সৌন্দৰ্য্য চৰ্চাৰ জড়িয়তে নগাঁৱলৈ সুনাম কঢ়িয়াই আনিছে ফাৰ্হানা মিৰ্জাই

ডিজিটেল সেৱা, নগাঁও : সৌন্দৰ্য্য চৰ্চাৰ জড়িয়তে নগাঁৱলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে নগাঁও চহৰৰ কছলুখোৱাৰ এগৰাকী ছাত্ৰীয়ে। দেশৰ আগশাৰীৰ বেচৰকাৰী সংস্থা SPARK যে গুৱাহাটীত আয়োজন কৰা “মিছ নৰ্থইষ্ট ইণ্ডিয়া” ত অংশ গ্ৰহণ কৰি বিজয়ী হৈ নগাঁৱৰ ফাৰ্হানা মিৰ্জাই নিজৰ জন্মস্থান নগাঁৱৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। চহৰখনৰ কছলুখোৱাৰ নিবাসী আতুৱাৰ হুছেইন আৰু পাৰবিনা বেগমৰ কণ্যা ফাৰ্হানাই সৰুৰে পৰাই সৌন্দৰ্য্য চৰ্চাৰ লগত জড়িত হৈ ৰাজ্যৰ বাহিৰত কেইটা বিউটি কন্টেষ্টত অংগ গ্ৰহন কৰি বিজয়ী হবলৈ সক্ষম হৈছিল।

আজি ফাৰ্হানাই শিৰত মুকুট লৈ নগাঁৱৰ স্বগৃহলৈ আহাৰ পাছতে নগাঁৱত আনন্দৰ জোৱাৰ উঠিছে। উল্লেখযোগ্য যে ইতিপূৰ্বেও মিছ ইণ্ডিয়া ফেশ্বন গ্ৰাম ২০১৭ আৰু ২০১৮ চনত “মিছ আসাম”ৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল। এইবাৰো শতাধিক প্ৰতিযোগীৰ মাজৰ পৰা ফাৰ্হানাই নিজৰ প্ৰচেষ্টাৰে বিজয়ী হোৱাত ফাৰ্হানাৰ পিতৃ মাতৃ তথা পৰিয়াল বৰ্গ আনন্দত আত্মহাৰা হৈ পৰিছে। ফাৰ্হানাই সৌন্দৰ্য্য চৰ্চাৰ লগতে ফেশ্বন ডিজাইনিঙৰ শিক্ষাও গ্ৰহন কৰিছে। আজি ফাৰ্হানা কছলুখোৱাৰ গৃহত উপস্থিত হোৱাৰ পাছতে নগাঁৱৰ কেইটাও অনুষ্ঠান প্ৰতিষ্ঠানে ছাত্ৰী গৰাকীক সম্বৰ্ধনা জনায়।

Related Articles