নগাঁও প্ৰিন্ট মিডিয়া এচ’চিয়েছনৰ জিলা আয়ুক্তক সাক্ষাৎ

ডিজিটেল সেৱা, নগাঁও : নগাঁও প্ৰিন্ট মিডিয়া এচ’চিয়েছনৰ এটি সজাতি দলে জিলা খনৰ নৱ নিযুক্ত জিলা আয়ুক্ত আৰণ্যক শইকীয়াক তেখেতৰ কাৰ্যালয়ত সাক্ষাৎ কৰে। এচ’চিয়েছনৰ তৰফৰ পৰা জিলা আয়ুক্ত গৰাকীক গামোচা, চেলেং আৰু ফুলাম জাপিৰে সম্বৰ্ধনা জনোৱা হয়।

জিলা আয়ুক্ত গৰাকীয়ে নগাঁও প্ৰিন্ট মিডিয়া এচ’চিয়েছনৰ সাংবাদিক সকলৰক ধন্যবাদ জ্ঞাপন কৰি অনাগত দিনত জিলা খনৰ উন্নয়নৰ স্বাৰ্থত গঠনমূলক দিহা পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনায়। তেওঁ কয় যে, ইতিমধ্যে তেওঁৰ ম’বাইল নম্বৰটো সাংবাদিক সকলক দিয়া হৈছে। গতিকে কিবা খবৰ আৰু সমস্যা সংক্ৰান্তীয় বিষয়ত তেওঁলৈ প্ৰত্যক্ষ ভাৱে ফোন কৰিব পাৰে অথবা মেচেজ প্ৰেৰণ কৰিব পাৰে।

নগাঁও প্ৰিণ্ট মিডিয়া এছ’চিয়েশ্বনৰ হৈ কনক হাজৰিকা ,হেমেন কুমাৰ দাস ,অজয় মাহাতু ,ফাইজুৰ ৰহমান , হৰেশ্বৰ বৰা ,মুৰুলী বৰুৱা , নাজিম আহমেদ ,বিৰিঞ্চি ডেকা, ছফিকুৰ ৰহমান ,বিকাশ শৰ্মা ,মিজু বৰা , ওৱাহিদুদ জামান , মিণ্টু দাস আদিয়ে নৱ নিযুক্ত জিলা আয়ুক্ত গৰাকীক সাক্ষাৎ কৰে।

Related Articles