ডিজিটেল সেৱা, জুৰীয়া: নগাঁও চাইল্ড ডেভেলপমেণ্ট ছ’চাইটিৰ উদ্যোগত আৰু পিপলচ্ ৱেলফিয়াৰ এণ্ড স্কিল এম্পাৱাৰমেণ্ট ফাউণ্ডেশ্যনৰ সহযোগত আয়োজিত স্বাস্থ্যসেৱা আৰু জীৱবিজ্ঞান ইণ্টাৰ্নশ্বিপ কাৰ্যসূচীৰ অংশ হিচাপে জুৰীয়া মহাবিদ্যালয়ৰ ইণ্টাৰ্নসকলে দগাঁও আদৰ্শ চিকিৎসালয় ভ্ৰমণ কৰে।ভ্ৰমণকালত ইণ্টাৰ্নসকলে চিকিৎসালয়ৰ বিভিন্ন বিভাগ পৰিদৰ্শন কৰি ৰক্ত পৰীক্ষা, HIV/AIDS পৰীক্ষা, প্ৰাথমিক স্বাস্থ্যসেৱা আৰু ৰোগী সেৱা সম্পৰ্কে ব্যৱহাৰিক জ্ঞান লাভ কৰে। উক্ত কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰাত এছডিএম জঃ আঃ ফাৰুকী, ডাঃ মুখতাৰ হুছেইন আৰু লেব টেকনিচিয়ানসকলৰ আন্তৰিক সহযোগিতা বিশেষভাৱে উল্লেখযোগ্য।
নগাঁও চাইল্ড ডেভেলপমেণ্ট ছ’চাইটিৰ ইণ্টাৰ্নসকলৰ দগাঁও চিকিৎসালয় ভ্ৰমণ