ডিজিটেল সেৱা, নগাঁও : ‘প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা’ৰ সঠিক কাৰ্য ৰূপায়ন সন্দৰ্ভত আজি নগাঁৱত এদিনীয়া দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হয়। নগাঁও জিলা প্ৰশাসন আৰু মহিলা তথা শিশু বিকাশ বিভাগৰ যৌথ উদ্যোগত তথা ‘সংকল্প: মহিলা সবলীকৰণ কেন্দ্ৰ’ৰ সহযোগত ৰূপায়িত এই বিশেষ কাৰ্যসূচীত ‘আই.পি.ই গ্ল’বেল’ নামৰ সংস্থাটোৱেও সহযোগিতা আগবঢ়ায় । নগাঁও চহৰৰ হোটেল বিদিশাৰ সভাকক্ষত আয়োজিত এই প্ৰশিক্ষণৰ উদ্বোধনী অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত কমল জিৎ শৰ্মা আৰু জিলা সমাজ কল্যাণ বিষয়া ভোলানাথ পেগু উপস্থিত থাকে। জিলাখনৰ শিশু উন্নয়ন প্ৰকল্প বিষয়াসকল, অঙ্গনবাড়ী কেন্দ্ৰৰ ছুপাৰভাইজাসকলৰ লগতে জিলাৰ ‘পোষণ অভিযান’ৰ খণ্ড সমন্বয়ক সকলৰ বাবে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচীত আই.পি.ই গ্ল’বেল নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ কেবাগৰাকী বিশেষজ্ঞ ব্যক্তিয়ে সমল ব্যক্তি হিচাপে পৰিচালনা কৰে।

এই কাৰ্যসূচীৰ এক অন্যতম গুৰুত্বপূৰ্ণ অংশ হিচাপে, নগাঁও জিলাৰ অধীনস্থ সংহত শিশু উন্নয়ন সেৱা আঁচনি প্ৰকল্পসমূহৰ ক্ষেত্ৰ বিষয়াসকলে ‘প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা’ আঁচনিখন তৃণমূল পৰ্যায়ত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত দৈনন্দিন সন্মুখীন হোৱা বিভিন্ন সমস্যা আৰু প্ৰত্যাহ্বানসমূহৰ সন্দৰ্ভতো এক চমু পৰ্যালোচনা আৰু ফলপ্ৰসূ আলোচনা কৰা হয়। এই প্ৰশিক্ষণে জিলাখনত সমাজ কল্যাণ বিভাগৰ অধীনৰ শিশু আৰু মাতৃৰ বাবে ৰূপায়িত আঁচনিসমূহৰ সঠিক কাৰ্য ৰূপায়ণ প্ৰক্ৰিয়াক অধিক খৰতকীয়া আৰু ফলপ্ৰসূ কৰি তুলিব বুলি আশা কৰা হৈছে।