ডিজিটেল সেৱা, নগাঁও: নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত আৰু নগাঁও জিলা কংগ্ৰেছ সেৱা দলৰ সহযোগত বুধবাৰে নগাঁৱত সংবিধান দিৱস অনুষ্ঠিত হয়।এই সংবিধান দিৱসৰ কাৰ্যসূচীত নগাঁও শ্বহীদ ভৱনৰ পৰা সংবিধান বচাওক, দেশ বচাওক শীৰ্ষক এক পদযাত্ৰা উলিওৱা হয়।প্ৰদেশ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে পদযাত্ৰাত অংশগ্ৰহণ কৰি মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনায়।পিচত নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত এখন জনসভাত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে-‘অসমত বৰ্তমান থলুৱা ঠিকাদাৰৰ অৱস্থা নাই।ঠিকাদাৰ সমূহে গুজৰাটৰ পৰা কাম চলাই আছে।জাতি-মাটি-ভেটি আৰু পৰিবৰ্তনৰ নামত নিৰ্বাচনত বিজয়ী হোৱা এই বিজেপি চৰকাৰখনে অসমৰ থলুৱা জনসাধাৰণৰ ৪০ হাজাৰ বিঘা ভূমি বাহিৰ পুজিপতিক বিক্ৰী কৰিছে বা গটাই দিছে।ভূমিৰ অধিকাৰ হেৰুওৱা অসমৰ ৰাইজে ভোটৰ মূল্যটোও হেৰুৱাবলগীয়া হৈছে।ৰাইজক আহ্বান জনাই তেওঁ কয় যে-আপোনালোকে চৰকাৰী আচনি লওক।এইয়া ৰাইজৰ কৰৰ ধনৰে দিয়া আচনি।কিন্তু আচনিৰ নামত বিজেপিক ভোট দি ল’ৰা-ছোৱালীক মদৰ দোকানলৈ যাবলগীয়া হোৱা পৰিস্থিতিলৈ থেলি নিদিও।আমি চৰকাৰী আচনিও লম আৰু যি গৰাকী হিমন্ত বিশ্ব শৰ্মাৰ দিনত অধিক সুৰাৰ দোকান খুলিছে সেই হিমন্ত বিশ্ব শৰ্মাক প্ৰতিহতও কৰিম।কাৰণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিচত অসমৰ চৰকাৰী শিক্ষানুষ্ঠান সমূহ বন্ধ হৈছে।ইয়াৰ বিপৰীতে মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে।অসমৰ মাতৃ সকল দুখিত কাৰণ বহু সন্তানে মদৰ দোকানলৈ যাবলৈ আৰম্ভ কৰিছে।সেয়ে মাতৃ সকললৈ আহ্বান অৰুণোদয় আঁচনিৰ ১২৫০ টকালৈ আমাৰ ল’ৰা-ছোৱালীৰ ভৱিষ্যত অন্ধকাৰলৈ থেলি নিদিব।অসমৰ বিভিন্ন স্থানত মহিলা সকলক যদি সোধা হয় হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দিব পাৰিবনে?মহিলা সকলে কব আমাৰ মুখ্যমন্ত্ৰীৰ ওপৰত বিশ্বাস নাই।মুখ্যমন্ত্ৰীৰ কথাৰ কোনো ওজন নাই।প্ৰদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে লগতে কয় যে- বৰ্তমান কিছুমান শক্তিয়ে গণতন্ত্ৰ নাইকীয়া কৰিব বিচাৰিছে,ৰাজতন্ত্ৰৰ জন্ম দিব বিচাৰিছে।দিল্লী-দিছপুৰত বহি থকা সকলে নিজকে ৰজা ভাবে।তেওঁলোকে ভাবে ৰাইজৰ কথা শুনিব নালাগে।ৰাইজৰ কোনো ক্ষমতা নাই।ক্ষমতা কেৱল তেওঁলোকৰ ওচৰত আছে।কিন্তু এতিয়াৰ পৰা ৰাইজৰ যুগ হব আৰু ৰাইজৰ লগত কংগ্ৰেছ ঠিয় দিব।ৰাইজৰ মাজত বিদ্ৰোহ হোৱাৰ বাবে দিল্লী-দিছপুৰৰ ৰজা শংকিত ।সেয়ে তেওঁলোকে নিৰ্বাচনী প্ৰক্ৰিয়াটোক থৰক বৰক কৰিব বিচাৰিছে।অসমতো ২০২৪ চনৰ লোক সভা নিৰ্বাচনৰ প্ৰাকমূহূৰ্তত সমষ্টি পুনৰনিৰ্ধাৰণৰে বিজেপিয়ে নিজৰ ক্ষমতা সুৰক্ষিত কৰাৰ চেষ্টা চলালে।তাৰ পিচতো যোৰহাট,নগাঁও আৰু ধুবুৰীৰ ৰাইজ ওলাই আহিল আমি তিনিগৰাকী সাংসদ পালো।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি তেওঁ কয় যে-মুখ্যমন্ত্ৰীক সুধিব বিচাৰো আপোনালোকে যদি ৰাইজৰ কল্যাণ কৰিছে তেন্তে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ ওপৰত কিয় নিৰ্ভৰ কৰিছে।তেওঁলোকে ভোটাৰ তালিকাত ভুৱা নাম সোমোৱাব বিচাৰিছে।বিহাৰ আৰু উত্তৰ প্ৰদেশৰ পৰা মানুহ মাতি আনি ভোটাৰ তালিকাত নাম সোমোৱাব বিচাৰিছে।সভাত অংশগ্ৰহণ কৰি নগাঁও লোক সভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে-২০১৪ চনলৈকে কংগ্ৰেছৰ শাসন থকালৈকে সংবিধানখনে ভাৰতবৰ্ষৰ প্ৰতিটো জাতি-জনগোষ্ঠী,ধৰ্ম নিৰ্বিশেষে বিভিন্ন মানুহক বুকুৰ মাজত সোমোৱাই গণতন্ত্ৰ প্ৰতিষ্ঠা কৰি দেশখন আগুৱাই নিছিল।২০১৪ চনত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰ অহাৰ পিচত গণতন্ত্ৰক কক্ষচ্যুত কৰিবলৈ কাম কৰিলে। বিজেপি চৰকাৰ অহাৰ পিচত সংবিধানৰ ভেটিত ঘূণে ধৰিলে।সংবিধানৰ পৰা তেওঁলোকে ধৰ্মনিৰপেক্ষতা,চচিয়েলিষ্ট শব্দ এইবোৰ আতৰাই সংবিধানখন দুৰ্বল কৰিবলৈ পিচ দুৱাৰেদি তেওঁলোকে আক্ৰমণ কৰিছে।বিষবাস্প চটিয়াই গণতন্ত্ৰৰ ভেটি থৰক বৰক কৰিবলৈ চেষ্টা কৰিছে।ভাৰতীয় জাতীয় কংগ্ৰেছে সংবিধান দিৱসত অংগীকাৰ লৈছে-সংবিধানখনক যি কোনো মূল্যৰ বিনিময়ত সুৰক্ষা দিব লাগিব।একোজন অতন্দ্ৰ প্ৰহৰীৰ দৰে সংবিধানখন ৰক্ষা কৰিব লাগিব।তেওঁ লগতে কয় যে জনতাৰ শিল্পী জুবিন গাৰ্গে যি আদৰ্শ দেখুৱাই গৈছে সেইটোৱেই কংগ্ৰেছৰ আদৰ্শ।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জাতিৰ নামত,ধৰ্মৰ নামত যেনেদৰে বিষবাস্প চটিওৱাৰ ৰাজনীতি কৰিছে তাক আমি পৰাভূত কৰিব লাগিব।তেওঁ কংগ্ৰেছ কৰ্মী সকলক হাতে হাত ধৰি সহযোদ্ধাহৈ আগবাঢ়ি যাবলৈ আহ্বান জনায়।ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে কয় যে-ৰাইজ অকলশৰীয়া নহয়।কংগ্ৰেছ ৰাইজৰ লগত আছে।জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে আজি এটা কথা কাইলৈ এটা কথা কৈ আছে বুলি মন্তব্য কৰি তেওঁ কয় যে ৰাইজে ন্যায় বিচাৰিছে।উল্লেখযোগ্য যে সংবিধান দিৱসৰ কাৰ্যসূচী উপলক্ষে নগাঁও শ্বহীদ ভৱনৰ পৰা সংবিধান বচাওক, দেশ বচাওক শীৰ্ষক এক পদযাত্ৰা উলিওৱা হয়।প্ৰদেশ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে পদযাত্ৰাত অংশগ্ৰহণ কৰি মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনায়। এই অনুষ্ঠানত বিধায়িকা শিবামনি বৰা আদিয়েও অংশগ্ৰহণ কৰে।
নগাঁৱত কংগ্ৰেছৰ সংবিধান দিৱসত উপস্থিত কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ