ডিজিটেল সেৱা, নগাঁও: আজি নগাঁও চহৰৰ প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক,লেখক হেমেন কুমাৰ দাসক ড°আবু হাণিফা স্মাৰক সাংবাদিক বঁটা ‘২০২৫ প্ৰদান কৰা হয়। আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে হয়বৰগাঁও প্ৰেছ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত বিশেষ অনুষ্ঠানত সাংবাদিক গৰাকীক এই বঁটা প্ৰদান কৰে বিশিষ্ট শিক্ষাবিদ ড° ৰৌজলীনা জাহানে। এই বঁটাত আছে গামোচা, চেলেং, জাপি, মানপত্ৰ আৰু এটি স্মাৰক।ড°আবু হাণিফা স্মাৰক সাংবাদিক বঁটা গ্ৰহণ কৰি লেখক -সাংবাদিক হেমেন কুমাৰ দাসে কয়,”বঁটা বাহন আদিৰ প্ৰতি মোৰ কোনো আসক্তি নাই। সততাৰে,অতি স্বচ্ছতাৰে, দায়িত্ব সহকাৰে নিজৰ কৰ্তব্য সম্পাদন কৰি গৈছো। মোৰ কামৰ স্বীকৃতি ৰাইজৰ পৰাহে বিচাৰো।”সাংবাদিক দাসে আৰু কয়,”বঁটা প্ৰাপ্তিয়ে কৰ্মক্ষেত্ৰলৈ পূৰ্ণতা নানে, প্ৰাপকক কিছু দায়িত্বশীলহে কৰি তোলে। নিজৰ কৰ্মক্ষেত্ৰৰ লগতে সমাজৰ প্ৰতি।”
ড° আবু হাণিফা স্মাৰক বঁটা গ্ৰহণ কৰি ধন্য হোৱা বুলি মন্তব্য কৰি দাসে লগতে আৰু কয়,”২০২৩ বৰ্ষত মই নগাঁও জিলা সংবাদ ৰত্ন বঁটা গ্ৰহণ কৰাৰ পাছত ইতিপূৰ্বে মই কেইবাটাও বঁটা, সন্মান প্ৰত্যাখ্যান কৰিছো। কিন্তু হয়বৰগাঁও প্ৰেছ ক্লাবে প্ৰদান কৰা ড°আবু হাণিফা স্মাৰক বঁটাটো প্ৰত্যাখ্যান কৰাৰ ধৃষ্টতা মোৰ নহ’ল।এই বঁটাৰ সৈতে যিগৰাকী মহীৰূহৰ নাম জড়িত হৈ আছে তেওঁ আমাৰ মাগদৰ্শক আছিল।

নগাঁৱৰ সংবাদক্ষত্ৰ খনলৈ তেওঁৰ অৱদান কৈ শেষ কৰিব নোৱাৰি।এই গৰাকী মহিৰূহৰ নামত দিয়া সংবাদিক বঁটাটি আজি গ্ৰহণ কৰিবলৈ পাই মই ধন্য হ’লো।জীৱনত কিবা এটা ভালকাম কৰিব পাৰিছো বুলি ভাৱ হৈছে।এই বঁটাটি প্ৰদান কৰি মোক সন্মান যঁচাৰ বাবে হয়বৰগাঁও প্ৰেছ ক্লাবক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আজি এই বঁটাটি গ্ৰহণ কৰি মই আপোনালোকক কথা দিছো পৰিস্থিতি যিয়েই নহওঁক কিয় সততা কেতিয়াও ত্যাগ নকৰো।”দাসে বৰ্তমানৰ সাংবাদিকতাত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰে। বৰ্তমানৰ সাংবাদিকতাত নৈতিকতা আৰু সমন্বয়ৰ অভাৱ পৰিলক্ষিত হয় বুলি তেওঁ কয়। হয়বৰগাঁও প্ৰেছ ক্লাবৰ উপদেষ্টা নিজৰা শইকীয়া আৰু সভাপতি দিব্যজ্যোতি বৰুৱাই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ড° মঞ্জু লস্কৰ, বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি, প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱা, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপিকা ড° অমিয়া পাটৰ, কবি ৰিণি নেওগ বৰা,নগাঁও প্ৰিন্ট মিডিয়া এছ’চিয়েছনৰ সভাপতি কনক হাজৰিকা প্ৰমুখ্যে কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে।অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ড° মঞ্জু লস্কৰে নিজৰ ভাষণত কয়, “ভাষা নাথাকিলে ইতিহাস বিচাৰি নাপাব।”তেওঁ লগতে আৰু কয় যে, আজিকালি কাকতৰ পাঠক ৰাইজ আৰু নিউছ চেনেলৰ দৰ্শক ৰাইজ সজাগ আৰু সচেতন। সেয়ে বহু পৰ বিভ্ৰান্তিকৰ বাতৰিৰে আভুৱা ভুলাব নোৱাৰে।

বিশিষ্ট গল্পকাৰ শিবানন্দ কাকতিয়ে নিজৰ ভাষণ প্ৰদানত কয়,” সাংবাদিকৰ বিশ্বাস যোগ্যতাই হৈছে মূলমন্ত্ৰ ৷”অনুষ্ঠানত উপস্থিত থাকি নগাঁও প্ৰিন্ট মিডিয়া এছ’চিয়েছনৰ সভাপতি কনক হাজৰিকাই কয়,”স্বতন্ত্ৰ ,নিৰ্ভিক , নিষ্ঠা আৰু দ্বায়িত্বশীল সংবাদ মাধ্যমে ৰাষ্ট্ৰ নিৰ্মাণত এক ইতিবাচক ভুমিকা পালন কৰি আহিছে। তাৰ পাছতো সংবাদ মাধ্যম আৰু সাংবাদিক সংবিধান প্ৰদত্ত বাক স্বাধীনতাৰ অধিকাৰৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হব লগা হৈছে।”অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী ফৰিদা ফাৰহানা আহমেদ, বিশিষ্ট চিকিৎসক ডাঃ ছফিকুল ইছলাম, বিশিষ্ট সমাজকৰ্মী দেবেন্দ্ৰ সিং, ডা° কামাল হাছান,ড০ তুলুমণি দেবী, হয়বৰগাঁও প্ৰেছ ক্লাবৰ সম্পাদক মোস্তফা কামাল প্ৰমুখ্যে শতাধিক বিশিষ্ট ব্যক্তি, সংবাদকৰ্মী উপস্থিত থাকে।