নগাঁও জিলাত পথ সুৰক্ষা সমিতিৰ মাহেকীয়া সভা সম্পন্ন

ডিজিটেল সেৱা, নগাঁও: নগাঁও জিলাৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভা কক্ষত জিলা পথ সুৰক্ষা সমিতিৰ মাহেকীয়া সভাখন আজি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় । সভাখনৰ উদ্দেশ্যে ব্যাখ্যা আৰু বিগত সভাৰ কাৰ্যবিবৰণিখন পাঠ কৰি তাৰ ওপৰত সংশ্লিষ্ট বিভাগ সমূহে গ্ৰহণ কৰা খতিয়ান দাঙি ধৰে, নগাঁও লোকনিৰ্মান বিভাগ (পথ)ৰ নগাঁও-হোজাই সংমণ্ডলৰ অধীক্ষক অভিযন্তা তথা জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব গোবিন্দ সিঙে ।

সভাত বিশেষকৈ জিলাখনত পুনপ্ৰথমবাৰৰ বাবে চিটিবাছৰ চলাচলৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয় । নগাঁও চহৰখনত দ্ৰুতগতিত বৃদ্ধি পোৱা দুৰ্ঘটনা আৰু ইৰিক্সাৰ নিয়ন্ত্ৰণৰ বিধিৰ সন্দৰ্ভতো সভাত আলোচনা কৰা হয় ।জিলাখনত অৱস্থিত মহা মৃত্যুঞ্জয় মন্দিৰলৈ অহা যোৱা কৰা গোমোঠা গাঁৱত পূৰ্বতে ৰাষ্ট্ৰীয় ঘাইপথত থকা টাৰ্ণিং পইণ্টতো বন্ধ কৰি দিয়াৰ ফলত স্থানীয় ৰাইজৰ অসুবিধাৰ সন্দৰ্ভত আজিৰ সভাত আলোচনা কৰা হয় আৰু ইয়াৰ বিকল্পৰ সন্দৰ্ভত শীঘ্ৰে প্ৰতিবেদন দাখিল কৰিবলৈ জিলা আয়ুক্ত গৰাকীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে। এই সভাত জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, অতিৰিক্ত আয়ুক্ত সুদীপ নাথ, অতিৰিক্ত আৰক্ষী অধীক্ষক, য়াংচেন ডুমা ভূটিয়া,কলিয়াবৰ আৰু ৰহা সমজিলাৰ সম আৰক্ষী অধীক্ষক দ্বয়কে প্ৰমুখ্য কৰি জিলা পথ সুৰক্ষা সমিতিৰ সদস্যসকল উপস্থিত থাকে ।

Related Articles