১ জুলাইত অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি

ডিজিটেল সেৱা: ১ জুলাইত অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি । তিনিদিনীয়া কাৰ্যসূচীৰে আহিব জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী। এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে মন্ত্ৰী নীলিমা দেৱীয়ে।গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ভাৰত–জাপানৰ উচ্চ পৰ্যায়ৰ সন্মিলনত অংশগ্ৰহণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী টাকাইচিয়ে ৷ উল্লেখ্য যে, ৬ বছৰ পাছত পুনৰ অসমলৈ আহিবলৈ সাজু হৈছে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী। ১ জুলাই পৰা ৩ জুলাইলৈ গুৱাহাটীত হ’ব ভাৰত জাপানৰ মাজত দ্বিপাক্ষিক বৈঠক। এই বৈঠকখনৰ বাবেই ১ জুলাইত গুৱাহাটীত উপস্থিত হ’ব জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী। ইপিনে ২ জুলাইত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। লগতে ২ আৰু ৩ জুলাইত দুই দেশৰ প্ৰধানমন্ত্ৰী দুগৰাকী বহিব দ্বিপাক্ষিক বৈঠকত। এই বৈঠকত হয়টো ভাৰত-জাপানৰ মাজত কেইবাখনো বুজাবুজি চুক্তি সম্পন্ন হোৱাৰ সম্ভাৱনা আছে।

Related Articles