টি-২০ বিশ্বকাপ ক্ৰিকেটৰ বিজয়ী সিমু দাসৰ গৃহত আয়ুক্ত দেৱাশীষ শর্মা

ডিজিটেল সেৱা: ২০২৫ বৰ্ষৰ শ্ৰীলংকাত অনুষ্ঠিত মহিলা দৃষ্টিহীন টি-২০ বিশ্বকাপ ক্ৰিকেটৰ বিজয়ী ভাৰতীয় দলৰ সদস্যা নগাঁও জিলাৰ কঠীয়াতলী কছাৰীবস্তি স্থিত সিমু দাসৰ বাসসগৃহত ০৯ ডিচেম্বৰ তাৰিখে, জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই উপস্থিত হৈ খেলুৱৈ গৰাকীৰ সৈতে এক সৌহাৰ্দ্যপূৰ্ণ সাক্ষাতত মিলিত হয়। আয়ুক্ত গৰাকীয়ে উল্লেখ কৰে যে, ভিন্ন প্ৰত্যাহ্বান আৰু শাৰীৰিক বাধাকো নেওচি ক্ৰীড়াৰ জগতত নিজৰ অদম্য মানসিক শক্তিৰে সিমু দাসে, যি নিদৰ্শন দাঙি ধৰিছে, সেয়া আমাৰ সকলোৰে বাবে এক অফুৰন্ত অনুপ্ৰেৰণাৰ উৎস।

দেশৰ লগতে আমাৰ অসমলৈ গৌৰৱ কঢ়িয়াই অনা এই খেলুৱৈ গৰাকীক জিলা আয়ুক্তগৰাকীয়ে আন্তৰিক শুভকামনা জ্ঞাপন কৰাৰ লগতে আৰ্থিকভাৱে দুৰ্বল ক্ৰীড়াবিদ গৰাকীৰ বাসগৃহ আৰু মাটি সংক্ৰান্তীয় সমস্যাসমূহৰ বুজ লৈ তৎমুহূৰ্ততে প্ৰসংশনীয় পদক্ষেপ গ্ৰহণ কৰি জিলা প্ৰশাসনৰ তৰফৰ পৰা তেওঁক এটি ঘৰ প্ৰদানৰ সিদ্ধান্ত লোৱাৰ উপৰিও, তেওঁ বস-বাস কৰা মাটিৰ গৰাকীৰ সৈতেও আয়ুক্ত মহোদয়ে পোনপটীয়াকৈ মত বিনিময় কৰি মাটি সংক্ৰান্তীয় বিষয়টো সমাধানৰ বাবে আগভাগ লয়। উল্লেখযোগ্য যে, জিলা প্ৰশাসনৰ এই ইতিবাচক সঁহাৰিয়ে নিশ্চয়কৈ সিমু দাসক আগন্তুক দিনত অধিক আগুৱাই যোৱাত মানসিক শক্তি প্ৰদান কৰিব।

Related Articles