নগাঁও জিলাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান আৰম্ভ

ডিজিটেল সেৱা: অসম চৰকাৰৰ চৰকাৰী ভূমি আৰু সংৰক্ষিত বনাঞ্চলসমূহক অবৈধ বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰাৰ ধাৰাবাহিক প্ৰচেষ্টাৰ অংশস্বৰূপে ২৯ নৱেম্বৰ তাৰিখে নগাঁও জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু বনবিভাগে জিলাখনৰ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লুটুমাৰী সংৰক্ষিত বনাঞ্চলখনত বেদখলীকৃত ভূমি বেদখলমুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান আৰম্ভ কৰিছে ।

অবৈধ বেদখলকৃত উক্ত বনাঞ্চলখনৰ অঞ্চলসমূহক ৫ টা জ’নত বিভক্ত কৰি পুৱা ৭ বজাৰ পৰা এই উচ্ছেদ অভিযান আৰম্ভ কৰা হয়। প্ৰায় ৫৯৬২ বিঘা হেক্টৰ মাটিৰে আবৃত এই লুটুমাৰী সংৰক্ষিত বনাঞ্চলখনত ১৫৪৮ টা পৰিয়ালে বহুবছৰ ধৰি অবৈধভাবে ঘৰ বাৰী পাতি বেদখল কৰি আছিল । নগাঁও জিলা প্ৰশাসনে আজিৰ পৰা তিনি মাহৰ আগতেই উক্ত ভূমিখণ্ড বেদখল মুক্ত কৰাৰ বাবে জাননী জাৰি কৰিছিল ।

এই জাননী লাভ কৰাৰ পিছতেই প্ৰায় ৭০ শতাংশ বেদখলকাৰীয়ে ইতিমধ্যে নিজৰ বাসস্থান এৰি উক্ত স্থানৰ পৰা আঁতৰি গৈছে । উচ্ছেদ অভিযানৰ আজিৰ দিনটোত ৪২৬টা পকীঘৰ, ৯৮৫ টা কেঁচাঘৰ উচ্ছেদ কৰা হয় । প্ৰথম দিনা শান্তিপূৰ্ণভাবে হোৱা উচ্ছেদ অভিযানত থাকি যোৱা বাকী ঘৰসমূহ অহা কালিলৈ পুনৰ উচ্ছেদ কৰা হব । এই উচ্ছেদ অভিযানত প্রায় ১,২০০ গৰাকী আৰক্ষী নিয়োগ কৰাৰ লগতে ৫০ খন জে.চি.বি ব্যৱহাৰ কৰা হয় ।

এই উচ্ছেদ অভিযান স্থলীত অসম চৰকাৰৰ বিশেষ মুখ্য সচিব (বন) মহেন্দ্ৰ কুমাৰ যাদৱ, মধ্য অসমৰ আৰক্ষী মহাপৰিদৰ্শক ড° ভি. শিৱপ্ৰসাদ গাঞ্জলা, জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, নগাঁৱৰ আঞ্চলিক বন বিষয়া সুহাস কদম, অতিৰিক্ত জিলা আয়ুক্তদ্বয় সুদীপ নাথ, শৌভিক ভূঞাকে প্ৰমুখ্য কৰি জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু বন বিভাগৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে।

Related Articles