ডিজিটেল সেৱা: অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয় । নগাঁও ইলেক্ট্ৰ’নিক মিডিয়া এছ’চিয়েচনৰ উদ্যোগত কমলাদেৱী তোদী স্মৃতি ভৱনৰ সভাগৃহত দিনজোৰা কাৰ্যসূচীৰে এই বিশেষ দিনটো উদযাপন কৰা হয় ।

এই উপলক্ষে জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাৰ সভাপতিত্বত এখনি সভাও অনুষ্ঠিত হয় । সাংবাদিক জ্যোতিপ্ৰসাদ বৰাই আঁত ধৰা এই সভাখনত নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা, বিধায়ক ৰূপক শৰ্মা, এডিপি কলেজৰ অধ্যক্ষ ড৹ সদানন্দ পায়েং,

গল্পকাৰ শিৱানন্দ কাকতি, অৱসৰপ্ৰাপ্ত অধ্যাপক মোহিনীমোহন ডেকা, নিবন্ধকাৰ গিৰীশ চন্দ্ৰ দাস, ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰা আদিকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । আজিৰ এই বিশেষ অনুষ্ঠানটিতে জ্যেষ্ঠ সাংবাদিক খৰ্গেশ্বৰ বৰুৱা, মানৱজ্যোতি বৰা আৰু বিভূতি বৰাক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।