ডিজিটেল সেৱা, চামগুৰি: নগাঁও জিলাৰ চামগুৰিৰ বাজিয়াগাওঁ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ব্যৱস্থাপনাত মোৱামাৰী হাইস্কুলত বৃস্পতিবাৰে দিনজোৰা কাৰ্য্যসূচীৰে বিজ্ঞান সমাৰোহ অনুষ্ঠিত হয়। আৰ্যভট্ট কেন্দ্ৰৰ সমন্বয়ক গৌতম বৰায়ে আতধৰা সভাখনত সভাপতিত কৰে মোৱামাৰী হাইস্কুলৰ প্ৰধান শিক্ষক বিশ্বজিৎ কুমাৰ চন্দয়ে আৰু মোৱামাৰী হাইস্কুলৰ শিক্ষক আনোৱাৰ হুছেইনে আদৰণি অনুষ্ঠান সম্পন্ন কৰা এই অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে বাজিয়াগাওঁ শিক্ষা খণ্ডৰ শিক্ষা বিষয়া ৰঞ্জন কুমাৰ দাসে। পৰবৰ্তী সময়ত বিজ্ঞান কেন্দ্ৰটোৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ সমূহৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিজ্ঞান ভিত্তিক বিভিন্ন বিজ্ঞানৰ আৰ্হি , আকস্মিক বক্তৃতা আৰু প’ষ্টাৰৰ দ্ৰয়িংৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানতে স্থান প্ৰাপক প্ৰতিযোগী সকলক বটাঁ আৰু মানপত্ৰ প্ৰদান কৰে।

বিজ্ঞান সমাৰোহৰ আকস্মিক বক্তৃতা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে উদমাৰী হাইস্কুলৰ ছাত্ৰী মামণি দাসে, দ্বিতীয় স্থান লাভ কৰে আলহাছ নুৰুল হুছেইন হাইস্কুলৰ ছাত্ৰী নাৰ্গিছ চুলতানা আৰু তৃতীয় স্থান লাভ কৰে মোৱামাৰী হাইস্কুলৰ ছাত্ৰী চুলতানা বেগম।আনহাতে আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ পৰিচালনা কৰে মিছা হাইস্কুলৰ শিক্ষক ভৱেন বৰুৱা আৰু মোৱামাৰী হাইস্কুলৰ শিক্ষক ইদ্ৰিছ আলীয়ে। বিজ্ঞান বিষয়ৰ আৰ্হি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে মোৱামাৰী হাইস্কুলৰ চুলতানা বেগম আৰু নাজমুল হকৰ দলে, দ্বিতীয় স্থান লাভ কৰে মোৱামাৰী হাইস্কুলৰ চেলিমা খাতুন আৰু মবিনা ইয়াচমিনৰ দলে, তৃতীয় স্থান লাভ কৰে উদমাৰী হাইস্কুলৰ মামণি দাসে আৰু মায়া চাহানীৰ দলে। আনহাতে এই প্ৰতিযোগিতাৰ পৰিচালনা কৰে আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অচিত কুমাৰ চাহা আৰু আলহাছ নুৰুল হুছেইন হাইস্কুলৰ আদিম উদ্দিনে ।

বিজ্ঞান ভিত্তিক প’ষ্টাৰ দ্ৰয়িং প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে উদমাৰী হাইস্কুলৰ মামণি দাসে, দ্বিতীয় স্থান লাভ কৰে গৰুমৰা এম ই স্কুলৰ নেহা দাসে আৰু তৃতীয় স্থান লাভ কৰে গৰুমৰা হাইস্কুলৰ ৰেহেনা বেগমে। আনহাতে এই প্ৰতিযোগিতাৰ পৰিচালনা কৰে লাইলুৰী হাইস্কুলৰ প্ৰাক্তন শিক্ষক ৰতন মণ্ডল আৰু গৰুমৰা হাইস্কুলৰ শিক্ষয়িত্ৰী পল্লৱী বৰায়ে। পুৰস্কাৰ প্ৰাপক ছাত্ৰ ছাত্ৰী সকলক একোখনকৈ মানপত্ৰ আৰু বটাঁ প্ৰদান কৰে বুলি বাজিয়াগাওঁ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক গৌতম বৰাই জানিবলৈ দিয়ে।উক্ত বিজ্ঞান সমাৰোহ খনত শিক্ষক শিক্ষয়িত্ৰী সকল ক্ৰমে আনোৱাৰ হুছেইন, পবিত্ৰ হাজৰিকা, আনোৱাৰ ফিৰোজ মেহদি, নুৰুল আমিন, স্বপন দাস, হেদায়ত উল্লাহ, আছমা বেগম, ফজিলা খাতুন, তাচমিনা বেগম, ধনিল দাস, জাহুন উদ্দিন, ইদ্ৰিছ আলী, নিহাৰিকা বৰা, হাফিজুল ইছলাম, বিৰিঞ্চি ৰাভা, বিদ্যুত বৰা, হাবিবা নাৰগিছ, আৰু প্ৰীয়া চাহাৰ বহু কেইজন গণ্যমান্য লোক উপস্থিত থাকে।