ডিজিটেল সেৱা: আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাক । সোমবাৰে পুৱা ৬ বাজি ১৫ মিনিটত চেন্নাইৰ এখন হাস্পতালত চিকিৎসাধীন অৱস্থাত ৫৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বাঁহীবাদক শৰ্মাই । যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ চেন্নাইত চিকিৎসাধীন হৈ আছিল বিশিষ্ট বাঁহীবাদকগৰাকী ।মঙলবাৰে পুৱাই চেন্নাইৰ পৰা অসমলৈ অনা হয় শিল্পীগৰাকীৰ নশ্বৰ দেহ । বৰঝাৰৰ পৰা পোনে পোনে শিল্পীগৰাকীৰ নশ্বৰ দেহ লৈ অহা হয় গুৱাহাটীৰ অম্বিকাগিৰি নগৰস্থিত বাসগৃহলৈ । তাত ধৰ্মীয় নীতি-নিয়ম অনুসৰি শেষ শ্ৰদ্ধা নিবেদন কৰে পৰিয়ালৰ লোকে ।তাৰ পাছতে বাঁহীৰ সুৰৰ মুৰ্চনাৰে শেষ শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ ছাত্ৰসকলে । বাঁহী বজাই সমদল কৰি নিজা বাসগৃহৰ পৰা অম্বিকাগিৰি নগৰৰ সেউজ সংঘৰ বাকৰিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে অনা হয় শিল্পীগৰাকীৰ নশ্বৰ দেহ । তাতেই গুণমুগ্ধ তথা দল-সংগঠনে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শিল্পীগৰাকীক । ইয়াৰ পিছতে নৱগ্ৰহ শ্মশানলৈ নিয়া হয় আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদকগৰাকীৰ নশ্বৰ দেহ । সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় দীপক শৰ্মাৰ । বিভিন্নজনে বিশিষ্ট শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই সুঁৱৰিলে তেওঁৰ সৈতে থকা বহু স্মৃতি ।শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাঙে কয়,”সংস্কৃতিক কৰ্মীসকলৰ বাবে এটা ডাঙৰ ক্ষতি । ৰাজীৱ শদিয়া, গায়ত্ৰী হাজৰিকা, জুবিন গাৰ্গ, চৈয়দ ছাদুল্লা গুচি গ’ল । কালি দীপক শৰ্মাও গুচি গ’ল । তেখেত আমাৰ বাবে ৰত্ন আছিল । যিজন মানুহে দেশে-বিদেশে আমাৰ থলুৱা সংস্কৃতি পৰিচয় কৰাই দিছিল । এক অপুৰুণীয় ক্ষতি । বহুত আশা তেওঁৰ থাকি গ’ল । মিউজিক স্কুল এখন খোলাৰ কথা তেওঁ কৈছিল ।”কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াই কয়, “২০২৫ত একো কবলৈ নাই । জুবিন গাৰ্গক হেৰুৱাৰ শোকৰ পৰা আমি মুক্ত হ’বই । দীপক দা উভতি আহিব বুলিয়েই ভাবিছিলোঁ । দীপক দাৰ মোৰ লগত সম্পর্ক অকণমান সুকীয়া আছিল । কোনো বাণিজ্যিক সম্পর্ক নাছিল । গুৱাহাটীলৈ প্ৰথম আহোতে সাহস দিয়া মানুহবোৰৰ ভিতৰত এজন আছিল দীপক শৰ্মা । দীপক দাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিখিনি কাম কৰি থৈ গ’ল সেইখিনি যদি অসমীয়া জাতিয়ে পাহৰি যায় তেন্তে নিজকে পাহৰি যোৱা হ’ব ।”অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই কয়, “অসমৰ লোক-সংস্কৃতিক অতি শক্তিশালী ৰূপত প্ৰতিনিধিত্ব কৰা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা আমাৰ মাজৰ পৰা হঠাৎ হেৰাই গ’ল । এইটো জাতীয় জীৱনৰ বাবে অপুৰণীয় ক্ষতি ।
ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় বাঁহীবাদক দীপক শৰ্মাৰ