ডিজিটেল সেৱা, ৰহা: ৰাজ্যিক মীন সঞ্চালকালয় আৰু ৰহা মীন মহাবিদ্যালয়ৰ যৌথ উদ্যোগত আৰু ICAR, CIFRI, AFDC Ltd. আৰু NFDB ৰ সহযোগত ২১ নৱেম্বৰ তাৰিখে ৰহা মীন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত “বিশ্ব মীন দিৱস” ২০২৫ ৰাজ্যিক ভিত্তিত আড়ম্বৰপূৰ্ণ ভাবে অনুষ্ঠিত কৰা হয় । অসমৰ জাতীয় সংগীতেৰে আৰম্ভ হোৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অসম চৰকাৰৰ লোকনিৰ্মান, মীন, পশু চিকিৎসা আৰু পশুপালন আদি বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল আৰু উপস্থিত বিশিষ্ট ব্যক্তিসকলে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে ।

এই সভাত মীন বিভাগৰ সঞ্চালক গৌৰী শংকৰ দাসে সভাৰ উদ্দেশ্য বাখ্যা কৰি বিশ্ব মীন দিৱসৰ তাপৰ্য আৰু ইয়াৰ পালনৰ গুৰুত্বৰ ওপৰত বিস্তৃত বাখ্যা আগবঢ়াই । সভাত আদৰণী ভাষণ আগবঢ়াই ৰহা মীন মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ড° প্ৰদীপ চন্দ্ৰ ভূঞাই। সভাত ভুৱনেশ্বৰ CIFA ৰ অধ্যক্ষ, বিজ্ঞানী ড° শুভেন্দু অধিকাৰীয়ে তেওঁৰ বক্তব্যত উল্লেখ কৰে যে, প্ৰটিনযুক্ত খাদ্যৰ ক্ষেত্ৰত মাছে এক গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰে । তেখেতে মাছৰ খেতিৰ লগতে গাহৰি, কুকুৰা আদি পালন কৰি বহুমুখী ব্যৱসায়ত গুৰুত্ব আৰোপ কৰে ।

সভাত উপস্থিত থাকি ৰহা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শশী কান্ত দাসে তেওঁৰ ভাষণত বিজ্ঞানসন্মত মৎস্য পালনৰ ওপৰত গুৰুত্ব প্ৰদান কৰি উল্লেখ কৰে যে, আমাৰ ৰাজ্যখনৰ বিল সমূহত যদি মাছ উৎপাদনত আমি সঠিক ব্যৱহাৰ কৰিব পাৰো, তেনেহলে আমি মাছৰ বাবে অন্য ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল হবলগীয়া নহব আৰু অৰ্থনৈতিক স্বাৱলম্বীতাৰ দিশত ৰাজ্যখন বহুদূৰ আগুৱাই যাব পাৰিব । পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° বীৰেন কুমাৰ শর্মাই তেখেতৰ ভাষণত সকলোৰে প্ৰতি বিশ্ব মীন দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু উক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° নিৰঞ্জন কলিতাৰ অনুপস্থিতিত তেখেতৰ শুভেচ্ছামূলক বাৰ্তা সভাত পাঠ কৰে ।

সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকি অসম চৰকাৰৰ লোকনিৰ্মান, মীন, পশু চিকিৎসা আৰু পশুপালন আদি বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে তেওঁৰ ভাষণৰ প্ৰথমেই উপস্থিত সকলোকে বিশ্ব মীন দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মৎস্য উৎপাদন অধিক বৃদ্ধিৰ বাবে মীন পালক সকলৰ বাবে গ্ৰহণ কৰা ” প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা” আঁচনিৰ অধীনত লোৱা বিভিন্ন পদক্ষেপক শলাগ লৈ, তেখেতক ধন্যবাদ জ্ঞাপন কৰে । তেখেতে লগতে কয় যে, ৰাজ্যখনত মীন উৎপাদন বৃদ্ধি কৰিবলৈ হলে আমি সকলোৱে মীন আইনখন মানি চলাটো অতি প্ৰয়াজন । এই আইনৰ অধীনত প্ৰতিবছৰে ১ এপ্ৰিলৰ পৰা ১৫ জুলাই পৰ্যন্ত কণীযুক্ত মাছ ধৰাত নিষেধাজ্ঞা জনসাধাৰনে মানি চলাটো বাধ্যতামূলক ।

আৰু ইয়াক সঠিক ৰূপায়ণৰ বাবে চৰকাৰে মৎস্য বম ব্যৱসায়ী সকলক আৰ্থিক অনুদান প্ৰদানৰো দিহা কৰিছে । তেখেতে বিভাগৰ সকলোকে সমন্বয়ৰে আৰু একাগ্ৰতাৰে কাম কৰি মীন উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যখনক আগুৱাই লৈ যাবলৈ আহ্বান জনায় । অনুষ্ঠানত মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ নিৰ্দেশনাৱলী আৰু কেবাখনো সজাগতামূলক প্ৰচাৰ পত্ৰিকা আৰু এখনি সজাগতামূলক তথ্যচিত্ৰৰ শুভ উন্মোচন কৰে । এই অনুষ্ঠানতেই মন্ত্ৰীয়ে মীন পালনৰ জৰিয়তে স্বাৱলম্বীতা দাঙি ধৰা শ্ৰীভূমি জিলাৰ চনবিল ফিচাৰমেণ্ট ক’পাৰটিভ চ’চাইটিক ২০ হাজাৰ, শোণিতপুৰ জিলাৰ সুস্মিতা ভৰালীক ১০ হাজাৰ আৰু কামৰূপ জিলাৰ হাজোৰ শ্ৰীমতী মনালিছা দাসক ১০ হাজাৰ টকাৰে পুৰস্কৃত আৰু সম্বৰ্ধনা জনাই ।সভাত শলাগৰ শৰাই আগবঢ়াই মীন বিভাগৰ উপ সঞ্চালক প্ৰতুল বৰ্মনে ।

সভাৰ পিছতেই বিভিন্ন জিলাৰ পৰা অহা অগ্ৰণী মীন পালক সকলক ভুৱনেশ্বৰ পৰা অহা CIFA ৰ বিশেষজ্ঞ সকল, PMMSY ৰ নডেল বিষয়া আৰু মীন বিভাগৰ উপ সঞ্চালকে মীন পালন ক্ষেত্ৰত বিজ্ঞানসন্মতভাৱে খাদ্য প্ৰদানকে ধৰি উপযুক্ত পোনা নিৰ্বাচনৰ ওপৰত কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰে । এই সভাত CIFRI ৰ মুৰব্বী ড° সুদীপ কুমাৰ মাঝি, মীন সঞ্চালকালয়ৰ বিষয়াবৰ্গ, বিভিন্ন জিলাৰ পৰা অহা মীন বিষয়া সকল, ৰহা মীন মহাবিদ্যালয়ৰ অধ্যাপক- অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰী সকল, অসম মীন নিগম, ফিছফেডৰ কৰ্মকতা সকল আৰু বিভিন্ন জিলাৰ মীন পালক সকল উপস্থিত থাকে । সভাৰ আৰম্ভণিৰ পূৰ্বে মন্ত্ৰীয়ে ৰহা মীন মহাবিদ্যালয়ৰ নৱনির্মিত পুথিভঁৰাল, হোষ্টেল আৰু অতিথিশালা ,Wetland of FFSC ৰ শুভ উদ্ধোধন কৰে ।