জন শিক্ষণ সংস্থাৰ উদ্যোগত নগাঁৱত সংবিধান দিৱস উদযাপন

ডিজিটেল সেৱা: ভাৰত চৰকাৰৰ অধীনৰ নগাঁৱৰ ‘জনশিক্ষণ সংস্থানৰ’ উদ্যোগত আৰু ‘ফালাহ গ্ৰুপ অৱ ইনষ্টিটিউট’ৰ সহযোগত বুধবাৰে নগাঁৱত উদযাপন হয় ‘সংবিধান দিৱস’ । দিৱসটিৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় এক বক্তৃতা অনুষ্ঠান । ‘ফালাহ গ্ৰোপ অৱ ইনষ্টিটিউটৰ অধ্যক্ষ’ মোছাৰফ হোছেইন কবিৰৰ সঞ্চালনাত আয়োজিত ‘ভাৰতীয় সংবিধানৰ তাৎপৰ্য আৰু লক্ষ্য’ শীৰ্ষক বক্তৃতা অনুষ্ঠানটিত অৱসৰপ্ৰাপ্ত জিলা ন্যয়ধীশ জালাল উদ্দিন আহমেদে ভাৰতীয় সংবিধানক বিশ্বৰ এক অতি উৎকৃষ্ট সংবিধান বুলি মন্তব্য কৰাৰ লগতে সংবিধান খনৰ প্ৰস্তাৱনাক যদি এজন ভাৰতীয় নাগৰিকে আন্তৰিকতাৰে আয়ত্ব কৰি লব পাৰে তেতিয়া তেওঁ নিশ্চিত ৰূপত দেশৰ প্ৰতি নিজকে সমৰ্পিত কৰিব পাৰিব বুলি মত পোষণ কৰে ।

একেটা বিষয়তে বক্তৃতা প্ৰদান কৰি জ্যেষ্ঠ সাংবাদিক মুৰুলী বৰুৱাই কয় ভাৰতীয় সংবিধানে নিশ্চিত কৰা ধৰ্মনিৰপেক্ষতা, সমাজবাদ, গণতন্ত্ৰৰ দৰে সাংবিধানিক মূল্যবোধ আৰু নীতিসমূহে ভাৰতীয় সমাজৰ বৈচিত্ৰ্যপূৰ্ণ তথা বহুত্ববাদী ব্যৱস্থাটোত ঐক্য আৰু সমতাৰ ধাৰণাক ফলপ্ৰসূ কৰি তুলিছে। এই সাংবিধানিক মূল্যবোধসমূহ দেশৰ সৰ্বস্তৰৰ জনসাধাৰণৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ হোৱাটোৱেই সংবিধান দিৱসৰ প্ৰধান উদ্দেশ্য। সাংবাদিক গৰাকীয়ে লগতে কয় আমাৰ সংবিধানখনে ভাৰতক সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক গণৰাজ্য বুলি ঘোষণা কৰিছে আৰু দেশৰ প্ৰতিগৰাকী নাগৰিককে ন্যায়, সমতা আৰু স্বাধীনতাৰ আশ্বাস দিছে তথা ভ্ৰাতৃত্ববোধক প্ৰসাৰিত কৰাৰ প্ৰয়াস কৰিছে। জ্যেষ্ঠ অধিবক্তা হোমায়োন কবিৰ আৰু ইনামুল হ’ক আনছাৰীয়ে সংবিধান দিৱসৰ তাৎপৰ্য সম্পৰ্কে বক্তব্য প্ৰদান কৰি ভাৰতৰ সংবিধানৰ ইতিহাস সম্পৰ্কে বাখ্যা কৰে । দুয়োগৰাকী অধিবক্তাই ভাৰতীয় সংবিধানৰ বহুকেইটা দফাৰ বিশ্লেষণ আগবঢ়ায় । ফালাহ গ্ৰোপ অৱ ইনষ্টিটিউটৰ পৰিচালন সঞ্চালক ছিৰাজ উদ্দিন আহমেদে অদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটি আঁত ধৰে নগাঁৱৰ ‘জন শিক্ষণ সংস্থা’ৰ সঞ্চালিকা দেৱযানী বণিয়াই । অনুষ্ঠানটিত ফালাহ গ্ৰোপ অৱ ইনষ্টিটিউটৰ ছাত্র ছাত্ৰী সকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু জনশিক্ষণ সংস্থা’ৰ কৰ্মকৰ্তা সকলে অংশগ্ৰহণ কৰে ।

Related Articles