◆জমিৰ উদ্দিন তালুকদাৰ◆
এছিয়াৰ সৰ্ববৃহৎ দাতব্য চিকিৎসা প্ৰতিষ্ঠান হাজী আব্দুল মজিদ মেমৰিয়েল হস্পিটাল আৰু গৱেষণা প্ৰতিষ্ঠান চমুকৈ হাম চিকিৎসালয় আৰু তাত কৰ্মৰত চিকিৎসক-কৰ্মচাৰীৰ বিৰুদ্ধে অশালীন আৰু অপমানজনক মন্তব্য কৰা বিন্নাকান্দি সমষ্টিৰ অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী ৰেজাউল কৰিম চৌধুৰীৰ বিৰুদ্ধে হোজাই থানাত এক গোচৰ ৰুজু কৰিছে হাম হস্পিটাল কৰ্তৃপক্ষই৷ ৰেজাউল কৰিম চৌধুৰীয়ে হাম হস্পিটালৰ বিৰুদ্ধে ৰোগীক পণবন্দী কৰি ধন লোৱাৰ অভিযোগ উত্থাপন কৰাৰ লগতে তাত কৰ্মৰত চিকিৎসক-কৰ্মচাৰীসকলক গুণ্ডা বুলি অভিহিত কৰাৰ পিছতে প্ৰাৰ্থী গৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে হাম চিকিৎসালয় কৰ্তৃপক্ষ৷ আজি হাম চিকিৎসালয় কৰ্তৃপক্ষৰ হৈ প্ৰশাসনিক বিষয়া ৱাহিদ তালুকদাৰে (মানিক তালুকদাৰ) কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি সৰৱ হৈ পৰে ৰেজাউল কৰিম চৌধুৰীৰ বিৰুদ্ধে৷ মানিক তালুকদাৰে আজি হোজাই আৰক্ষী থানাত অজাপৰ প্ৰাৰ্থী গৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে৷ লগতে শংকৰদেৱ নগৰ আদালতত ৰেজাউল কৰিমৰ বিৰুদ্ধে এশ কোটি টকাৰ মানহানি গোচৰ ৰুজু কৰাৰ কথা আজি হামত অনুষ্ঠিত এক সংবাদমেলত এই কথা উল্লেখ কৰে৷ অজাপৰ প্ৰাৰ্থী গৰাকীয়ে হামৰ বিৰুদ্ধে ৰোগীক পণবন্দী কৰি দহ হাজাৰ টকাৰ বিল হলে বিশ হাজাৰ টকা কৰে৷ আৰু তাৰ পৰা দহ হাজাৰ টকা ৰেহাই দি সহায় কৰা বুলি ৰেজাউল কৰিম চৌধুৰীয়ে অভিযোগ উত্থাপন কৰিছিল৷ ইয়াৰ পিছতেই ৰেজাউলৰ বিৰুদ্ধে সৰৱ হৈ পৰে হাম চিকিৎসালয় কৰ্তৃপক্ষ৷ হামৰ প্ৰশাসনিক বিষয়া মানিক তালুকদাৰে কোৱা মতে, হামত দৰিদ্ৰ ৰোগীক কিমান সহায় কৰা হয়, কিমান জন ৰোগীয়ে দৈনিক বিনামূলীয়া চিকিৎসা লাভ কৰে, তাৰ তথ্য নিজে গৈ লবলৈ আহ্বান জনায়৷ ৰেজাউল কৰিমৰ বক্তব্য সম্পূৰ্ণ ভিত্তিহীন, মিছা বুলি কোৱাৰ লগতে তেওঁৰ বক্তব্যই চিকিৎসালয়খনৰ চিকিৎসক-কৰ্মচাৰীৰ সামাজিক মৰ্যাদাত আঘাত হনা বুলি অভিযোগ উত্থাপন কৰে৷ লগতে চৌধুৰীৰ বক্তব্যই চিকিৎসালয়খনৰ চিকিৎসক, কৰ্মচাৰীৰ সামাজিক নিৰাপত্ত বিঘ্নিত কৰা বুলি মানিক তালুকদাৰে উল্লেখ কৰে৷ ইয়াতে উল্লেখ কৰা প্ৰয়োজন যে, অজাপৰ প্ৰাৰ্থী ৰেজাউল কৰিম চৌধুৰীৰ বিৰুদ্ধে জীৱিত ব্যক্তিক মৃত সজাই জীৱন বীমা কৰি ধন সৰকোৱাৰ এটা গোচৰ চলি আছে৷