নগাঁও জিলাত জিলা উন্নয়ন সমিতিৰ মাহেকীয়া বৈঠক সম্পন্ন

ডিজিটেল সেৱা, নগাঁও: নগাঁও জিলা উন্নয়ন সমিতিৰ এই মাহৰ বৈঠকখন ১৯ নৱেম্বৰ তাৰিখে জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভা কক্ষত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় । সভাৰ আৰম্ভণিতে জিলা উন্নয়ন আয়ুক্ত দেৱযানী চৌধুৰীয়ে বিগত সভাৰ কাৰ্যবিবৰণিখন দৃশ্য শ্ৰৱ্য মাধ্যমেৰে দাঙি ধৰি বিভাগ সমূহৰ কামৰ অগ্ৰগতিৰ খতিয়ান লয়। সভাত জিলা আয়ুক্ত গৰাকীয়ে শিক্ষা আৰু স্বাস্থ্য বিভাগৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কয় যে, এখন ৰাজ্য তথা জিলাৰ উত্তৰণৰ ক্ষেত্ৰত বিভিন্ন বিভাগ সমূহৰ লগতে শিক্ষা আৰু স্বাস্থ্য বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে । আয়ুক্ত গৰাকীয়ে শিক্ষাৰ ক্ষেত্ৰত সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে উপযুক্ত শিক্ষা প্ৰদান, শিক্ষকৰ নিয়মীয়া উপস্থিতি, বিদ্যালয়ৰ পাঠদান নিয়মীয়া আৰু চৰকাৰী সময় অনুযায়ী বিদ্যালয় খোলা আৰু বন্ধ কৰা, মধ্যাহ্ন ভোজন আদিৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু জিলাৰ দণ্ডাধীশ আৰু চক্ৰ বিষয়াসকলক প্ৰতি মাহে অতি কমেও ৭ খনকৈ চৰকাৰী বিদ্যালয় পৰিদৰ্শন কৰি তাৰ মাহেকীয়া প্ৰতিবেদন জিলা আয়ুক্তক দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । আয়ুক্ত গৰাকীয়ে, স্বাস্থ্য বিভাগক জনসেৱা মনোভাৱেৰে সকলোকে স্বাস্থ্য সেৱা আগবঢ়াবলৈ নিৰ্দেশ প্ৰদান কৰে । তেখেতে জিলা সমাজ কল্যান বিষয়া গৰাকীক নিচা মুক্তি কেন্দ্ৰ, বৃদ্ধা আশ্ৰম, শিশু আশ্ৰয় গৃহ আদি সঠিকভাৱে পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । সভাত আয়ুক্ত গৰাকীয়ে বিভাগ সমূহৰ মুৰব্বী বিষয়াসকলক তেখেতসকলৰ কাৰ্যালয়লৈ বিভিন্ন কামত অহা জনসাধাৰণক তেখেতৰ লগতে তেখেতৰ অধীনষ্ঠ কৰ্মচাৰী সকলে সদব্যৱহাৰ আৰু গুৰুত্ব প্ৰদান কৰি সেৱা আগবঢ়াবলৈ নিৰ্দেশ প্ৰদান কৰাৰ লগতে বিভাগ সমূহক প্ৰতিটোৱে ইটোৱে সিটোৰ লগত সমন্বয়ৰে কাম কৰি জনকল্যাণমুখী আঁচনি সমূহৰ সঠিক ৰূপায়ণ কৰিবলৈ আহ্বান জনায় । এই বৈঠকত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়া, কলিয়াবৰ সম জিলাৰ সম জিলা আয়ুক্ত ৰাজ বৰুৱা, অতিৰিক্ত আয়ুক্ত সকল, সহকাৰী আয়ুক্ত সকলকে প্ৰমুখ্য কৰি জিলাখনৰ বিভিন্ন বিভাগ সমূহৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে

Related Articles