ডিজিটেল সেৱা, ধিং :-অসম চৰকাৰে চৰকাৰী ভূমি আৰু সংৰক্ষিত বনাঞ্চলসমূহক অবৈধ বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰাৰ বাবে গ্ৰহণ কৰা ধাৰাবাহিক প্ৰচেষ্টাৰ অংশস্বৰূপে আজি ১৬ ডিচেম্বৰ তাৰিখে নগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে জিলাখনৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত টুকটুকী, ছালনাবৰি আৰু আহোম গাঁওৰ বেদখলীকৃত ভূমি বেদখলমুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান আৰম্ভ কৰে ।

পুৱা ৮-০০ বজাৰ পৰা আৰম্ভ কৰা এই উচ্ছেদ অভিযানত প্ৰায় ৬৩ বিঘা হেক্টৰ ভূমিৰে আবৃত টুকটুকী, ছালনাবৰি আৰু আহোম গাঁওৰ চৰকাৰী ভূমিত বেদখল কৰি অবৈধভাৱে খন্দা পুখুৰীসমূহত উচ্ছেদ চলাই মাটিসমূহ বেদখলমুক্ত কৰা হয় । উল্লেখযোগ্য যে, এই অঞ্চলসমূহত মুষ্টিমেয় কিছুসংখ্যক লোকে এই অঞ্চলত থকা ৰৌ-মাৰি বিলখনক পাৰ বান্ধি বৃহৎ বৃহৎ পুখুৰী কৰি বহু বছৰ ধৰি অবৈধভাৱে বেদখল কৰি মাছৰ ব্যৱসায় কৰি আহিছিল । এই উচ্ছেদ অভিযানত ফকলেন লগাই পুখুৰীসমূহৰ পাৰৰ বান্ধসমূহ ভাঙি ভূমিসমূহ বেদখলমুক্ত কৰা হয় । প্রথম দিনাৰ উচ্ছেদ অভিযান সম্পূৰ্ণ শান্তিপূৰ্ণভাবে সমাপন হয় ।

ইয়াৰ পিছত অহাকালি ৰৌ-মাৰি বিল, মৈৰাধ্বজ, বেচামাৰি, চালমৰাবৰি ,অঁকৰাবৰি আৰু গেৰেকণী বিলৰ বেদখলকৃত ভূমিসমূহ বেদখলমুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান চলোৱা হব।এই উচ্ছেদ অভিযান ১৬,১৭,১৯ আৰু ২০ ডিচেম্বৰ তাৰিখলৈকে মুঠ ৪ দিন ধৰি চলিব । এই চাৰিদিনীয়া উচ্ছেদ অভিযানত ২৩০ বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে।উক্ত উচ্ছেদ অভিযান সুকলমে সমাপনৰ বাবে প্রায় ৩০০ গৰাকী আৰক্ষীক নিয়োগ কৰা হৈছে । এই উচ্ছেদ অভিযান স্থলীত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, অতিৰিক্ত জিলা আয়ুক্তদ্বয় সুদীপ নাথ, শৌভিক ভূঞা, ধিং ৰাজহ চক্ৰ বিষয়া সৌৰভ কুমাৰ দাসকে প্ৰমুখ্য কৰি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে।