নগাঁও জিলাৰ ৮ গৰাকী আৰক্ষীলৈ ডিজিপিৰ প্ৰশংসা পদক

ডিজিটেল সেৱা, নগাঁও: অসম আৰক্ষীৰ আৰক্ষী সঞ্চালকৰ পদক ২০২৫ লাভ কৰাৰ বাবে নগাঁও আৰক্ষীৰ ৮ গৰাকী বিষয়া-কৰ্মীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। আৰক্ষী বিষয়া সকলৰ দৃষ্টান্তমূলক সেৱা,অসাধাৰণ অৱদান আৰু কৰ্তব্যৰ প্ৰতি অক্লান্ত নিষ্ঠা সঁচাকৈয়ে প্ৰশংসনীয় আৰু বাহিনীটোৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিছে৷ উল্লেখ্য যে, নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা (সোনৰ মেডেল), অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) জয়ন্ত বৰুৱা, পৰিদৰ্শক সঞ্জীত কুমাৰ ৰয়,উপ পৰিদৰ্শক সুৰজ দত্ত, উপ পৰিদৰ্শক বিজু বড়ো, লেঞ্চ নায়ক মিজানুৰ হাজৰিকা, লেঞ্চ নায়ক পৰশমনি হীৰা, কনিষ্ঠবল (ইউবি) হানিফ চৌধুৰীয়ে চিলভাৰ মেডেল লাভ কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷

Related Articles