◆জমিৰ উদ্দিন তালুকদাৰ◆
উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ ইছলামী আৰু আধুনিক শিক্ষাৰ পীঠস্থান জামিয়া অসম দাৰুল হাদীছ জয়নগৰত শিক্ষাৰ ক্ষেত্ৰত নতুনকৈ জামিয়া জয়নগৰ টেলেন্ট-৩০ৰ আজি আনুষ্ঠানিক উদ্বোধন কৰা হয়৷ জামিয়া অসম দাৰুল হাদীছ জয়নগৰৰ পৰিচালনা সমিতিৰ সভাপতি হবিব মোহাম্মদ চৌধুৰীৰ নেতৃত্বত লোৱা কাৰ্যকৰী সমিতিৰ সিদ্ধান্ত অনুসৰি চলিত শিক্ষা বৰ্ষৰ পৰা জামিয়াত মাদ্ৰাছা শিক্ষাৰ সমানে অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ অধীনত অষ্টম শ্ৰেণীৰ পৰা পাঠদান আৰম্ভ হৈছে৷ মাদ্ৰাছাৰ বিভিন্ন ক্লাছৰ ছাত্ৰৰ মাজৰ পৰা বাচনি কৰি ৩৫ গৰাকী ছাত্ৰক লৈ জামিয়া জয়নগৰ টেলেন্ট-৩০ নামৰ নতুন প্ৰকল্পটিৰ উদ্বোধন কৰা হয়৷ এই উপলক্ষে মাদ্ৰাছা চৌহদত এক পৰিচয়মূলক অনুষ্ঠানৰ আয়োজন কৰা হয়৷ মাদ্ৰাছাৰ কাৰ্যকৰী সমিতিৰ সদস্য জমিৰ উদ্দিন তালুকদাৰে আঁত ধৰা অনুষ্ঠানটিত মাদ্ৰাছাৰ সম্পাদক মৌলানা তৈয়বুৰ ৰহমান কাছিমী চাহাব, অধ্যক্ষ মৌলানা সামচুল হক চাহাব, কাৰ্যকৰী সমিতিৰ সদস্য আব্দুল কাদিৰ, শিক্ষা উপ সমিতিৰ সদস্য ফিৰোজ আহমেদ লস্কৰে বক্তব্য প্ৰদান কৰে৷ সভাখনত উপস্থিত থাকে মাদ্ৰাছাৰ সহকাৰী সম্পাদক তথা শিক্ষা সচিব মৌলানা বাহাৰ উদ্দিন বাহাৰ৷ আজিৰ পৰা জামিয়া জয়নগৰত আনুষ্ঠানিকভাৱে আগন্তুক শিক্ষা বৰ্ষৰ বাবে অষ্টম শ্ৰেণীৰ পাঠদান আৰম্ভ কৰা হয়৷