ডিজিটেল সেৱা, নগাঁও: অসমীয়াত এক প্ৰৱচন আছে যে “পঢ়াই পঢ়ে ৰুৱে পাণ এই তিনিয়ে নিচিন্তে আন “। এই কথাকে সাৰোগত কৰি আগুৱাই যোৱা নগাঁৱৰ ধিঙত জন্ম লাভ কৰা বৰ্তমান নগাঁও চহৰৰ নিৱাসী অনন্যা হাজৰিকাই নগাওঁ তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান ‘ক্লিভলেণ্ড ৰাজ্যিক বিশ্ববিদ্যালয়ে’ কম্পিউটাৰ আৰু ইলেক্ট্ৰিকেল ইঞ্জিনীয়াৰিং বিষয়ত ডক্তৰেট ডিগ্ৰী প্ৰদান কৰিছে অনন্যা হাজৰিকাক।অনন্যাই ধিং খ্ৰীষ্ট জ্যোতি বিদ্যালয়ত স্কুলিয়া শিক্ষা আৰম্ভ কৰি পৰবৰ্তী সময়ত নগাওঁ খ্ৰীষ্ট জ্যোতি বিদ্যালয়ৰ পৰা ২০১২ বৰ্ষত উচ্চ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ হৈ তিতাবৰৰ প্ৰাগজ্যোতিষ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা, চিলংস্থিত নেহুৰ পৰা বি,টেক আৰু “ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিস্থান” গুৱাহাটীৰ পৰা এম,টেক ডিগ্ৰী লাভ কৰে ।তেওঁ ২০২১ চনৰ আগষ্ট মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা পূৰ্ণকালিন জলপানিৰে ‘ক্লিভলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংত পি এইছ ডী কৰিবৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাত্ৰা কৰে। তেওঁ “কৃত্ৰিম বুদ্ধিমত্তা আৰু মেচিন লাৰ্নিং” বিষয়ত গৱেষণা কৰি বিশেষ পাৰদৰ্শিতা দেখুৱাৱলৈ সক্ষম হৈছে । তেওঁৰ ১৫ খন উন্নত মানৰ গৱেষণা পত্ৰ আন্তৰাস্তীয় জাৰ্নেলত প্ৰকাশ পাইছে আৰু ইয়াৰ দ্বাৰা তেওঁ যথেষ্ট সমাদৰ লাভ কৰিছে । তদুপৰি গৱেষণা কৰি থকাৰ সময়তে আমেৰিকাৰ বস্টনত থকা বিখ্যাত মিত্চুবিচি ইলেক্ত্ৰিকেল ৰিৰ্চাচ লেবৰেটৰী আৰু ভাৰ্জিনিয়াৰ টি-মবাইল বহুজাতিক প্ৰতিস্থান দুটাত ইন্তাৰন্চিপ কৰিবৰ বাবেও যোগ্যতা অৰ্জন কৰিছিল । ১২ ডিচেম্বৰত অনুস্থিত হোৱা সমাবৰ্তনত অনন্যা হাজৰিকাক সন্মানীয় ডক্তৰেট ডিগ্ৰী প্ৰদান কৰা হয় । তেওঁ সৰুৰে পৰাই বিদেশত অধ্যয়ন আৰু গৱেষণা কৰাৰ যি সপোন দেখিছিল বাস্তৱত ৰূপায়িত হ’ল ।ইতিমধ্যে তেওঁ “ফুজিত্সু” নামৰ এক বহুজাতিক প্ৰতিষ্ঠানত জ্যেষ্ঠ গৱেষিকা হিচাপে নিৰ্বাচিত হৈছে আৰু আগন্তুক জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিটাৰ্চবাৰ্গত থকা কাৰ্য্যালয়ত প্ৰথম চাকৰিত যোগদান কৰিব বুলি জানিব পৰা গৈছে ।
অনন্যাৰ মাতৃ বন্তি হাজৰিকা আৰু পিতৃ অৱসৰ প্ৰাপ্ত যুটীয়া কৃষি সঞ্চালক তৰুণ হাজৰিকা ।
‘ক্লিভলেণ্ড ৰাজ্যিক বিশ্ববিদ্যালয়ৰ পৰা ডক্তৰেট ডিগ্ৰী লাভ অনন্যা হাজৰিকাৰ