবেদন দাখিল কৰি বিদেশী কৰ্মচাৰজনক পৃষ্ঠপোষকতা কৰিব লাগিব। এই ভিছা ছবছৰলৈকে বৈধ (প্ৰথম অৱস্থাত তিনি বছৰ, সম্ভাৱ্য তিনি বছৰ বৃদ্ধিৰ সৈতে) ।ভাৰতীয়সকলৰ বাবে এই ভিছা বহু বছৰৰ পৰা বিদেশত কেৰিয়াৰ গঢ়ি তোলাৰ এক সৰ্বাধিক গুৰুত্বপূর্ণ বুলি বিবেচিত হৈ আহিছে।
ভাৰতীয় তথ্য প্ৰযুক্তি খণ্ড, বিশেষকৈ টাটা কনসালটেন্সি ছাৰ্ভিচ (TCS), ইনফ’ছিছ, উইপ্ৰ’, টেক মাহিন্দ্ৰা, এইচ-সিএল আদি কোম্পানীৰ বহু কৰ্মী এইচ-১বি ভিছাৰ জৰিয়তে আমেৰিকাত কাম কৰি আছে।এই ভিছাৰ জৰিয়তে ভাৰতীয় প্ৰতিভা বিশ্ববজাৰত প্ৰৱেশৰ সুযোগ পাইছে।ভাৰতীয় কোম্পানীয়ে আমেৰিকান মুদ্ৰাত আয় কৰিব পাৰিছে, যাৰ ফলত দেশৰ জিডিপি বৃদ্ধি হৈছে।বহু অভিযন্তাই আমেৰিকাত কাম কৰি অভিজ্ঞতা সংগ্ৰহ কৰি দেশলৈ ঘূৰি আহি ভাৰতীয় সংস্থাবোৰৰ প্ৰযুক্তিগত মান উন্নত কৰিছে।আমেৰিকাত কাম কৰা ভাৰতীয়সকলে প্ৰত্যেক বছৰ বিলিয়ন ডলাৰ ৰেমিটেন্সৰ জৰিয়তে দেশলৈ পঠায় । যাৰ ফলত ভাৰতীয় অৰ্থনীতিৰবাবে এক গুৰুত্বপূর্ণ বুলি অভিহিত হৈ আহিছে। তদুপৰি বিশ্বব্যাপী তথ্যপ্ৰযুক্তি বাণিজ্যত ভাৰতৰ স্থান শক্তিশালী হৈছে।ভাৰতীয় দক্ষ কৰ্মীৰ ওপৰত বিদেশত গুৰুত্ব বৃদ্ধি হোৱাত শিক্ষাৰ মান উন্নত কৰিবলৈ উৎসাহ দিছে আৰুএইচ১ -বি ভিছাৰ উচ্চ চাহিদাই ভাৰতীয় শিক্ষাব্যৱস্থাত এক ইতিবাচক প্ৰভাৱ পেলাইছে।ইঞ্জিনিয়াৰিং, কম্পিউটাৰ বিজ্ঞান, গণিত, আৰু প্ৰযুক্তি বিষয়ৰ অধ্যয়নৰ প্রতি যুবপ্ৰজন্মৰ আগ্ৰহ বৃদ্ধি পাইছে।২১ বছৰৰ তলৰ পত্নী আৰু অবিবাহিত সন্তানে এইচ-১বি ভিছা ধাৰীৰ লগত যাবলৈ এইচ-৪ অৰ্থাৎ নিৰ্ভৰশীল ভিছাৰ বাবে আবেদন কৰিব পাৰে।আজিৰ যুগত ভিছা শব্দটোৰ লগত যেন এক আশা আৰু সম্ভাৱনাৰ কথা সোমাই থাকে। ভিছা কেৱল বিদেশলৈ প্ৰৱেশ কৰাৰ অনুমতি-মাত্ৰ নহয়, ই হৈছে নতুন স্বপ্নৰ দুৱাৰ। নতুন অভিজ্ঞতাৰ পথাৰ। শিক্ষা, কৰ্মসংস্থান, বাণিজ্য বা পৰ্যটনৰ ক্ষেত্ৰত ভিছাই হয় জীৱনৰ গতি সলনি কৰাৰ এক গুৰুত্বপূৰ্ণ দস্তাবেজ।ভিছা মানে কেৱল কাগজৰ অনুমতি পত্ৰ নহয়।ই হৈছে ভৱিষ্যতৰ ওপৰত আশাৰ বন্তি।মনকৰিলগীয়া যে
আমেৰিকাৰ ভিছা নীতি প্ৰতি ভাৰতীয়সকলৰ বাবে অত্যন্ত সংবেদনশীল। কিছুমানে শিক্ষা লাভৰ আশাৰে আৰু কিছুমানে নিজৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ, আনহাতে কোনোবাই ভ্ৰমণৰ আনন্দ লভিবলৈ যায় ।কিন্তু আমেৰিকাৰ ভিছা নীতি আজি কঠোৰ আৰু জটিল। আবেদনকাৰী সকল সাক্ষাৎকাৰ, প্ৰমাণপত্ৰ আদিকে ধৰি কঠোৰ পৰীক্ষাৰ মাজেৰে যাব লগা হয়।ছাত্ৰ ভিছা, কর্মসংস্থাপন ভিছা, পৰ্যটন ভিছাৰ বাবে প্ৰতিটো বিভাগৰ নিজৰ নিজস্ব নিয়ম আছে। শিক্ষাৰ্থীসকলৰ বাবে এফ ওৱান (F-1) বা জে ওৱান(J-1 )ভিছা, দক্ষতা থকা সকল,অভিযন্তাৰ বাবে -এইচ ওৱান বি ( H-1B) ভিছা, আৰু পৰ্যটকসকলৰ বাবে বি ওৱান, বি তু (B-1, B-2 ভিছা। এই নীতিসমূহ নমনীয় হ’লে ভাৰতীয় প্ৰতিভা আমেৰিকালৈ যাব পাৰে কিন্তু কঠোৰ হ’লে বহু আশাই স্তব্ধ হৈ পৰে।বিশেষকৈ এইচ ওৱান বি( H-1B) ভিছা ভাৰতীয় তথ্য-প্ৰযুক্তি আৰু চিকিৎসা ক্ষেত্ৰৰ কৰ্মজীৱীসকলৰ বাবে সপোনৰ ঠাই। এই ভিছাৰ জৰিয়তেই আজিৰ দিনত গুগল, মাইক্ৰ’ছফ্ট, আই বি এম আদি আমেৰিকাৰ প্ৰতিষ্ঠানত ভাৰতীয়সকল শীৰ্ষপদত বহি আছে। যুক্তৰাষ্ট্ৰৰ প্ৰায় ৭০-৭৫ শতাংশই ভাৰতীয়ৰ এইচ ওৱান বি ভিছা আছে।কব পাৰি যে, এই ভিছাই আমেৰিকা আৰু ভাৰতৰ মাজত ই হৈছে এক সাংস্কৃতিক সেতু নিৰ্মাণ কৰিছে য’ত দুয়োখন দেশৰ মাজত জ্ঞান, অভিজ্ঞতা আৰু প্ৰতিভাৰ মিলন ঘটিছে।কিন্তু শেহতীয়া ভিছা নীতিৰ পৰিৱৰ্তনে যেন গভীৰ হতাশাৰ পৰিৱেশ সৃষ্টি কৰিছে। অন্য হাতে এনে হথকাৰি নীতিৰ বিৰুদ্ধে আমেৰিকাত তীব্ৰ প্ৰতিবাদ হৈছে।এতিয়া নতুন এইচ-১বি(H-1B ) ভিছা আবেদনকাৰীসকলৰ বাবে এক লাখ ডলাৰ ফিজ নিৰ্ধাৰণ (ভাৰতীয় টকা মূল্য ৮৮লাখ, ৭০হাজাৰ তিনিশ টকা।) কৰিছে। এই ধন সাধাৰণতে নিযুক্তি দিয়া কোম্পানীসমূহে বহন কৰে। কিন্তু এই বৃহৎ ধনৰাশি কোম্পানী বোৰে এতিয়া বহন কৰিবলৈ অনীহা প্ৰকাশ কৰিব।ইয়াৰ উপৰি ব্যক্তিগত সাক্ষাৎকাৰ বাধ্যতামূলক, সামাজিক মাধ্যমৰ বিৱৰণ দাখিলৰ নিয়ম কৰিছে।এইবোৰে আবেদনকাৰীৰ সময়, ধন, আৰু মানসিক স্থিৰতা সকলোতে প্ৰভাৱ পেলাইছে। শিক্ষাৰ্থীসকলৰ অধ্যয়ন সময়সূচী, কৰ্মজীৱীসকলৰ কৰ্মসংস্থান আৰু পৰ্যটকৰ আনন্দ,সকলোতে অসুবিধা বৃদ্ধি পাইছে।এই পৰিস্থিতিয়ে বহুজনক বিকল্প দেশৰ সন্ধান কৰিবলৈ বাধ্য হৈছে। কানাডা, অষ্ট্ৰেলিয়া বা ইউৰোপৰ বহু দেশ নতুন গন্তব্য স্থান হৈ উঠিছে। তথাপিও আমেৰিকা হৈছে স্বপ্নৰ দেশ, প্ৰতিভাৰ গন্তব্য। সেয়ে আমেৰিকাৰ ভিছা নীতিৰ পৰিৱৰ্তনে ভাৰতীয় সমাজ, অৰ্থনীতি আৰু সংস্কৃতিৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে।
বিশেষজ্ঞসকলে কৈছে যে, দক্ষ মানৱশক্তিৰ ওপৰত বাধা দিয়া মানেই দুয়োখন দেশৰেই ক্ষতি। ভিছা কেৱল প্ৰৱেশৰ অনুমতি নহয়, ই দুটা সংস্কৃতিৰ মাজত এক সেতু, যি আমাৰ সমাজক একে সময়ে বৈদেশিক অভিজ্ঞতাৰ সমৃদ্ধি আৰু আন্তৰ্জাতিক ভাৱৰ সৈতে বান্ধিব পাৰে।
এনে পৰিস্থিতিতো আশাৰ দুৱাৰ বন্ধ হৈ যোৱা নাই। ভাৰতীয় প্ৰতিভাই বিশ্বৰ যিকোনো মঞ্চত নিজৰ ঠাই উলিৱাই লব পাৰিব।ৰাষ্ট্ৰসংঘত ভাৰতৰ প্ৰাক্তন স্থায়ী প্ৰতিনিধি চৈয়দ আকবৰুদ্দিনে আমেৰিকাৰ এইচ-১বি ভিছা মাচুল বৃদ্ধিৰ তীব্ৰ সমালোচনা কৰি “আস্থাৰ ওপৰত কৰ” বুলি সমালোচনা কৰি সঁকিয়াই দিছে যে ইয়াৰ ফলত দুয়োখন দেশৰ পাৰস্পৰিক সম্পৰ্ক নষ্ট হব । চৈয়দ আকবৰুদ্দিনে শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে এইচ-১বি ভিছাত এক লাখ মাৰ্কিন ডলাৰৰ মাচুল বৃদ্ধিৰ ঘোষণাক “প্ৰতিভাৰ দলঙ”ৰ ওপৰত বাধাৰ দিয়া কথা তুলনা কৰি কয় যে দক্ষ প্ৰব্ৰজনৰ ওপৰত কৰ আৰোপ কৰিলে অন্য ঠাইত সুযোগৰ সূচনা হব পাৰে।
যুক্তৰাষ্ট্ৰীয় বাণিজ্য সংস্থাই যোৱা ১৬ অক্টোবৰ তাৰিখে আদালতত এইচ- ১ বি ভিছাৰ নতুন মাচুলৰ বিৰুদ্ধে আইনী বিচাৰৰ বাবে আবেদন দাখিল কৰিছে। আদালতে কি ৰায় দিয়ে একো কব নোৱাৰি। শেহতীয়াকৈ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প চৰকাৰে ৰাইজৰ মাজত সমালোচনা হোৱা দেখি আগতে যাৰ এইচ ১- বি ভিছাও আছে অথবা নৱীকৰণ কৰিব লগা হব তেওঁলোকৰ বাবে এই নতুন মাছুল প্ৰযোজ্য নহয় বুলি ঘোষণা কৰিছে। এইচ১-বি ভিছাধাৰীসকলৰ পৰিয়ালৰ সদস্যই আমেৰিকালৈ গলে এইচ-৪ ভিছা লব লাগে । এই সকলক আমেৰিকাত নিয়োগ কৰিবলৈ অনুমতি দিয়া নিয়মক বিৰোধিতা কৰি দাখিল কৰা এখন আবেদন উচ্চতম ন্যায়ালয়ে নাকচ কৰিছে।আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তই এইচ- ৪ ভিছা ধাৰী সকলক সকাহ প্ৰদান কৰিছে।
এতিয়া আমেৰিকাত ডনাল্ড ট্ৰাম্পৰ এনেবোৰ নীতিৰ বিৰুদ্ধে প্ৰবল জনমত গঢ়ি উঠিছে। হাজাৰ হাজাৰ লোকে ৰাজপথলৈ আহি ৰজাৰ দৰে ব্যৱহাৰ কৰা নচলিব বুলি ডনাল্ড ট্ৰাম্পক সঁকিয়াই দিছে।আমেৰিকান সাতজন সাংসদে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বাণিজ্য সচিব হাৱাৰ্ড লুটনিকলৈ চিঠি লিখি এইচ- ১ বি ভিছা নীতি বন্ধ কৰিবৰ বাবে দাবী জনাইছে।।ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ টুপিৰ তলেদি বতাহ সোমাই নতুন এইচ- ১ বি ভিছা নীতি উৰুৱাই নিব বুলি আমেৰিকাৰ ৰাজনৈতিক বিশ্লেষক সকলে মত পোষণ কৰিছে।