ডিজিটেল সেৱা, নগাঁও: অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চাপি আহিছে সিমানেই তুঙ্গত উঠিছে ৰাজনৈতিক প্ৰচাৰ অভিযান।পিছ পৰি থকা নাই নগাঁও জিলাৰ চামগুৰি বিধান সভা সমষ্টি। সমষ্টিটোত কংগ্ৰেছ দলৰ পৰা যোৱা উপ- নিৰ্বাচনত পৰাজয়বৰণ কৰা ৰকিবুলৰ তনয় তাঞ্জিল হুছেইনকে এইবাৰো কংগ্ৰছৰ প্ৰাৰ্থীত্বত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তাৰ বিপৰীতে সমষ্টিটোত প্ৰাক্তন আমছুৰ সভাপতি তথা প্ৰাক্তন বিধায়ক, সংখ্যালঘু জনতাৰ কন্ঠ আব্দুল আজিজ এইবাৰ এ আই ইউ ডি এফ দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে। আনহাতে সমষ্টিটোত বিজেপি দলৰ পৰা নাজিৰ হুছেইনে প্ৰাৰ্থীত্ব বিচাৰিছিল আৰু সমষ্টিটোৰ চোকে-কোনে গুৰি বিজেপি দলৰ দলীয় সংগঠন মজবোধ কৰাৰ লগতে ৰাইজৰ এক সবল জনমত গঠন কৰিবলৈয়ো সক্ষম হৈছিল। সমষ্টিটোত বিজেপি দলৰ পৰা নাজিৰক প্ৰাৰ্থীত্ব প্ৰক্ষেপ নকৰি সংখ্যালঘু অধ্যুষিত সমষ্টিটোত চামগুৰিত নাম- নিচান নথকা অনিল শইকীয়াক মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাত চামগুৰিৰ এন ডি এই প্ৰাৰ্থীৰ প্ৰতি ভোটাৰ ৰাইজৰ মোহ ভংগ হোৱা পৰিলক্ষিত হৈছে। সমষ্টিটোত এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে কোনো প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিব বুলি এক সৰব চৰ্চা চলিছে। সমষ্টি পুনৰ নিৰ্দ্ধাৰণ হোৱাৰ পাছত আব্দুল আজিজ হৈ পৰিল চামগুৰি সমষ্টিৰ বাসিন্দা। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ৰাজ্যৰ অন্যান্য সমষ্টিৰ লগতে নগাঁৱৰ চামগুৰি বিধানসভা সমষ্টিৰো সাল-সলনি হৈছে জনগাঁথনি । সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পাছত পূৰ্বৰ ২৩ খন গাঁও পঞ্চায়ত থকা চামগুৰি বিধানসভা সমষ্টিটোত সম্প্ৰতি আছে ২৫ খনকৈ গাঁও পঞ্চায়ত ৷ পূৰ্বৰ চাৰিখন জিলা পৰিষদীয় সমষ্টি থকা চামগুৰি বিধানসভা সমষ্টিত অৱশ্যে সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত একেই আছে জিলা পৰিষদৰ সংখ্যা ৷ পূৰ্বৰ চামগুৰি আৰু আমবাগান জিলা পৰিষদ কৰ্তন হৈছে নতুন চামগুৰি সমষ্টিৰ পৰা । নতুনকৈ গঠিত চামগুৰি সমষ্টিৰ চাৰিখন জিলা পৰিষদ হৈছে ক্ৰমে -বাজিয়া গাঁও জিলা পৰিষদ,শিঙিমাৰী জিলা পৰিষদ,গড়াজান জিলা পৰিষদ আৰু ভকত গাঁও জিলা পৰিষদ। নতুনকৈ গঠিত চামগুৰি সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা প্ৰায় ২ লাখ ১৭ হাজাৰ । সমষ্টিটোত সংখ্যালঘু ভোটাৰ আছে প্ৰায় ৯২ শতাংশ । অৰ্থাৎ বৰ্তমানৰ চামগুৰি সমষ্টিৰ মুঠ ২ লাখ ১৭ হাজাৰ ভোটাৰৰ জনগাঁথনিৰ ভিত্তিত প্ৰায় ২ লাখ সংখ্যালঘু ভোটাৰৰ বিপৰীতে আছে মাত্ৰ ১৭ হাজাৰ হিন্দু ভোটাৰ ৷ ১৯৮১ আৰু ১৯৯১ চনত নুৰুল হুছেইন, ২০০১ চনৰ পৰা ২০২১ চনলৈকে ৩৫ বছৰ ৰকিবুল হুছেইনৰ পৰিয়ালৰ দখলত থকা সমষ্টিটোত যোৱা উপ-নিৰ্বাচনত দীৰ্ঘদিনে কংগ্ৰেছৰ দখলত থকা চামগুৰি সমষ্টিটো ৰকিবুলৰ তনয় তাঞ্জিল হুছেইনক প্ৰাৰ্থীত্ব প্ৰদান কৰাত বিজেপি দলে দখল কৰিবলৈ সক্ষম হৈছিল ৷ এইবাৰ চামগুৰি সমষ্টিৰ সচেতন ভোটাৰে পৰিয়াল কেন্দ্ৰীক ৰাজনীতিক ওফৰাবলৈ উঠি পৰি লগা পৰিলক্ষিত হৈছে। নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই সমষ্টিটোত আৰম্ভ হৈছে কংগ্ৰেছ দলৰ তীব্ৰ খহনীয়া। আব্দুল আজিজে এ আই ইউ ডি এফত যোগদান কৰাৰ পিছতে সমষ্টিটোত আব্দুল আজিজৰ সপক্ষে নিৰ্বাচনী ঢৌৰ সৃষ্টি হয়। চামগুৰি সমষ্টিত পৰিয়ালকেন্দ্ৰীক ৰাজনীতি নাইকিয়া কৰিবৰ কাৰনে কংগ্ৰেছ দলৰ পৰা কেইবাজনো উচ্চ শিক্ষিত ব্যক্তিয়ে প্ৰাৰ্থীত্ব বিচাৰিছিল যদিও দলটোৱে পুনৰাই ৰকিবুলৰ তনয় তাঞ্জিলকে প্ৰাৰ্থীত্ব প্ৰদান কৰে। একাংশ কংগ্ৰেছীয়ে তাঞ্জিল হুছেইনৰ ৰাজনৈতিক বাবে দক্ষতা আৰু যোগ্যতাৰ ওপৰতো প্ৰশ্ন উৎত্থাপন কৰে।
তাঞ্জিলৰ ‘চহী’ আৰু ৰাজহুৱা সভা সমিতিত ‘ভাষণ’ প্ৰদান কৰা লৈ ইতিমধ্যে ভোটাৰৰ মাজত সৰব চৰ্চা চলিছে। ৰাজনৈতিক অপৰিপক্ক লৰা এজন এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় পদবী কেনেকৈ পায় ? তাক লৈ সমষ্টিটোত উঠিছে অলৈখ প্ৰশ্ন। তেওঁ ভালকৈ ভাষণ দিব নোৱাৰে এইকথা চামগুৰি সমষ্টিৰ ভোটাৰ ৰাইজে ইতিমধ্যে বুজি উঠিছে তেওঁক আজিকালি ভাষণ নিদিবলৈ চাগে উপৰ মহলৰ পৰা নিৰ্দেশ আহিছে। আজিকালি ৰাজনৈতিক সভাত বিতৰ্কৰ ভয়ত এটা কথাই কয় যে “আপোনালোকে প্ৰত্যেকেই এজন এজন তাঞ্জিল হুছেইন হয়” অৰ্থাৎ যেতিয়া বিধানসভাৰ টিকটৰ কথা আহে তেতিয়া তাঞ্জিল হুছেইন এজনেই তাৰ বাহিৰে কোনেও টিকট বিচাৰিব নোৱাৰিব আৰু ভোট খোজাৰ সময়ত প্ৰত্যেকেই তাঞ্জিল। এই ধৰণৰ ভূৱা মিছা ৰাজনীতি এইবাৰ অৱসান ঘটাব বিচাৰিছে চামগুৰিবাসী ৰাইজে। কংগ্ৰেছত পিতৃৰ প্ৰভাৱৰ কাৰনে তাঞ্জিলে প্ৰাৰ্থীত্ব লাভ কৰিছে বুলি একাংশ কংগ্ৰেছীয়ে সমালোচনা কৰি কংগ্ৰেছ ত্যাগ কৰিছে। কংগ্ৰেছৰ প্ৰাৰ্থীত্ব নোপোৱা ব্যক্তি সকলে তাঞ্জিল যাতে কোনো কাৰনতে জয়ী হ’ব নোৱাৰে তাৰ বাবে উঠি পৰি লাগিছে। নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছৰ পৰা দৈনিক হাজাৰ হাজাৰ কংগ্ৰেছীয়ে দল ত্যাগ কৰি এ আই ইউ ডি এফ দলত যোগদান কৰা পৰিলক্ষিত হৈছে। বৰ্তমান চামগুৰি সমষ্টিত কংগ্ৰেছ বনাম এই আই ইউ ডি এফৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাটো এক প্ৰকাৰ খাটাং হৈ পৰিছে। এ আই ইউ ডি এফ দল পৰা আব্দুল আজিজক সমষ্টিটোত প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ লগে লগে এই আই ইউ ডি এফ দলৰ এক জোৱাৰ উঠা দৈখা গৈছে। সমষ্টিটোত ৰাজনৈতিক দৃশ্যপট ক্ৰমাৎ আকৰ্ষণীয় হৈ উঠিছে। সমষ্টিটোত একাংশ পুৰনা কংগ্ৰেছীয়ে কংগ্ৰেছ দল এৰি এ আই ইউ ডি এফ দলৰ হৈ প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে । চামগুৰি সমষ্টিৰ পুৱ-ছাইদৰীয়াকে আদি কৰি বিভিন্ন ঠাইত কংগ্ৰেছৰ কাৰ্য্যালয় ভাঙি এ আই ইউ ডি এফৰ কাৰ্য্যালয় বনোৱা দেখা গৈছে। আব্দুল আজিজ এ আই ইউ ডি এফত যোগদান কৰাৰ পূৰ্বে সমষ্টিত দলটোৰ গণভিত্তি একেবাৰে নাছিল যদিও আজিজে দলীয় প্ৰাৰ্থীত্ব পোৱাৰ পিছত চামগুৰি সমষ্টিৰটোৰ চোক-কোনে প্ৰায় শতাধিক এ আই ইউ ডি এফ দলৰ নিৰ্বাচনী কাৰ্য্যালয় মুকলি হোৱা দেখা গৈছে। আব্দুল আজিজৰ হৈ সচেতন জনতাই দিনে নিশাই ভোট ভিক্ষা খুজি সমষ্টিৰ চোকে-কোনে গুৰি থকা পৰিলক্ষিত হৈছে। ইয়াক লৈ নিদ্ৰা হৰণ কৰিছে ৰকিবুল আৰু তাঞ্জিল হুছেইনৰ। চামগুৰি সমষ্টিৰ ৫ বাৰৰ বিধায়ক তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন এজন ষ্টাৰ কেম্পেনাৰ হিচাপে অসমৰ বিভিন্ন প্ৰান্তৰ সমষ্টি সমূহত কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ চলাব লাগে । তাৰ বিপৰীতে ৰকিবুল হুছেইন ব্যস্ত নিজৰ পুত্ৰ তাঞ্জিল হুছেইনক উদ্ধাৰৰ কাৰনে দিনে ৰাতিয়ে সমষ্টিৰ চোকে-কোনে নিৰ্বাচনী প্ৰচাৰ চলাই থকা দেখা গৈছে যদিও ৰাইজৰ ইমান সহাৰি পোৱাৰ দৃষ্টি গোচৰ হোৱা নাই। চামগুৰি সমষ্টিত বিধানসভা নিৰ্বাচনত কোনজন প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভাৱনা অধিক বুলি প্ৰশ্ন কৰাত অধিকাংশ ভোটাৰে জানিবলৈ দিয়ে যে-কাৱৈমাৰী খেলপথাৰ আৰু জুৰীয়া উদমাৰীত হোৱা এ আই ইউ ডি এফৰ বিশাল জনসমাবেশে প্ৰমান কৰে যে এইবাৰ নিৰ্বাচনত আব্দুল আজিজ বিপুল ভোটত জয়ী হব। বিশেষকৈ আব্দুল আজিজ আৰু তাঞ্জিল হুছেইনৰ ভিতৰত কোনজন বিধায়ক হলে সমষ্টিৰ জনসাধাৰণৰ হৈ মাত মাতিব পাৰিব বা সমষ্টিৰ উন্নয়ন কৰিব পাৰিব তাৰ ওপৰত সচেতন ভোটাৰৰ পৰা জানিব বিচৰাত সচেতন ভোটাৰে জানিবলৈ দিয়ে যে আব্দুল আজিজ বিধায়ক হলে জনসাধাৰণৰ হৈ মাত মাতিব পাৰিব আৰু সমষ্টিৰ উন্নয়ন কৰিব পাৰিব আৰু সমষ্টিটো এ আই ইউ ডি এফৰ দখলত যাব বুলি সমষ্টিটোৰ চোকে-কোনে ভোটাৰ ৰাইজৰ মুখে মুখে শুনা গৈছে।
চামগুৰি সমষ্টিত আব্দুল আজিজৰ উত্থানে নিদ্ৰা হৰণ কৰিছে কংগ্ৰেছ-বিজেপিৰ