ডিজিটেল সেৱা: সমগ্ৰ শিক্ষা অসমৰ উদ্যোগত খাগৰিজান শিক্ষাখণ্ডৰ ব্যৱস্থাপনাত আৰু বিশেষ প্ৰশিক্ষণ বিভাগৰ সহযোগত আজি নগাঁও জিলা পুথিভঁৰালত বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ মূলসুঁতিকৰণ কৰা ছাত্ৰছাত্ৰীৰ শৈক্ষিক সংযোগ অনুষ্ঠানটি সম্পন্ন হয় ৷ অনুষ্ঠানত নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত থাকি ছাত্ৰছাত্ৰী সকলক উদ্দেশ্যি কয়- আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত ৷ কিন্ত আজি কালি একাংশ ছাত্ৰছাত্ৰী আধাতে শিক্ষা সাং কৰি অন্য দিশলৈ গতি কৰা দেখা গৈছে ৷ বৰ্তমান পুনৰ ছাত্ৰছাত্ৰী সকল শিক্ষাৰ ক্ষেত্ৰখনলৈ ঘুৰি অহাৰ খবৰে সকলোকে আনন্দিত কৰিছে ৷ লগতে তেওঁ কয় মুলসূতিকৰণ কৰা এই সকল ছাত্ৰছাত্ৰীৰো প্ৰত্যেক পিতৃ-মাতৃ সকলৰো একো একোটা গুৰুত্বপূৰ্ণ ভুমিকা আছে যে তেওঁলোকৰ সন্তান সকলক এজন প্ৰকৃত মানৱ সম্পদ ৰূপে গঢ় দিয়াৰ ক্ষেত্ৰত ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শিক্ষাৰ ক্ষেত্ৰত যি অভূতপূৰ্ব পৰিৱৰ্তন আহিছে সেইয়া সকলোবে দেখা পাইছে ৷

ঠিক সেইদৰে বিগত দহ বছৰত আমাৰ চৰকাৰে মেধা ভিত্তিত যি পৰীক্ষা সম্পন্ন হৈছে তাৰ বাবে আমাৰ শিক্ষিত যুৱক যুৱতী সকলে চৰকাৰী চাকৰিত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে ৷ আজি এই বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ জৰিয়তে মূলসুঁতিকৰণ ছাত্ৰছাত্ৰী যি শৈক্ষিক সংযোগ অনুষ্ঠান আৰম্ভ হৈছে সেই প্ৰশিক্ষণৰ জৰিয়তে ছাত্ৰছাত্ৰী সকল বহু পৰিমাণে উপকৃত হব পাৰিব বুলি বিধায়ক ৰূপক শৰ্মা আশা প্ৰকাশ কৰে ৷ এইক্ষেত্ৰত অভিভাৱক সকলো এতিয়াৰে পৰা সজাগ হবলৈ আহ্বান জনাই ৷ যাতে তেওঁলোকৰ ভৱিষ্যতৰ সুন্দৰ হয় আৰু তেওঁলোকে উচ্চ শিক্ষা গ্ৰহণৰ বাবে আগবাঢ়ি যাব পাৰে তালৈ লক্ষ্য ৰাখিবলৈ আহ্বান জনাই ৷

আজিৰ এই শৈক্ষিক সংযোগ অনুষ্ঠানতে ছাত্ৰছাত্ৰী সকলৰ মাজত শিক্ষণ সজুঁলিৰ টুপুলা প্ৰদান কৰে বিধায়ক ৰূপক শৰ্মাই ৷ নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত পুৱা ১১বজাৰ পৰা আৰম্ভণি হোবা আজিৰ এই অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশীষ শর্মা, অতিৰিক্ত জিলা আয়ুক্ত জিতু কুমাৰ বৰ্মন,নগাঁও বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথ, নগাঁও বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শক (ডি.আই) দেবেন চন্দ্ৰ লহকৰ,খণ্ড প্ৰাৰ্থমিক শিক্ষা বিষয়া ও খণ্ড মিচন সমন্বয় এইছ জ্ঞানেন্দ্ৰ সিংহ, নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বসন্ত ভাগৱতী,জিলা সন্মিলনিৰ সম্পাদক পৱন জ্যোতি বৰা,খণ্ড গাণনিক ননী দাস গুপ্তা,জিলা মান ৰক্ষক ভাগ্যজ্যোতি বৰাকে প্ৰমুখ্যে কৰি অন্যান্য আচনি বিষয়া সকলৰ লগতে সন্মিলনিৰ সভাপতি- সম্পাদক, শিক্ষক- শিক্ষয়িত্ৰীসকল উপস্থিত থাকে ৷ শিক্ষয়িত্ৰী মনিমালা তামুলীয়ে আতঁধৰা অনুষ্ঠানটিত ছাত্ৰছাত্ৰী সকলৰ দ্বাৰা পৰিবেশিত হয় বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ৷