◆ জমিৰ উদ্দিন তালুকদাৰ◆
অসমৰ বেচৰকাৰী মাদ্ৰাছাসমূহৰ অন্যতম অভিভাৱক সংস্থা সদৌ অসম তালিমী তৰক্কী বৰ্ডৰ অধীনত হোজাই জিলাৰ এশ্বাতুল ইছলাম ৰৌৱাৰপাৰ মাদ্ৰাছাত তিনি দিনীয়া অসম ভিত্তিত পবিত্ৰ কুৰআন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়৷ অসমৰ শতাধিক মাদ্ৰাছাৰ দুইশৰো অধিক প্ৰতিযোগী ছাত্ৰই পবিত্ৰ কুৰআনৰ বিভিন্ন শাখাত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে৷ বৰ্ডৰ পৰ্যবেক্ষকৰ উপস্থিতিত উত্তৰ প্ৰদেশৰ দাৰুল উলুম দেওবন্দ, কাছাৰ জিলাৰ বাঁছকান্দি মাদ্ৰাছাৰ পৰা অহা শিক্ষকে এই পৰীক্ষা পৰিচালনা কৰে৷ ৭, ৮ আৰু ৯ ডিচেম্বৰত অনুষ্ঠিত এই পৰীক্ষাত সম্পূৰ্ণ পবিত্ৰ কুৰআন মুখস্থ শাখাত কৰিমগঞ্জ জিলাৰ খাদিমুল উলুম ফয়জে মদিনা মাদ্ৰাছাৰ ছাত্ৰ শ্বাকিবুল হাছানে প্ৰথম স্থান লাভ কৰে৷

একেদৰে কৰিমগঞ্জ জিলাৰ জাবিৰ আহমদে দ্বিতীয় স্থান আৰু হোজাই জালালীয়া মাদ্ৰাছাৰ ছাত্ৰ জুনাইদ আহমদে তৃতীয় স্থান লাভ কৰে৷ কুৰআনৰ ১০ পাৰা মুখস্থ শিতানত কাছিমুল উলুম মৌডংগা মাদ্ৰাছাৰ ছাত্ৰ ৰিজৱান আহমদে প্ৰথম স্থান লাভ কৰে৷ উত্তৰ খাটোৱালৰ আতহৰ জমিলে দ্বিতীয় স্থান, হোজাই জালালীয়া মাদ্ৰাছাৰ ছাত্ৰ আব্দুল্লাহ চিয়াম আৰু এশ্বাতুল ইছলাম ৰৌৱাৰপাৰ মাদ্ৰাছাৰ ছাত্ৰ ইয়াহইয়াই যৌথভাৱে তৃতীয় স্থান লাভ কৰে৷ কুৰআনৰ ২০ পাৰা মুখস্থ শিতানত প্ৰথম স্থান লাভ কৰে হোজাই জালালীয়া মাদ্ৰাছাৰ ছাত্ৰ নাঈম আব্দুল্লাই৷ দ্বিতীয় স্থান লাভ কৰে মৌডংগা মাদ্ৰাছাৰ চাবিত আলম আৰু তৃতীয় স্থান যৌথভাৱে লাভ কৰে কৰিমগঞ্জৰ এনামুল হক আৰু হোজাই জালালীয়া মাদ্ৰাছাৰ মুকবিৰ আলমে৷

একদৰে কুৰআনৰ তৰ্জমা আৰু ব্যাখ্যা, আৰবী ভাষা ব্যাকৰণ (চৰ্ফ) শব্দৰ অংগসংস্থাপন বিদ্যা আৰু (নহু) বাক্য গঠন প্ৰণালীৰ ওপৰতো প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ প্ৰতিটো শাখাত তিনি গৰাকী প্ৰাৰ্থীক বিজয়ী ঘোষণা কৰা হয়৷ বিজয়ী প্ৰাৰ্থীক মুকলি সভাত নগধ ধন আৰু মানপত্ৰৰে সন্মানিত কৰা হয়৷ মাদ্ৰাছা বৰ্ডৰ পৃষ্ঠপোষক তথা অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মস্তাক আহমদ আনফৰৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়৷ মুকলি সভাৰ আঁত ধৰে বৰ্ডৰ সাধাৰণ সম্পাদক মৌলানা মুজাহিদুল ইছলাম কাছিমীয়ে৷

সভাত বক্তব্য আগবঢ়ায় দাৰুল উলুম দেওবন্দৰ অধ্যাপক মৌলানা শৌকত বস্তবী, বৰ্ডৰ সভাপতি মৌলানা আব্দুৰ ৰশীদ কাছিমী, জামিয়া অসম দাৰুল হাদীছ জয়নগৰৰ সভাপতি হবিব মোহাম্মদ চৌধুৰী, সম্পাদক মৌলানা তৈয়বুৰ ৰহমান কাছিমী, অসম ৰাজ্যিক জমিয়ত উলামাৰ অতিৰিক্ত সাধাৰণ সম্পাদক মৌলানা কলিম উদ্দিন, দেওবন্দৰ মৌলানা আহমদুল্লাহ, বাঁছকান্দিৰ মৌলানা আব্দুল হামিদ চাহাব, এশ্বাতুল ইছলাম ৰৌৱাৰপাৰ মাদ্ৰাছাৰ মুহতামিম মৌলানা আব্দুল কাদিৰ, কুৰআন প্ৰতিযোগিতা অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক জমিৰ উদ্দিন তালুকদাৰ সহ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে৷

তিনিদিনীয়া কুৰআন পাঠ প্ৰতিযোগিতাত বিজয়ী প্ৰতি গৰাকী ছাত্ৰক নগধ ধন দি পুৰস্কৃত কৰে জামিয়া জয়নগৰৰ সভাপতি হবিব মোহাম্মদ চৌধুৰীয়ে৷ উক্ত প্ৰতিযোগিতাৰ মুকলি সভাত সহস্ৰাধিক লোকে অংশ গ্ৰহণ কৰে৷ এই অনুষ্ঠান সফল কৰি তোলাত হোজাই জিলাৰ বিভিন্ন ব্যক্তি, সংস্থা-সংগঠনে আগবঢ়োৱা অভূতপূৰ্ব সঁহাৰিৰ শলাগ লৈছে প্ৰতিযোগিতা অভ্যৰ্থনা সমিতিৰ সভাপতি আলহাজ আব্দুল গনি বৰভূঞা, সাধাৰণ সম্পাদক জমিৰ উদ্দিন তালুকদাৰ, সম্পাদক মৌলানা আব্দুল কাদিৰ, মৌলানা আব্দুল মন্নান কাছিমী সহ অভ্যৰ্থনা সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়াই৷