৭ জানুৱাৰীত জামিয়া অসম দাৰুল হাদীছ জয়নগৰৰ বাৰ্ষিক সমাৱৰ্তন

◆জমিৰ উদ্দিন তালুকদাৰ◆

অসমৰ প্ৰাচীনতম ইছলামী শিক্ষাৰ পীঠস্থান জামিয়া অসম দাৰুল হাদীছ জয়নগৰৰ বাৰ্ষিক সমাৱৰ্তন আৰু পবিত্ৰ বুখাৰী খতম অনুষ্ঠানৰ দিন বাৰ ঘোষণা কৰা হৈছে৷ আজি মাদ্ৰাছাৰ বাকৰিত অনুষ্ঠিত এক সংবাদমেলত এই তথ্য সদৰি কৰে মাদ্ৰাছাৰ সম্পাদক মৌলানা তৈয়বুৰ ৰহমান কাছিমীয়ে৷ সংবাদ মেলত মাদ্ৰাছাৰ সম্পাদক গৰাকীয়ে জানিবলৈ দিয়া মতে, এইবাৰ জামিয়া জয়নগৰৰ বাৰ্ষিক সমাৱৰ্তন তিনি দিনীয়া কাৰ্যসূচীৰে পালন কৰা হ’ব৷ কাৰ্যসূচী অনুসৰি ৫ জানুৱাৰী সন্ধিয়া মাদ্ৰাছাৰ স্থায়ী সভাপতি হবিব মোহাম্মদ চৌধুৰীৰ পৌৰোহিত্যত অনুষ্ঠিত হ’বলগীয়া এখন সভাত মাদ্ৰাছাৰ বাৰ্ষিক আলোচনী ‘পয়ামে দাৰুল হাদীছ’ উন্মোচন কৰা হ’ব৷ একে অনুষ্ঠানত মাদ্ৰাছাৰ নিউজ বুলেটিন ‘দাৰুল হাদীছ দৰ্পণো’ উন্মোচন কৰা হব৷ লগতে মাদ্ৰাছাৰ শিক্ষকসকলে লিখি উলিওৱা তিনিখন অন্য গ্ৰন্থও উন্মোচন কৰা হব৷ এই অনুষ্ঠানত মাদ্ৰাছা ছাত্ৰৰ দ্বাৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হব৷ প্ৰথম দিনাৰ কাৰ্যসূচীত উপস্থিত থাকিবলৈ হোজাই জিলা আয়ুক্ত, জিলা আৰক্ষী অধীক্ষককে ধৰি জিলাখনৰ বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে জড়িত শিক্ষাবিদ, বুদ্ধিজীৱীক নিমন্ত্ৰণ জনোৱা হৈছে৷ ৬ জানুৱাৰীত দিনৰ ১ বজাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা মাদ্ৰাছাৰ দানপাত্ৰ ৰখা ব্যৱসায়ীক প্ৰতিষ্ঠান আৰু ব্যক্তিগতভাৱে ৰখা ব্যক্তিসকলৰ সৈতে এক আলাপৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ ৭ জানুৱাৰীত অনুষ্ঠিত হব মাদ্ৰাছাৰ ৭৪ তম বাৰ্ষিক সমাৱৰ্তন৷ এই সমাৱৰ্তনত সভাপতিত্ব কৰিব অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি তথা জামিয়াৰ শিক্ষা উপদেষ্টা মৌলানা মস্তাক আহমদ আনফৰ চাহাবে৷ সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব দাৰুল উলুম দেওবন্দৰ শ্বেইখুল হাদীছ মৌলানা চৈয়দ চলমান মনচুৰপুৰী৷ সমাৱৰ্তনত মাদ্ৰাছাৰ পৰা বিভিন্ন বিষয়ত স্নাতক আৰু ডিপ্লমা গ্ৰহণ কৰা ১১২ গৰাকী ছাত্ৰক সন্মানজনক পাগুৰি প্ৰদান কৰা হব৷ চলিত বৰ্ষত দাওৰায়ে হাদীছৰ ৬০ গৰাকী, পবিত্ৰ কুৰআন মুখস্থ কৰা ২৯ গৰাকী, কিৰাত শাখাত ২৩ গৰাকী আৰু ইংৰাজী আৰু কম্পিউটাৰ শাখাৰ ৫ গৰাকী ছাত্ৰক এই সন্মান প্ৰদান কৰা হব৷ আজিৰ সংবাদমেলত উপস্থিত থাকে মাদ্ৰাছাৰ অধ্যক্ষ মৌলানা চামচুল হক, শিক্ষা সচিব মৌলানা বাহাৰ উদ্দিন বাহাৰ, সহ সম্পাদক নজিৰ উদ্দিন চৌধুৰীকে ধৰি পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল৷

Related Articles