ডিজিটেল সেৱা, নগাঁও : নগাঁও- বটদ্ৰবা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই শুকুৰবাৰে নগাঁও চহৰৰ লক্ষীনগৰত আনুষ্ঠানিক ভাৱে মুকলি কৰে নগাঁও চহৰৰ প্ৰথমখন অত্যাধুনিক ‘নগাঁও পশু চিকিৎসা কেন্দ্ৰ'( Nagaon Veterinary Clinic)ৰ । নগাঁৱৰ এগৰাকী প্ৰসিদ্ধ পশু ৰোগ বিশেষজ্ঞ (মেডিচিন) ডা° লক্ষী প্ৰসাদ ভৰালী আৰু গীতাৰ্থ বৰাই আৰম্ভ কৰা এই পশু চিকিৎসা কেন্দ্ৰ খনত পশু -পক্ষী সকলো ধৰনৰ অষ্টোপচাৰ, ঔষধ, চিকিৎসা, অন্যান্য চিকিৎসাজনিত পৰীক্ষা, প্ৰতিষেধক, পশু খাদ্য তথা চিকিৎসা সম্পৰ্কীয় পৰামৰ্শৰো ব্যৱস্থা থাকিব । ইয়াৰ উপৰিও পশুপালনৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন সময়ত গ্ৰহণ কৰা বিভিন্ন আচনি সমূহৰ সঠিক ৰূপায়ন আৰু প্ৰয়োগ সম্পৰ্কে পশুপালনৰ লগত জড়িত সকলৰ বাবে পৰামৰ্শ প্ৰদানৰো ব্যৱস্থা থাকিব এই কেন্দ্ৰটিত । ইয়াৰ উপৰিও পশুপালনৰ বাবে এজন পশুপালকে ৰাজ সাহাৰ্যযুক্ত ঋণ লব বিচৰিলে তেওঁলোকৰ বাবেও এই কেন্দ্ৰত যাৱতীয় প্ৰজেক্ট প্ৰস্তুত কৰাৰ ব্যৱস্থা থাকিব । যি সকল নিবনুৱা নতুন প্ৰজন্মই পশু পালনৰ প্ৰতি আগ্ৰহী সেই সকলৰ বাবে এই কেন্দ্ৰৰ জড়িয়তে পশুপালনৰ অনলাইন প্ৰশিক্ষণৰো ব্যৱস্থা কৰা হব বুলি জানিবলৈ দিয়ে বিশিষ্ট পশু ৰোগ বিশেষজ্ঞ ডা° লক্ষী প্ৰসাদ ভৰালীয়ে । বিধায়ক ৰূপক শৰ্মাই নগাঁও চহৰত এনেকুৱা এক অভিলাসী প্ৰকল্পই পশুপালনৰ লগত জড়িত সকলক যথেষ্ট উপকৃত কৰিব বুলি মন্তব্য কৰাৰ লগতে পশু-পক্ষীৰ স্বাস্থ্যজনিত সুৰক্ষাৰ ক্ষেত্ৰত অতি ইতিবাচক ভূমিকা লব পাৰিব বুলি আশা প্ৰকাশ কৰে ।
অত্যাধুনিক ‘নগাঁও পশু চিকিৎসা কেন্দ্ৰ’ মুকলি বিধায়ক ৰূপক শৰ্মাৰ