◆মাধুৰ্য ডেকা◆
“উৰুঙা উৰুঙা আজি মাঘৰে বিহু
সেমেকা সেমেকা আজি ৰঙালী বিহু “(জুবিন দা)
ভোগালীৰ ভোগ আৰু উৰুঙা আজি কেৱল সমগ্র অসম । সঁচাই জুবিন গাৰ্গ বিহীন বিহু অৰ্থহীন। অসমত বিহু মানেই জুবিন দা। কাৰণ তেওঁৰে কথাসুৰ-গীতৰ মাজেৰে অসমীয়া সমাজত বিহুৱে এক সুকীয়া পৰিচয় পাইছে। আজিও জুবিন দাৰ গানেৰে ভোগালীক আদৰিছোঁ। তেওঁৰ কণ্ঠতেই যেন তেঁওক আমাৰ মাজত আঁকোৱালিবলৈ সক্ষম হৈছোঁ।বিহু অসম আৰু অসমীয়াৰ প্ৰাণৰস্বৰূপ। বিহু বুলি ক’লেই প্ৰত্যেক অসমীয়াৰে দেহ-মন উতনুৱা হৈ পৰে । বিহুৱে সকলো জাতি-জনগোষ্ঠীক একতাৰ এনাজৰীৰে বান্ধি ৰাখিছে। এক প্ৰকাৰে ক’বলৈ গ’লে বিহু হৈছে সমন্বয়ৰ প্ৰতীক। বিহুৱে অসমীয়া সমাজত ঐক্য, মৈত্ৰী- সম্প্ৰীতি আৰু ভাতৃত্ববোধ জীয়াই ৰাখিছে। অসমত পালন কৰা প্ৰধান উৎসৱ সমূহৰ ভিতৰত বিহু অসমৰ জাতীয় উৎসৱ। তিনিটা বিহু ক্ৰমে ব’হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু। এই তিনি বিহুৰ ভিতৰত মাঘ বিহু অসমৰ এক প্ৰধান শস্য চপোৱা উৎসৱ। এই বিহু মোৰ সকলোতকৈ প্ৰিয়। কাৰণ এই বিহু ভোগৰ বিহু। আঘোণ-পুহ মহীয়া পথাৰৰ সেই সোণালী দৃশ্য চালেই মন প্ৰাণবোৰ বিনন্দীয়া হৈ পৰে। দাৱনিয়ে ধান কটা আৰু বিৰিয়াত লৈ ডাঙৰী অনা অতীতৰ সেই ককা-দেউতাৰ লগত যোৱা স্মৃতিবোৰৰ কথাই সুকীয়া। আজিকালি বিজ্ঞানৰ ন ন উদ্ভাৱনৰ ফলত সেই স্মৃতিবোৰ দেখিবলৈ নাপাওঁ। গৰু-মহে মৰণা মৰাৰ দৃশ্য কথাওঁ মন কৰিবলগীয়া। এতিয়া ট্ৰেক্টৰ, পাৱাৰটিলা আৰু ক’ত কি উদ্ভাৱনে সেই দৃশ্যবোৰ মোহাৰি পেলাইছে। হলেওঁ কিছু কিছু ঠাইত অতীতৰ এই স্মৃতিবোৰ দেখিবলৈ পাওঁ। এতিয়া প্ৰজন্মক এই সোণালী দৃশ্যবোৰৰ লগত পৰিচয় কৰাই দিয়াটো অতিকৈ প্ৰয়োজন বুলি ভাৱোঁ। কাৰণ বহুতে এই বিষয়ে ভালদৰে অৱগত নহয়।

আজিকালি নৱ প্ৰজন্মক কেৱল মোবাইল ফোন লৈ ব্যস্ত হোৱা দেখিবলৈ পাওঁ। আগতে আমি ককা হঁতৰ লগত পথাৰত গৈ এই সোণালী দৃশ্যবোৰ উপভোগ কৰোঁ। অলপ যদি আমি তেওঁলোকক এই দৃশ্যবোৰৰ কথা সোঁৱৰাই দিলে তেওঁলোক উৎসাহিত হ’ব।কঙালী দিনবোৰৰ অন্ত পৰাত, আঘোণ-পুহ মহীয়া খেতি পথাৰৰ পৰা লখিমীক আদৰি অনাৰ পিছত সকলোৰে ভঁৰাল ঘৰ চহকী হয়। আকৌ সকলোৱে এক হৈ ন চাউলেৰে এসাজ খোৱাৰ হাবিয়াস আহে এই মাহতে। সঁচাই ন চাউলৰ ভাতৰ জুতিৰ কথা কৱলগীয়া। ভোগৰ মাহ হোৱাৰ বাবেই হয়তো মাঘৰ বিহুক ভোগালী বিহু বুলি কোৱা হয়।পুহ মাহৰ শেষত আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা এই বিহু পালন কৰা হয়। যিহেতু আঘোণ-পুহত ধান, মাহ, তিল, মগু আদি শস্যৰে সকলোৱে ভঁৰাল ভৰি থাকে, সেয়ে এই বিহুত বিভিন্ন ধৰণৰ খাদ্য বনুৱা হয়। যেনে- পিঠা, লাডু, সান্দহ গুৰি, চিৰা, আখৈ, জলপান ইত্যাদি। দোমাহিৰ আগদিনা উৰুকা বুলি কোৱা হয়। গাঁৱৰ ডেকা সকলে পুহতে পথাৰৰ নৰা-খেৰৰে ভেলাঘৰ আৰু মেজি প্ৰস্তুত কৰে। সকলোৰে আশা উৰুকাৰ ৰাতি একলগ হৈ ভোজ ভাত খাই নাচি বাগি উজাগৰে থকা। আনহাতে জীয়ৰী- বোৱাৰী সকলে উলহ- মালহেৰে পিঠা, লাডু, চিৰা আদি বনোৱাত ব্যস্ত হৈ পৰে। উৰুকাৰ ৰাতিপুৱা নৈ, বিল, পুখুৰীত মাছ ধৰা সেই প্ৰতিচ্ছবিবোৰে এতিয়াও যেন লৰালিকাললৈ মনত পেলায় আৰু সেই মাছেৰে উৰুকা ৰাতি ভোজ খোৱাৰ তৃপ্তিয়ে বেলেগ। আকৌ উৰুকা ৰাতি গাঁৱৰ ডেকা সকল এক লগ হৈ আনৰ জেওঁৰা-জপনা চুৰি কৰা পৰম্পৰা বোৰ মনকৰিবলগীয়া। আজিকালি এইবোৰ পৰম্পৰা ক্ৰমান্বয়ে নোহোৱা হৈ গৈছে।

আকৌ কোনোৱে কাৰোবাৰ বাৰীৰ তামোল-পান, কোমোৰা আদিও চুৰি কৰে । কাৰণ এইয়া এক প্ৰকাৰৰ ধেমালি। উৰুকাৰ পিছদিনা ৰাতিপুৱা সকলোৱে গা-পা ধুই ওলাই আহে মেজি জ্বলাবলৈ। মেজিৰ জুই জ্বলাই গোৱা হয় “পুহ গ’ল মাঘ হ’ল, আমাৰ মেজি জ্বলি গ’ল”। তাৰ পিছত হৰিধ্বনি দি মাহ-প্ৰসাদ আগবঢ়াই দিয়া হয়। মেজিৰ তলত আশীৰ্বাদ ল’লে ব্যক্তিৰ মনৰ আকাংক্ষা পূৰণ হয় বুলি লোকবিশ্বাস আছে আৰু মেজিৰ ছাই খেতি পথাৰত ছটিয়ালে কীট-পতঙ্গ নাশ হয়। এই মেজি শব্দটো বৈদিক ‘মেধ্য’ শব্দৰ পৰা আহিছে। মেধ মানে হৈছে যজ্ঞ।মাঘ বিহু উপলক্ষে অসমৰ কোনো কোনো ঠাইত দুই- তিনিদিন ধৰি বিভিন্ন খেল-ধেমালি, গীত-মাতৰ প্ৰতিযোগীতা আদিৰ আয়োজন কৰে আৰু উঠি অহা প্ৰজন্মক উৎসাহিত কৰে। অসমৰ অঞ্চলভেদে মাঘ বিহুত মহ যুঁজ, হাজোৰ বুলবুলি চৰাই যুঁজ, কুকুৰা যুঁজ, কণী যুঁজ, ৰছী টনা খেল, মাৰাথান দৌৰ ভেশ্চন প্ৰতিযোগীতা, দ-বাম, কাবাডী খেল আদি আয়োজন কৰে। এই বিহুতে কনিষ্ঠজনে জ্যেষ্ঠজনক ভৰি চুই সেৱা জনাই আৰু আশীৰ্বাদ লয়। আনহাতে মাঘ বিহু উপলক্ষে অসমৰ বিভিন্ন ঠাইত মেলা- সমাহৰো আয়োজন কৰা হয়। যেনে- জোনবিল মেলা, হাজোৰ উৰুচ মেলা, মাঘী মেলা আদি।
এনেদৰেই ভোগালী ভোগৰ মাজেদি আকৌ আহক হেঁপাহৰ মাঘৰ বিহুতি। মেজিৰ জুইত জাহ যাওঁক দুখ হিংসা দুৰ্নীতি আৰু ঘূৰি আহক সুখ, শান্তি আৰু সমৃদ্ধি। সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভকামনা জনালোঁ।
শেষত জুবিন দাৰ এফাঁকি বিহু গীতেৰে –
“পৰ্বতৰ ঢেকঢেকীয়া লিহিৰিপতীয়া
বতাহত যেনেকৈ হালে
ঢোলৰে চাপৰত তোৰে লাহি কঁকাল
দুচেও তিনি চেও কৈ ভাগে”।।
ঠিকনা: গোঁসাইবড়ি, নগাঁও
ফোন: 6002790857