ডিজিটেল সেৱা, চামগুৰি: নগাঁও জিলাৰ চামগুৰিস্থিত অগ্ৰণী প্ৰতিষ্ঠান যোগপ্ৰেৰণা ফাউণ্ডেচনে ১৮ নৱেম্বৰ ২০২৫ খ্ৰীষ্টাব্দ মংগলবাৰে অসমীয়াৰ প্ৰাণৰ জুবিন গাৰ্গৰ ৫৩ বছৰীয়া জন্মদিনটো তেওঁৰ প্ৰতি থকা মৰম আৰু সন্মানাৰ্থে জুবিন গাৰ্গক পোন প্ৰথমবাৰৰ বাবে “দিব্য মানৱ” বুলি স্বীকৃতি প্ৰদান কৰে। লগতে “দিব্য মানৱ জুবিন গাৰ্গ বিশেষ দিন” হিচাপে পালন কৰা পৰিলক্ষিত হয়।

উক্ত অনুষ্ঠানতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে যোগ প্ৰেৰণা ফাউণ্ডেচনৰ পৰিচালন সঞ্চালিকা ড°ৰেখামণি দাসে ,পৰবৰ্তী সময়ত নাহৰ পুলি ৰোপণ কৰাৰ পিছত যোগপ্ৰেৰণাৰ আন এক সপোন *ৰঙীন অনুভৱেৰে জীপাল চিন্তামুক্ত শান্তিৰ বতৰা কঢ়িয়াই অনা ছমহীয়া আলোচনী “দিব্য দৰ্শন” ৰ ডিজিটেল সংস্কৰণৰ বেটুপাত উন্মোচন কৰা হয়। উক্ত বেটুপাতটো অংকন কৰে অৰ্চিত বৰায়ে। এই আলোচনীখন প্ৰথম বৰ্ষৰ প্ৰথম সংখ্যাটো “দিব্য মানৱ জুবিন গাৰ্গ বিশেষ” সংখ্যা হিচাপে উন্মোচিত হ’ব বুলি জানিব পৰা গৈছে। সুন্দৰ , সুখ- শান্তি , সমৃদ্ধিশালী , আধ্যাত্মিক অথবা পৰিপূৰ্ণ প্ৰেম আৰু আনন্দৰে পৰিপূৰ্ণ এখন দিব্য সমাজ নিৰ্মাণৰ উদ্দেশ্যেৰে জন্ম দিয়া “দিব্য দৰ্শন” নামৰ আলোচনীখন সকলোৱে আদৰি ল’ব বুলি যোগ প্ৰেৰণা ফাউণ্ডেচনৰ সমূহ কাৰ্যকৰ্তায়ে আশা কৰিছে ।

অফলাইন আৰু অনলাইন যোগে ৰশ্মিৰেখা ৰাজখোৱা, অৰ্চিত বৰা, দৃষ্টি হিয়া শৰ্মা,নিলাক্ষী ৰাভা, কৃষ্ণানু কাব্যম বৰা, দৰিয়লি বৰা,আদৃতা বৰা, পাৰিজাত শইকীয়া, ভায়’লিনা শইকীয়া, নিজৰা গগৈ চেতিয়া, দিপশিখা বৰা, মৃদুস্মিতা কোঁৱৰ, বিদ্যুত বৰা, অৰুণা বৰা, প্ৰাণাজ্যোতি গগৈৰ লগতে বহু কেইজন লোক উপস্থিত থাকে।