ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত শিক্ষক শিক্ষা কাৰ্যসূচী সন্দৰ্ভত সজাগতা সম্পন্ন

জমিৰ উদ্দিন তালুকদাৰ

অসমৰ হোজাইস্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত মান নিশ্চিতকৰণ কোষ (IQAC)ৰ উদ্যোগত সোমবাৰে পুৱা ১১ বজাত চাৰিবছৰীয়া সমন্বিত শিক্ষক শিক্ষা কাৰ্যসূচী সন্দৰ্ভত এক সজাগতা কাৰ্যসূচী সফলভাৱে অনুষ্ঠিত হয়। কাৰ্যসূচীটো বিশ্ববিদ্যালয়ৰ ছাৰ জে চি বসু চৌহদৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা সন্মিলন কক্ষত অনুষ্ঠিত হয়। জাতীয় শিক্ষক শিক্ষা পৰিষদ (NCTE)ৰ অধ্যক্ষ তথা পূৰ্বাঞ্চল সমন্বয়ক ড° দিব্যজ্যোতি মহন্ত মুখ্য বক্তা হিচাপে অনুষ্ঠানটোত উপস্থিত থাকি চাৰি বছৰীয়া সমন্বিত শিক্ষক শিক্ষা কাৰ্যসূচীৰ উদ্দেশ্য, গঠন আৰু গুৰুত্ব সন্দৰ্ভত বিশদভাৱে আলোকপাত কৰে। অনুষ্ঠানটো এক সজীৱ আন্তঃসংবাদমূলক অধিবেশন হিচাপে পৰিচালিত হয়, যাৰ ফলত বক্তা আৰু অংশগ্ৰহণকাৰীসকলৰ মাজত অৰ্থবহ যোগাযোগ স্থাপন হয়। কাৰ্যসূচীৰ আৰম্ভণিতে বিশ্ববিদ্যালয়ৰ ৰেজিষ্ট্ৰাৰ (কাৰ্যবাহী) তথা একাডেমিক ৰেজিষ্ট্ৰাৰ ড° সন্দীপ ৰত্নই আদৰণি ভাষণ প্ৰদান কৰে। মুখ্য ভাষণ প্ৰদান কৰে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক মানবেন্দ্ৰ দত্ত চৌধুৰীয়ে। তেওঁ শিক্ষক শিক্ষাৰ ক্ষেত্ৰত সমন্বিত শিক্ষক শিক্ষা আঁচনিৰ গুৰুত্ব আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সৈতে ইয়াৰ সামঞ্জস্য সম্পৰ্কে আলোকপাত কৰে। এই কাৰ্যসূচীত বিজ্ঞান শাখাৰ ডীন, গৱেষণা আৰু উন্নয়ন কোষৰ ডীন, লগতে মানব আৰু সমাজ বিজ্ঞান বিভাগৰ ডীন উপস্থিত থাকে। ইয়াৰ উপৰিও আভ্যন্তৰীণ মান নিৰূপন কোষৰ সঞ্চালক আৰু অন্যান্য বিষয়াবলী, সকলো বিভাগৰ মুৰব্বী, শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে। অনুষ্ঠানৰ শেষত এক আন্তঃসংবাদমূলক আলোচনা অনুষ্ঠিত হয়, য’ত অংশগ্ৰহণকাৰীসকলৰ সক্ৰিয় অংশগ্ৰহণ আৰু আগ্ৰহ পৰিলক্ষিত হয়। অনুষ্ঠানটো সঞ্চালনা কৰে ড° নবানীতা ভূঞাই আৰু ধন্যবাদ জ্ঞাপন কৰে ITEP ৰ আহ্বায়ক ড° জয়ন্ত শৰ্মাই৷ এই কথা এক বিবৃতিযোগে সদৰি কৰে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ITEP B.Ed. কাৰ্যসূচীৰ সমন্বয়ক ড° এন. আই. বৰভূঞাই৷

Related Articles