ডিজিটেল সেৱা,নগাঁও : অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নগাঁও জিলাত নিয়োজিত হোৱা অতিক্ষুদ্ৰ পৰ্যবেক্ষক (মাইক্ৰো অবজাৰভাৰ) সকলৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত সফলতাৰে সম্পন্ন হয়।
জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ পৰিচালনাত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ কাৰ্যসূচীত নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত সাধাৰণ পৰ্যবেক্ষক ক্ৰমে উমাশংকৰ ভাৰ্গৱ, শিবপ্ৰসাদ আই. আৰু আবু টায়েং উপস্থিত থাকি প্ৰশিক্ষাৰ্থীসকলক যাৱতীয় দিহা-পৰামৰ্শ প্ৰদান কৰে। সাধাৰণ পৰ্যবেক্ষকসকলে কয় যে, মাইক্ৰো অবজাৰভাৰ সকলৰ হৈছে নিৰ্বাচন আয়োগৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰ্যায়ৰ পৰ্যবেক্ষক। তেওঁলোকৰ জৰিয়তেই আয়োগে সমগ্ৰ প্ৰক্ৰিয়াটোৰ স্বচ্ছতা আৰু কাৰ্যকাৰিতাৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখে। সেয়েহে তেওঁলোকৰ এই ক্ষেত্ৰত দায়িত্ব আৰু কৰ্তব্য যথেষ্ট বেছি।
এই প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত ক্ষুদ্ৰ পৰ্যবেক্ষকসকলক নিৰ্বাচনৰ দিনা পালন কৰিবলগীয়া দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে বিতংভাৱে অৱগত কৰা হয়। বিশেষকৈ ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতা নিশ্চিত কৰা, ই.ভি.এম. আৰু ভি.ভি.পি.এ.টি. যন্ত্ৰৰ কাৰ্যকাৰিতা নিৰীক্ষণ কৰা আৰু নিৰ্বাচন আয়োগৰ নীতি-নিৰ্দেশনা সঠিকভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত পৰ্যবেক্ষকসকলক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হয়।
নগাঁৱত সাধাৰণ পৰ্যবেক্ষকৰ উপস্থিতিত মাইক্ৰো অবজাৰভাৰৰ প্ৰশিক্ষণ