বঢ়মপুৰত ঘৰৰ পৰা ভোটদান প্ৰক্ৰিয়াত উপস্থিত সাধাৰণ পৰ্যবেক্ষক

ডিজিটেল সেৱা, নগাঁও: নগাঁও জিলাত আজি দ্বিতীয় দিনাও বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণকাৰী দলৰ দ্বাৰা ঘৰে ঘৰে গৈ ভোটগ্ৰহণ কৰা প্ৰক্ৰিয়া অব্যাহত আছে। আজি বঢ়মপুৰ বিধানসভা সমষ্টিত এই প্ৰক্ৰিয়া সাধাৰণ পৰ্যবেক্ষকেও পৰ্যবেক্ষণ কৰে। সমষ্টিটোৰ বাবে নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত সাধাৰণ পৰ্যবেক্ষক শিৱপ্ৰসাদ আইয়ে নিজ কঠিয়াতলি গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১৭১ নং ভোটগ্ৰহণ কেন্দ্ৰৰ ভোটাৰ ৮৭ বছৰীয়া ৰেণুৱালা মণ্ডলৰ ঘৰত গৈ উপস্থিত হয় আৰু সমগ্ৰ প্ৰক্ৰিয়াটো পৰ্যবেক্ষণ কৰে। তেওঁ ভোটগ্ৰহণকাৰী দলক এই ক্ষেত্ৰত কিছু প্ৰয়োজনীয় দিহা পৰামৰ্শ‌ও আগবঢ়ায়। ইয়াৰ উপৰিও তেওঁ কেবাটাও ভোটগ্ৰহণ কেন্দ্ৰ‌ও পৰিদৰ্শন কৰি শেহতীয়া অৱস্থাৰ বুজ লয়। উল্লেখযোগ্য যে, নিৰ্বাচন আয়োগৰ নিৰ্দেশক্ৰমে নগাঁও জিলাৰ ঘৰৰ পৰা ভোটদান কৰিবলৈ আগ্ৰহী হোৱা দিব্যাঙ্গ আৰু ৮৫ বছৰৰ উৰ্ধৰ ব্যক্তিসকলৰ ভোট বেলট কাকত যোগে তেওঁৰ ঘৰৰ পৰাই সংগ্ৰহ কৰাৰ বাবে কালিৰে পৰা অভিযান আৰম্ভ কৰা হৈছে।

Related Articles