বৰঝাৰ বিমানবন্দৰৰ নতুন টার্মিনেল উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

ডিজিটেল সেৱা, গুৱাহাটী: গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰাৰ পাছতে প্ৰধানমন্ত্রীয়ে শনিবাৰে এখন বিশাল জনসভা সম্বোধন কৰে । প্ৰধামন্ত্রীয়ে কয়, “ভূপেন দাৰ এই গীত কেৱল গীত নহয়, অসমক ভালপোৱা সকলো মহান আত্মাৰ সংকল্প । সেই সংকল্পক সাৰ্থক কৰাৰ বাবে আমি কাম কৰি আছো । বিজেপিৰ ডাবল ইঞ্জিনৰ চৰকাৰে অবিৰতভাৱে বিকাশৰ ধাৰা বোৱাই আছে । গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন এই সংকল্পৰ প্ৰমাণ । আজি গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছো । এই প্ৰতিমূৰ্তিয়ে ভৱিষ্যত প্ৰজন্মক প্ৰেৰণা দিব । তেখেত অসমৰ গৌৰৱ, অসমৰ পৰিচয় ।”বায়ুসেনাৰ বিশেষ বিমানেৰে গুৱাহাটীৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্রী মোদীক উষ্ম আদৰণি জনায় । প্ৰধানমন্ত্রীয়ে বিমানবন্দৰ চৌহদত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰে ।

এই প্ৰতিমূৰ্তিটো উন্মোচনৰ পাছতে প্ৰধানমন্ত্রীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰে । প্ৰধানমন্ত্রীয়ে ভাৰ্চুৱেলি নতুন টাৰ্মিনেল মুকলি কৰে ।এই উপলক্ষে আয়োজন কৰা এক বিশাল জনসভা সম্বোধন কৰে প্ৰধানমন্ত্রী মোদীয়ে । প্ৰধানমন্ত্রীয়ে আজিৰ দিনটোক অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ উৎসৱ বুলি আখ্যা দি উপস্থিত সকলোকে মোবাইলৰ লাইট জ্বলাই বিকাশৰ অংশীদাৰ হোৱাৰ বাবে আহ্বান জনায় । প্ৰধানমন্ত্রীৰ আহ্বানৰ পাছতে সমগ্ৰ পৰিৱেশ মোবাইলৰ লাইটৰ পোহৰেৰে উজলি উঠে । লুইতপৰীয়া ৰাইজলৈ মোৰ শ্ৰদ্ধা আৰু মৰম যাচিছো বুলি অসমীয়াতে কৈ প্ৰধানমন্ত্রীয়ে ভাষণত কয়, “যোগাযোগৰ আধুনিক আন্তঃগাঠনি নতুন সম্ভাৱনাৰ গেটৱে, ৰাজ্যৰ আত্মবিশ্বাসৰ স্তম্ভ । এতিয়াহে অসমৰ লগত ন্যায় হৈছে ।

কংগ্ৰেছৰ দিনত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ কংগ্ৰেছৰ এজেণ্ডাতে নাছিল । তেওঁলোকে কৈছিল উত্তৰ-পূৰ্বাঞ্চললৈ কোন যায়, কিহৰ দৰকাৰ আছে বিমানবন্দৰ তথা হাইৱেৰ । কংগ্ৰেছে কৰা উপেক্ষা তথা ছয়-সাত দশকৰ ভুলৰ শুধৰণি কৰি আছে মোদীয়ে ।””বিগত ১১ বছৰত উত্তৰ-পূৰ্বাঞ্চলে বিকাশৰ যাত্রাত দ্ৰুতগতিত আগুৱাই গৈছে, বহু ৰেকৰ্ড গঢ়িছে । ভাৰতীয় ন্যায় সংহিতা কাৰ্যকৰী কৰাৰ ক্ষেত্রত অসম দেশৰ এক নম্বৰ ৰাজ্য হৈছে । ৫০ লাখ স্মাৰ্ট প্ৰি-পেইড মিটাৰ লগাই ৰেকৰ্ড গঢ়িছে । আজি বিজেপি চৰকাৰৰ দিনত নিবনুৱাই যোগ্যতাৰ ভিত্তিত চাকৰি পাবলৈ সক্ষম হৈছে ।নতুন টাৰ্মিনেলৰ প্ৰসংগত প্ৰধানমন্ত্রীয়ে লগতে কয়, “এই নতুন টাৰ্মিনেলৰ যোগেদি বছৰি ১.২০ কোটি যাত্রী অহা-যোৱা কৰিব পাৰিব । আৰু অধিক সংখ্যক পৰ্যটক আহিব পাৰিব । বিকাশ আৰু বিৰাসত মন্ত্রৰ অৰ্থ ইয়াত বুজা যায় । ইয়াত বাঁহৰ প্ৰয়োগ হৈছে । অসমৰ অভিন্ন অংগ বাঁহ । দিল্লীত কংগ্ৰেছৰ চৰকাৰৰ বাঁহৰ পৰিচয় নাছিল ।

আইনৰ যোগেদি বাঁহ গছ বুলি কটাত বাধা দিছিল । আমাৰ চৰকাৰে সেই আইন আঁতৰ কৰি বাঁহক ঘাঁহৰ কেটগৰীলৈ আনিলে । আজি সেই বাঁহেৰে এই ভৱন হৈছে । আজি অসম অসীম সম্ভাৱনীয়তাৰ দিশত আগুৱাই গৈছে । আজি অসম তথা উত্তৰ-পূৰ্বাঞ্চলে দেশৰ বিকাশৰ যাত্রাক নেতৃত্ব দিছে । উত্তৰ-পূৰ্বাঞ্চল বিকশিত ভাৰতৰ ইঞ্জিন হ’ব ।”স্বাধীনতাৰ পাছতো কংগ্ৰেছে দেশবিৰোধী কাম কৰি কৰি আহিছে বুলি মন্তব্য় কৰি প্ৰধানমন্ত্ৰীয়ে কয়,”ভোটৰ স্বাৰ্থত অনুপ্ৰৱেশকাৰীক আশ্ৰয় দি কংগ্ৰেছে দেশৰ ডেম’গ্ৰাফী সলনি কৰিলে । অনুপ্ৰেৱেশকাৰীয়ে আমাৰ জংঘল-ভূমি দখল কৰিলে । আমাৰ সুৰক্ষা আৰু পৰিচয়ৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিলে । অসমত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অনুপ্ৰৱেশৰ বিৰুদ্ধে কাম কৰি আছে । কংগ্ৰেছে দেশ বিৰোধী এজেণ্ডা লৈছে, অনুপ্ৰৱেশকাৰীৰ পক্ষত কাম কৰি আছে । কংগ্ৰেছৰ এনে দেশদ্ৰোহী মানসিকতাৰ ক্ষেত্রত আমি সজাগ আৰু সচেতন হ’ব লাগিব । অসমৰ লোক ঐক্যবদ্ধ হ’ব লাগিব । আমি সকলোৱে মিলি কংগ্ৰেছৰ ষড়যন্ত্র বিফল কৰিব লাগিব ।”সভাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্ম‍াই কয়, “আজি আমাৰ ৰাজ্যখনৰ বাবে গৌৰৱৰ দিন। এই টাৰ্মিনেল কপৌফুলৰ আৰ্হিত বাঁহেৰে নিৰ্মাণ কৰা হৈছে। দেশৰ ভিতৰতে সুন্দৰ টাৰ্মিনেল হৈছে। আগন্তুক সময়ত আৰু নতুন টাৰ্মিনেল নিৰ্মাণ কৰা হ’ব ।

৬০ একৰ ভূমিত ‘এৰ’ হাব’ কৰা হ’ব ।”মুখ্যমন্ত্রীয়ে লগতে কয়, “আমাৰ বাবে গৌৰৱৰ বিষয় যে দেওবাৰে প্ৰধানমন্ত্রীয়ে বৰাগাঁৱত অসম আন্দোলনৰ শ্বহীদৰ স্মৃতিত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্রলৈ গৈ জাতীয় শ্বহীদৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্রী যিয়ে অসম আন্দোলনৰ শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জনাব । ইয়াৰ পূৰ্বে কোনো প্ৰধানমন্ত্রীয়ে সন্মান জনোৱা নাই । জানুৱাৰী মাহত প্ৰধানমন্ত্রী পুনৰ আহিব কাজিৰঙাৰ এলিভেটেট ক’ৰিডৰৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ । ফেব্ৰুৱাৰী মাহতো আহিব গুৱাহাটী-উত্তৰ গুৱাহাটী দলং উদ্বোধন কৰিবলৈ । লগতে বৰাকৰ ডলু বিমানবন্দৰৰ আধাৰশিলা স্থাপন কৰিব । প্ৰধানমন্ত্রী মোদীৰ নেতৃত্বত আজি অসমে আকাশ চুবলৈ সক্ষম হৈছে ।”উল্লেখ্য যে প্ৰায় ১.৪ লাখ বৰ্গমিটাৰত বিস্তৃত নতুন টাৰ্মিনেল ভৱনটোক বছৰি ১.৩ কোটি যাত্ৰীক পৰিচালনা কৰিব পৰাকৈ ডিজাইন কৰা হৈছে । ভাৰতৰ প্রথমটো প্রকৃতি-বিষয়ক বিমানবন্দৰ টার্মিনেল হিচাপে নতুন টাৰ্মিনেল ভৱনত “বেম্ব’ অৰ্কিড” বিষয়বস্তুৰ অধীনত অসমৰ জৈৱ বৈচিত্ৰ্য আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিফলন ঘটিছে ।

টাৰ্মিনেলটোত উত্তৰ-পূৰ্বাঞ্চলত স্থানীয়ভাৱে উপলব্ধ প্ৰায় ১৪০ মেট্ৰিক টন বাঁহ ব্যৱহাৰ কৰা হৈছে । ইয়াৰে কাজিৰঙাৰ সেউজীয়া প্ৰাকৃতিক দৃশ্য, জাপি আকৃতি, মোহনীয়া গঁড়ৰ প্ৰতীক আৰু কপৌ ফুলক প্ৰতিফলিত কৰা ৫৭ বিধ অৰ্কিড-আধাৰিত স্তম্ভ সংস্থাপন কৰা হৈছে । প্ৰায় এক লাখ থলুৱা প্ৰজাতিৰ উদ্ভিদেৰে এক অনন্য “স্কাই ফৰেষ্ট”-এ ইয়াৰ যাত্ৰীসকলক এক গভীৰ, অৰণ্য-সদৃশ অভিজ্ঞতা প্ৰদান কৰিব ।আনহাতে বিমানবন্দৰৰ পৰা প্ৰধানমন্ত্রী ৰাওনা হয় বিজেপিৰ ৰাজ্যিক কাৰ্যালয় অভিমুখে । জালুকবাৰীৰ পৰা প্ৰধানমন্ত্রীৰ এক বিশাল ৰোড শ্ব’ উলিওৱা হয় । পথৰ দুয়োকাষে হাজাৰ হাজাৰ লোক সমবেত হৈ প্ৰধানমন্ত্রী মোদীক আদৰণি জনায় । জালুকবাৰীৰ পৰা ৰোড শ্ব’ কৰি প্ৰধানমন্ত্রী উপস্থিত হয় বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত য’ত প্ৰধানমন্ত্রীয়ে দলৰ ৰাজ্যিক নেতৃত্বৰে এক বৈঠকত মিলিত হয় ।এই অনুষ্ঠানটোত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, দেশৰ বিশিষ্ট ব্যৱসায়ী তথা আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানী, কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্রী পবিত্র মাৰ্ঘেৰিটা, কেন্দ্ৰীয় বিমান পৰিবহণ মন্ত্রী ৰামমোহন নাইডু, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।

Related Articles