ডিজিটেল সেৱা,গেলেকী:– অধ্যৱসায়ৰ দীপ্তি আৰু অদম্য মনোবলৰ সমন্বয়ত অৰ্জিত সাফল্য কেৱল এজন ব্যক্তিৰ ব্যক্তিগত কৃতিত্ব নহয়, ই সমগ্ৰ সমাজৰ গৌৰৱ আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস। এনে এক গৌৰৱোজ্জ্বল কৃতিত্বৰ পৰিচয় দিছে নামতি শালকাঠনি গাঁৱৰ অনিল দত্ত আৰু ইনুমা দত্তৰ সুযোগ্য পুত্ৰ আকাশ ৰঞ্জন দত্তই।মেধাৱী ছাত্ৰ আকাশ ৰঞ্জন দত্তই শেহতীয়াকৈ সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত NEET পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। ছাত্ৰ অৱস্থাৰ পৰাই অতিকৈ অধ্যৱসায়ী আৰু মেধাসম্পন্ন আকাশৰ শিক্ষাজীবনৰ আৰম্ভণি হৈছিল নামতি কৰণাসাগৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পৰা। প্ৰাথমিক শিক্ষা সমাপ্ত কৰি তেওঁ ২০১৩ চনত নামতি বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰে। বিদ্যালয়খনৰ পৰাই ২০২২ চনত উচ্চ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ তেওঁ বিজ্ঞান শাখাত শিক্ষা গ্ৰহণ কৰি ২০২৪ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হয়।
এই কৃৰ্তিমান ছাত্ৰজনৰ সাফল্যত উৎফুল্লিত হৈ স্থানীয় ৰাইজে তেওঁক সন্মান জনাবলৈ শালকাঠনি গাঁৱৰ ৰাজহুৱা নামঘৰত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। উক্ত অনুষ্ঠানত গাঁৱৰ ৰাইজৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ নামতি আঞ্চলিক সমিতি আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে আকাশ ৰঞ্জন দত্তক ফুলাম গামোচা, শৰাই আৰু মানপত্ৰৰে উষ্ণ সম্বৰ্ধনা জ্ঞাপন কৰে। স্থানীয় ৰাইজে ছাত্ৰজনৰ উত্তৰোত্তৰ উন্নতি আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।
নীট পৰীক্ষাত সফলতা অৰ্জন কৰা আকাশ ৰঞ্জন দত্তক উষ্ণ সম্বৰ্ধনা