ডিজিটেল সেৱা, নগাঁও : নগাঁও জিলাৰ বিভিন্ন বিভাগ সমূহৰ কাম-কাজৰ পৰ্যালোচনাৰ উদ্দেশ্যেৰে শুকুৰবাৰে নগাঁও জিলাত উপস্থিত হয় অসম চৰকাৰৰ লোকনিৰ্মান, মীন, পশু চিকিৎসা আৰু পশু পালন আদি বিভাগৰ মন্ত্ৰী তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পাল । জিলা আয়ুক্ত কাৰ্যালয়ৰ সভা-কক্ষত এই উপলক্ষে আয়োজিত সভাত মন্ত্রী গৰাকীয়ে জিলাখনৰ লোকনিৰ্মান, গ্ৰামোন্নয়ন, শিক্ষা, সমাজ কল্যান আদি বিভাগৰ মুৰব্বী সকলৰ পৰা তেওঁলোকৰ বিভাগৰ বৰ্তমান কাম-কাজৰ খতিয়ান গ্ৰহণ কৰে । মন্ত্ৰী গৰাকীয়ে বৰ্তমান অসম চৰকাৰে যি স্বচ্ছতাৰ ভিত্তিত বৰ্তমানৰ নিযুক্তি প্ৰদান কৰিছে, সেই স্বচ্ছতা বাহাল ৰাখি সদ্য নিযুক্তি প্ৰাপ্ত শিক্ষক সকলৰ লগতে মহিলা শিক্ষয়ত্ৰীৰ কৰ্মস্থান প্ৰদানৰ ক্ষেত্ৰত যাতে কোনো অনিয়ম সংঘটিত নহয় তাৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিবলৈ জিলা শিক্ষা বিভাগৰ মুৰব্বী গৰাকীক নিৰ্দেশ প্ৰদান কৰে । মন্ত্ৰী গৰাকীয়ে মডেল অংগনাবাদী কেন্দ্ৰ সমূহৰ লগতে প্ৰধানমন্ত্ৰী আবাস যোজনা (গ্ৰামীণ) আৰু অমৃত সৰোবৰ নিৰ্মাণৰ কাম সমূহ শীঘ্ৰে ৰূপায়ণ কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে । মন্ত্ৰী গৰাকীয়ে লগতে লোকনিৰ্মান পথ আৰু গৃহ বিভাগৰ আধৰুৱা কাম সমূহ অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ আগতে নিৰ্মান সম্পূৰ্ণ কৰিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ প্ৰদান কৰে । সভাত নগাঁও-বটদ্ৰবা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়া, জিলা উন্নয়ন আয়ুক্ত দেৱযানী চৌধুৰী, বিভাগ সমূহৰ দ্বায়িত্বপ্ৰাপ্ত অতিৰিক্ত আয়ুক্ত সকল, বঢ়মপুৰ বিধায়কৰ প্ৰতিনিধি আৰু জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে ।
নগাঁও আয়ুক্ত কাৰ্যালয়ৰ সভা-কক্ষত পৰ্যালোচনা সভাত মন্ত্ৰী কৃষ্ণেন্দু পাল