ডিজিটেল সেৱা, নগাঁও: সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগৰ দ্বাৰা নগাঁও জিলাৰ বাবে নিযুক্ত দুজন পৰ্যবেক্ষকে আজি জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে নিৰ্বাচনী প্ৰস্তুতিৰ পৰ্যালোচনা চলায়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত এই উচ্চস্তৰীয় বৈঠকত জিলাখনৰ বাবে সাধাৰণ পৰ্যবেক্ষক হিচাপে নিয়োজিত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া অমৰ কুশাৱহা আৰু ব্যয় পৰ্যবেক্ষক ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া বাসুকী নাথ ঝাই সম্পূৰ্ণ নিৰ্বাচনী পৰ্যালোচনা চলায়।বৈঠকৰ আৰম্ভণিতে জিলা আয়ুক্তই এক পাৱাৰ পইণ্ট উপস্থাপনাৰ জৰিয়তে সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়াটো সূচাৰুৰূপে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে হাতত লোৱা সৱল প্ৰস্তুতিসমূহ বিশদভাৱে ব্যাখ্যা কৰে। তেখেতে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহৰ বিস্তৃত তথ্য দাঙি ধৰি ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ প্ৰস্তুতি, সংবেদনশীল আৰু অতি সংবেদনশীল কেন্দ্ৰসমূহৰ সুৰক্ষা ব্যৱস্থাৰ কথা উল্লেখ কৰে। ইয়াৰোপৰি, ভোটগ্ৰহণ সামগ্ৰী বিতৰণ, ভোটগ্ৰহণৰ অন্তত নথি-পত্ৰ জমা দিয়াৰ প্ৰক্ৰিয়া আৰু ইভিএম সুৰক্ষিতভাৱে সংৰক্ষণৰ বাবে চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় আৰু ডশ্বন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত স্থাপন কৰিবলগীয়া ‘ষ্ট্ৰং ৰুম’ সম্পৰ্কে বিশদ তথ্য প্ৰকাশ কৰে। লগতে, নিৰ্বাচনী কৰ্মচাৰীসকলৰ নিৰপেক্ষতা আৰু স্বচ্ছতা নিশ্চিত কৰিবলৈ কাইলৈ অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ যাদিচ্ছিকীকৰণ (ৰেন্দমাইজেশ্যন) প্ৰক্ৰিয়াৰ বিষয়ে বৈঠকত অৱগত কৰা হয়। তেওঁ জনোৱা মতে এই নিৰ্বাচনৰ বাবে প্ৰায় আঠ হাজাৰ বিষয়া-কৰ্মচাৰী নিয়োগ কৰা হৈছে। ইতিমধ্যে নিৰ্বাচনৰ বাবে প্ৰতিটো কোষেই সক্ৰিয় হৈ পৰিছে বুলিও তেওঁ অৱগত কৰে। এই একেখন বৈঠকত জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি. ভি. ৰাকেশ ৰেড্ডীয়ে নিৰ্বাচনৰ দিনটোত আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ, সংবেদনশীল অঞ্চলসমূহত নিৰাপত্তা বাহিনীৰ নিয়োগ আৰু সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ দ্বাৰা গ্ৰহণ কৰা পদক্ষেপসমূহৰ সবিশেষ ব্যাখ্যা দাঙি ধৰে। বৈঠকত সাধাৰণ পৰ্যবেক্ষক কুশৱহাই ভোটগ্ৰহণ কাৰ্যত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলৰ সঠিক প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ নিৰ্বাচন আয়োগৰ নিৰ্দেশনাৱলীসমূহ আখৰে আখৰে পালন কৰি মুক্ত, নিকা আৰু ভয়মুক্ত পৰিৱেশত নিৰ্বাচন অনুষ্ঠিত কৰাৰ লগতে নিৰ্বাচনী কৰ্তব্যত নিয়োজিত সকলো বিষয়া-কৰ্মচাৰীক পাৰস্পৰিক সমন্বয়ৰে দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়। একেদৰে ব্যয় পৰ্যবেক্ষক বাসুকী নাথ ঝাই নিৰ্বাচনী ব্যয় নিৰীক্ষণৰ গুৰুত্ব ব্যাখ্যা কৰি প্ৰাৰ্থীসকলৰ নিৰ্বাচনী খৰচৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ সংশ্লিষ্ট কোষটোক নির্দেশ দিয়ে। তেখেতে বৈধ নিয়ম বহিৰ্ভুত খৰচ বা প্ৰলোভনমূলক সামগ্ৰী বিতৰণৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ পোষকতা কৰে। বৈঠকত অতিৰিক্ত আয়ুক্তসকল, সহকাৰী আয়ুক্তসকল, নিৰ্বাচন বিষয়া আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া উপস্থিত থাকে। এই বৈঠকৰ পিছতে দুয়োগৰাকী পৰ্যবেক্ষকে জিলা আয়ুক্তৰ কাৰ্যালয়ত নিৰ্বাচনৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ স্থাপন কৰা বিভিন্ন নিৰ্বাচনী কোষসমূহ পৰিদৰ্শন কৰে। তেখেতেসকল মনোনয়ন কোষ, এম.চি.এম.চি. কোষ, কৰ্মী প্ৰশাসন কোষ, ব্যয় নিৰীক্ষণ কোষ আৰু সংবাদ মাধ্যম নিৰীক্ষণ কোষ আদি পৰিদৰ্শন কৰি কৰ্মচাৰীসকলৰ কাম-কাজৰ বুজ লয় আৰু প্ৰয়োজনীয় পৰামৰ্শ প্ৰদান কৰে।
নগাঁৱত নিৰ্বাচন আয়োগৰ পৰ্যবেক্ষকে নিৰ্বাচনী প্ৰস্তুতিৰ পৰ্যালোচনা চলায়