ডিজিটেল সেৱা, নগাঁও: সমগ্র দেশ তথা ৰাজ্যৰ লগতে নগাঁও জিলাটো ১৮ নৱেম্বৰ তাৰিখে ‘নিচামুক্ত ভাৰত অভিযান’ৰ পঞ্চম বৰ্ষপূৰ্তিৰ অনুষ্ঠানটি উদযাপন কৰা হয়। উক্ত বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি নগাঁও জিলা প্ৰশাসন, জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয় আৰু জিলাখনৰ ১৪টা সংহত শিশু উন্নয়ন প্ৰকল্পৰ (ICDS) বিষয়া-কৰ্মচাৰীসকলৰ দ্বাৰা এক জিলাভিত্তিত ‘গণ শপত গ্ৰহণ’ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ইয়াৰ সমান্তৰালভাৱে জিলাখনৰ শিক্ষানুষ্ঠান সমুহতো “গণ শপত গ্ৰহণ” কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ইয়াৰ লগতে, জিলাখনৰ ১৪টা সংহত শিশু উন্নয়ন প্ৰকল্পত আৰু জিলা পৰ্যায়ত এখনি ৰচনা প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। এই ৰচনা প্ৰতিযোগিতাখনিত জিলাখনৰ বিভিন্ন প্ৰান্তৰ মুঠ ৪,৩৪৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । উক্ত অনুষ্ঠানত নগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত (মহিলা আৰু শিশু উন্নয়ন বিভাগৰ ভাৰপ্ৰাপ্ত) দেৱাহুতি বৰা, নগাঁও জিলা সমাজ কল্যাণ বিষয়া ভোলানাথ পেগুকে প্ৰমুখ্য কৰি জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে।
নগাঁও জিলাত “নিচামুক্ত ভাৰত অভিযানৰ” পঞ্চম বৰ্ষপূৰ্তি উদযাপন