নগাঁও-মৰিগাওঁ জিলাৰ যৌথ সভাত আলোচনাত বহিল ডিচি-এছপি

ডিজিটেল সেৱা: নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰস্তুতি আৰু নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰশাসনিক বিষয়সমূহৰ ওপৰত সৱল আৰু ফলপ্ৰসূ পৰ্যালোচনা আগবঢ়োৱাৰ উদ্দেশ্যে কালি নগাঁও আৰু মৰিগাঁও জিলাৰ আয়ুক্তদ্বয় আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকদ্বয়ৰ মাজত এখন যৌথ গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই উচ্চস্তৰীয় প্ৰশাসনিক সভাত সমাগত নিৰ্বাচনৰ প্ৰতিটো দিশ সূচাৰুৰূপে সম্পাদন কৰাৰ বাবে এক বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰা হয়। নগাঁও জিলাৰ জিলা আয়ুক্ত তথা এই নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়া আৰণ্যক শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মৰিগাঁও জিলাৰ আয়ুক্ত সৃষ্টি সিং, নগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি. ভি. ৰাকেশ ৰেড্ডী আৰু মৰিগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নিশান্ত সৌৰভো উপস্থিত থাকে। উল্লেখযোগ্য যে এই নগাঁও লোকসভা সমষ্টিত নগাঁও জিলাৰ ৫ টা আৰু মৰিগাও জিলাৰ ৩ টা বিধানসভা সমষ্টি অন্তৰ্ভুক্ত হৈ আছে। বৈঠকত আগন্তুক উপ-নিৰ্বাচনৰ প্ৰস্তুতিৰ বিভিন্ন দিশসমূহৰ ওপৰত বিষদভাৱে আলোকপাত কৰা হয়। বিশেষকৈ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ প্ৰস্তুতি, নিৰ্বাচনী সামগ্ৰীৰ বিতৰণ ব্যৱস্থা, ভোটগণনা কেন্দ্ৰৰ সুৰক্ষা তথা প্ৰয়োজনীয় মানৱ সম্পদৰ সঠিক পৰিচালনা সম্পৰ্কে সৱিস্তৰে আলোচনা কৰা হয়। সভাত নিৰ্বাচনৰ দিনটোত আইন-শৃংখলা পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰাখিবলৈ গ্ৰহণ কৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থা আৰু সংবেদনশীল এলেকা সমূহত আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা বলবৎ কৰা বিশেষ নিৰাপত্তা প্ৰট’কলসমূহৰ বিষয়েও আলোচনা কৰা হয়। সভাত নগাঁও আৰু মৰিগাঁও জিলা প্ৰশাসনৰ অতিৰিক্ত আয়ুক্তসকল, সহকাৰী আয়ুক্তসকল, নিৰ্বাচন বিষয়াৰ লগতে আৰক্ষী বিভাগৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলেও অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে কালি সন্ধিয়া নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি জিলাখনৰ ৰাজনৈতিক দলৰ প্ৰতিনিধিসকল উপস্থিতিত এখন গুৰুত্বপূৰ্ণ প্ৰস্তুতিমূলক সভা অনুষ্ঠিত হয়। জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত সভাখনত নিৰ্বাচনী প্ৰক্ৰিয়াটো সম্পূৰ্ণ শান্তিপূৰ্ণ, নিকা আৰু স্বচ্ছতাৰে সম্পন্ন কৰাৰ বাবে সকলো পক্ষৰ সহযোগিতা নিশ্চিত কৰাৰ উদ্দেশ্যৰে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বিশেষ সভাত আয়ুক্তগৰাকীয়ে নিৰ্বাচন আয়োগৰ দ্বাৰা নিৰ্ধাৰিত আদৰ্শ নিৰ্বাচনী বিধি সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে কঠোৰভাৱে পালন কৰিব লাগিব বুলি প্ৰকাশ কৰে। তেখেত কয় যে, নিৰ্বাচনী বিধি উলংঘা কৰাৰ যিকোনো ঘটনা প্ৰতিহত কৰিবলৈ আয়োগে প্ৰস্তুত কৰা cVIGIL এপৰ ব্যৱহাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে, যাৰ জৰিয়তে সাধাৰণ নাগৰিক বা দলসমূহে কোনো অবৈধ কাৰ্যকলাপৰ তাৎক্ষণিক তথ্য প্ৰমাণসহ প্ৰশাসনক অৱগত কৰিব পাৰিব।

Related Articles