ডিজিটেল সেৱা,নগাঁও: পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ পথৰ দাঁতিত অচেতন অৱস্থাত পৰি থকা এজন লোকক উদ্ধাৰ কৰি নিজৰ বাহনেৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰি মানৱীয়তাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিলে নগাঁৱৰ নৱনিৰ্বাচিত সাংসদ দেৱাশীষ শৰ্মাই।জানিব পৰা মতে, পুৱাই নগাঁৱৰ পৰা মৰিগাঁও অভিমুখে যাত্ৰা কৰি থকা সময়তে পথৰ দাঁতিত দুৰ্ঘটনাত পতিত হৈ এজন লোক অচেতন অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে দেৱাশীষ শৰ্মাই। পথৰ দাঁতিত মুমূৰ্ষু অৱস্থাত পৰি থকা লোকজনক দেখি তেওঁ নিজৰ বাহন ৰখাই তৎক্ষণাৎ উদ্ধাৰৰ বাবে আগবাঢ়ি যায়। সেই সময়ত আহত লোকজনক তৎকালীন চিকিৎসাৰ ব্যৱস্থা কৰাটো যে অত্যন্ত জৰুৰী, সেয়া উপলব্ধি কৰি সাংসদগৰাকীয়ে নিজেই লোকজনক উদ্ধাৰ কৰাৰ দায়িত্ব গ্ৰহণ কৰে।কেৱল বাহন ৰখাই খবৰ লোৱাতে ক্ষান্ত নাথাকি সাংসদ দেৱাশীষ শৰ্মাই নিজে আহত লোকজনক বোকোচাত তুলি পথৰ পৰা উদ্ধাৰ কৰে। পৰৱৰ্তী সময়ত নিজৰ লগত যোৱা বাহনখনেৰেই তেওঁ আহত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। দুৰ্ঘটনাৰ পিছত অসহায় অৱস্থাত পথৰ দাঁতিত পৰি থকা লোকজনৰ বাবে সেই মুহূৰ্তত সাংসদগৰাকীৰ এই তৎপৰতাই যথেষ্ট গুৰুত্ব বহন কৰে। পথ দুৰ্ঘটনাৰ পিছত সময়মতে চিকিৎসা লাভ কৰাটো আহত ব্যক্তিৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। এনে পৰিস্থিতিত পথৰ দাঁতিত অচেতন অৱস্থাত পৰি থকা লোক এজনক প্ৰত্যক্ষ কৰাৰ পিছত নিজৰ যাত্ৰা অথৱা অনুষ্ঠানৰ কথা চিন্তা নকৰি তেওঁক উদ্ধাৰৰ বাবে আগবাঢ়ি অহা দেৱাশীষ শৰ্মাৰ পদক্ষেপে মানৱীয় দায়বদ্ধতাৰ এক ইতিবাচক বাৰ্তা বহন কৰিছে।ৰাজনৈতিক পৰিচয় আৰু সাংসদ হিচাপে লাভ কৰা মৰ্যাদাৰ বাহিৰেও এগৰাকী সাধাৰণ মানুহ হিচাপে বিপদত পৰা আন এজন লোকৰ কাষত থিয় দিয়াৰ এই পদক্ষেপে বিশেষ তাৎপৰ্য বহন কৰিছে। সংকটৰ মুহূৰ্তত সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি অহাটোৱেই যে প্ৰকৃত মানৱতা, সেই কথাকে যেন নিজৰ কাৰ্যৰ মাজেৰে প্ৰতিফলিত কৰিলে নৱনিৰ্বাচিত সাংসদগৰাকীয়ে।দুৰ্ঘটনাত আহত লোকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা এই ঘটনাই পুনৰ এবাৰ সোঁৱৰাই দিলে যে পথ দুৰ্ঘটনাৰ দৰে জৰুৰী পৰিস্থিতিত আহত ব্যক্তিক অৱহেলা নকৰি তাৎক্ষণিক সহায় আগবঢ়োৱাটো প্ৰতিগৰাকী নাগৰিকৰ মানৱীয় দায়িত্ব। দেৱাশীষ শৰ্মাৰ এই পদক্ষেপে ৰাজহুৱা জীৱনত মানৱীয় সংবেদনশীলতা আৰু সামাজিক দায়বদ্ধতাৰ গুৰুত্বকো প্ৰতিপন্ন কৰিছে।
দূৰ্ঘটনাগ্ৰস্তক বোকোচাত তুলি চিকিৎসালয়লৈ প্ৰেৰণ সাংসদ দেৱাশীষ শৰ্মাৰ