ডিজিটেল সেৱা: বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়া আৰু নাই ৷ বাংলাদেশ নেচনেলিষ্ট পাৰ্টীয়ে (বি এন পি) মতে, মঙলবাৰে পুৱা প্ৰায় ৬ বজাত (স্থানীয় সময় অনুসৰি) ঢাকাৰ এখন চিকিৎসালয়ত মৃত্যু হয় খালেদা জিয়াৰ । মৃত্যুৰ সময়ত বিএনপি নেত্ৰী খালেদা জিয়াৰ বয়স আছিল ৮০ বছৰ । বিগত ২৩ নৱেম্বৰত সংকটজনক অৱস্থাত ঢাকাৰ এভাৰকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল খালেদাক । তেতিয়াৰ পৰা এমাহৰো অধিক সময় ধৰি চিকিৎসালয়খনতে চিকিৎসাধীন হৈ আছে খালেদা । বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী দীৰ্ঘদিন ধৰি বৃক্ক আৰু যকৃতৰ লগতে বিভিন্ন আনুষংগিক ৰোগতো আক্ৰান্ত হৈ আছিল ।পূৰ্বতে চিকিৎসকে উল্লেখ কৰা মতে, বৃক্কৰ কাৰ্যক্ষমতা সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছিল খালেদাৰ ৷ ফলত তেওঁৰ নিয়মীয়া ডায়েলাইছিছ চলি আছিল । তেওঁৰ দেহত “এওৰ্টিক ভালভ” সমস্যাও ধৰা পৰিছিল । চিকিৎসকে বহু চেষ্টা কৰিও বচাব নোৱাৰিলে বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰীক ৷অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে খালেদা জিয়াই ৷ সোমবাৰে নিশা খালেদাৰ অৱস্থাৰ অধিক অৱনতি ঘটে আৰু মঙলবাৰে পুৱাই চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় বেগম খালেদা জিয়াৰ ৷জানিব পৰা মতে, চলিত মাহৰ আৰম্ভণিতে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক অসুস্থতাৰ উন্নত চিকিৎসাৰ বাবে লণ্ডনলৈ প্ৰেৰণ কৰা হৈছিল ।আনকি ২ ডিচেম্বৰত চীনৰ পৰা ৫ জনীয়া চিকিৎসক এটা দল খালেদাৰ চিকিৎসাৰ বাবে ঢাকাত উপস্থিত হয় । তাৰে দুদিন পিছতে বাংলাদেশত উপস্থিত হয় আন এটা ৪ জনীয়া চীনৰ চিকিৎসকৰ দল । ব্ৰিটেইনৰ পৰা অহা বিশেষজ্ঞৰ এটা দলেও চীনৰ চিকিৎসকসকলৰ সৈতে মিলি খালেদাৰ স্বাস্থ্য উন্নত কৰাৰ চেষ্টা কৰে ৷কিন্তু তেওঁৰ অৱস্থাৰ কোনো পৰিৱৰ্তন হোৱা নাছিল । ১১ ডিচেম্বৰৰ দিনা ভেণ্টিলেটৰো বদলি কৰা হয় । শনিবাৰে মাজনিশা চিকিৎসক এজেএম জাহিদে কয় যে বিএনপি নেতাজনৰ শাৰীৰিক অৱস্থা অতি সংকটজনক । দেওবাৰে নিশাও তেওঁৰ পৰিস্থিতিৰ কোনো পৰিৱৰ্তন হোৱা নাছিল ।ইফালে ১৭ বছৰীয়া আত্মনিৰ্বাসনৰ অন্ত পেলাই খালেদা জিয়াৰ পুত্ৰ তথা বি এন পিৰ নেতা তাৰিক ৰহমানে ২৫ ডিচেম্বৰত লণ্ডনৰ পৰা বাংলাদেশলৈ উভতি আহে ৷ গৃহভূমি ভৰি থৈয়ে তেওঁ চিকিৎসাধীন হৈ থকা মাতৃৰ কাষলৈ যায় ৷
দীৰ্ঘদিন চিকিৎসা কৰি থকাৰ পাচতো সুস্থ হৈ নুঠা খালেদায় যেন পুত্ৰৰ বাবেই অপেক্ষা কৰি আছিল ৷ অৱশেষত জীৱন যুঁজত হাৰ মানি এই পৃথিৱীৰ পৰা বিদায় মাগিলে বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াই ৷