ডিজিটেল সেৱা, ধিং :“স্বাস্থ্যৱান সমাজ স্বাস্থ্যৱান অসম” ৰ লক্ষ্যৰে সমগ্ৰ ৰাজ্যতে ১৮ ছেপ্টেম্বৰ তাৰিখৰ পৰা আৰম্ভ হোৱা মেগা স্বাস্থ্য শিৱিৰসমূহ মঙ্গলবাৰে নগাঁও জিলাৰ ধিং সমষ্টিৰ অন্তৰ্গত গিৰিবালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত নগাঁও জিলা স্বাস্থ্য বিভাগৰ অন্তৰ্গত ধিং খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্রৰ উদ্যোগত নগাঁও জিলাৰ অন্তিমটো স্বাস্থ্য শিবিৰ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা আয়োজন কৰা হয়।

অনুষ্ঠানৰ আৰম্ভণিতে সকলোৰে হিয়াৰ আমঠু হার্টথ্রব জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন উপলক্ষে তেওঁৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্রজ্বলন কৰি শ্রদ্ধা তর্পণ কৰে নগাঁও জিলা অতিৰিক্ত আয়ুক্ত(স্বাস্থ্য), সুদীপ নাথ আৰু জিলা যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক, ডা: তপন কুমাৰ শইকীয়াই।

ম’হকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া, ধিং খণ্ড প্রাথমিক চিকিৎসালয়, ডাঃ বিজয় বৰপাত্ৰগোহাঁই, অধীক্ষক, ধিং খণ্ড প্রাথমিক চিকিৎসালয়, ডাঃ মুকুট বৰা, শিশু উন্নয়ন প্ৰকল্প বিষয়া, ববি বৰুৱা, শ্ৰম পৰিদৰ্শক, ৰাজীৱ নেওঁগ, ডাঃ কৃষ্ণ বৰা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্রবন্ধক অনিৰ্বাণ বৰঠাকুৰ, জিলা সংবাদ বিশেষজ্ঞ, পৰিস্মীতা বুঢ়াগোহাঁইৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, নগাঁৱৰ সমূহ বিষয়ববীয়া, ধিং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিষয়ববীয়াসকলৰ লগতে বহুকেইজন সমাজকর্মী উপস্থিত থাকে।

এই শিবিৰত মুঠ ২৬৭২গৰাকী লোকৰ নাম পঞ্জীয়ন কৰা হয় আৰু ইয়াৰে প্ৰায় ১৬৮ গৰাকী লোকক পৰৱৰ্তী পৰ্য্যায়ৰ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণৰ সু-ব্যৱস্থা কৰা হয়। এই স্বাস্থ্য শিবিৰত স্বাস্থ্য সেৱাৰ সুবিধাৰ বাবে পঞ্জীয়ন ডেস্ক, ম’বাইল লেবৰেটৰী, জেনেৰেল লেবৰেটৰী, জেনেৰেল অ’পিডি, আয়ুষ আৰু কেঞ্চাৰ অ’পিডি স্থাপন কৰাৰ লগতে ম’বাইল মেডিকেল ইউনিট, এন. চি. ডি., বিশেষভাৱে সক্ষম শিশুৰ বাবে আবেদন আদিৰ ব্যৱস্থা কৰা হয়।